Logo
image

পহিলা আগষ্টৰ পৰা দৃশ‍্য গ্ৰহণ কৰা হ'ব নতুন অসমীয়া ছবি 'খাকী'

'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক, গুৱাহাটীঃ  এ বি চি ডিৰ বেনাৰত এখন নতুন অসমীয়া ছবি 'খাকী' নিৰ্মাণ কৰাৰ যো-জা চলিছে। এখন ৰাজনৈতিক থ্ৰীলাৰৰ লগতে এটা খুব সুন্দৰ কাহিনীৰে 'খাকী' ছবিখনৰ চিত্রনাট‍্য আৰু পৰিচালনা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাৰ। উল্লেখযোগ্য যে গুৱাহাটীৰ জ্যোতি চিত্ৰবনত শনিবাৰে অনুষ্ঠিত এখন সংবাদ মেলত ছবিখনৰ কথা সদৰী কৰে জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই। তেওঁ কয় যে  পহিলা আগষ্টৰ পৰা 'খাকী' ছবিখনৰ দৃশ্য গ্ৰহণ কৰা হ'ব। উল্লেখ্য যে ৰাজনৈতিক থ্ৰীলাৰ ছবিখন ২০২৬ চনৰ ব'হাগ বিহুৰ পূৰ্বেই মুক্তি লাভ কৰিব। তদুপৰি ছবিখনৰ বাবে প্ৰায় ডেৰ কোটি টকা বাজেট ধাৰ্য কৰা হৈছে। আনহাতে 'খাকী' ছবিখনত  ২০০ গৰাকী শিল্পীয়ে অভিনয় কৰিছে।  উল্লেখযোগ্য যে এজন সাংবাদিক হোৱাৰ উপৰিও অতনু ভূঞাৰ নাটকৰ সৈতে এক নিৱিড় সম্পৰ্ক আছে। 'উন্মাদৰ দেশ', 'ৰে'লগাড়ী চলিছে', 'বেতাল কথা', 'হঠাৎ এনিশা' আদি বহু জনপ্ৰিয় নাটকৰ নাট্যকাৰ তথা পৰিচালক অতনু ভূঞাই ইতিমধ্যে 'মুখ' নামৰ ব্যতিক্ৰমী ধাৰাবাহিকৰ কাহিনী আৰু চিত্ৰনাট্যও ৰচনা কৰিছিল।  এজন সু-অভিনেতা অতনু ভূঞাৰ পৰিকল্পনাৰে 'খাকী' নামৰ ছবিখনৰ জৰিয়তে সাম্প্ৰতিক ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটৰ এক জ্বলন্ত ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।


এই ছবিখনৰ এক বিশেষত্ব এয়ে যে এই ছবিখনত অভিনয় কৰা গৰিষ্ঠ সংখ্যক অভিনেতা-অভিনেত্ৰী এমেচাৰ নাটকৰ ক্ষেত্ৰখনৰ অভিজ্ঞতাৰে পুষ্ট, য'ত বহু অভিনেতা-অভিনেত্ৰী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰো স্নাতক। ছবিখনৰ এক বিশেষ চৰিত্ৰত অভিনয় কৰিব বিশিষ্ট অভিনেতা অৰুণ নাথে। আনহাতে ছবিখনৰ শব্দ সংযোজন অসম সন্তান অমৃত প্রীতমৰ। এই ছবিখনত সংগীত পৰিচালনা আৰু আৱহ সংগীত মুম্বাইৰ প্ৰতিষ্ঠিত ডেনিয়েল বি জর্জে। 'আন্ধাখুন', 'ৱাৰ', 'থ্ৰী-ইডিয়টছ', 'ৰাম সেতু' আদিৰ দৰে বহু চুপাৰ হিট ছবিত সংগীত পৰিচালনা কৰি যথেষ্ট খ্যাতি অৰ্জন কৰিছে ডেনিয়েল বি জর্জে। ছবিখনৰ চিত্ৰ গ্ৰহণ কৰিব চিনেমেটোগ্রাফাৰ প্রদীপ দৈমাৰীয়ে। ছবিখনৰ সম্পাদনা ৰূপাংকৰ দাসৰ। ছবিখনত সহকাৰী পৰিচালক হিচাপে থাকিব জয়ন্ত কুমাৰ ডেকা, বিবেক বৰুৱা, উৎপল শর্মা আৰু পৰী ভূঞা। ৰূপসজ্জা বাবলু বৈশ্যৰ আৰু সাজসজ্জা মন্দিৰা গগৈৰ।  ছবিখনৰ কলা-নিৰ্দেশনা ভাস্কৰৰ। 'খাকী'ৰ প্রযোজনা নিয়ন্ত্রণ অনন্ত বড়াৰ। ছবিখনৰ দুটি গীতত কণ্ঠদান কৰিব জুবিন গাৰ্গ, জয় বৰুৱা আৰু অনুজা ভূঞাই। ছবিখনত অভিনয় কৰিবলগীয়া অভিনয় শিল্পীসকল হ'ল জাহানাৰা বেগম, পৱন গায়ন, শ্রেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, দ্বীপজ্যোতি ডেকা, নৱ নাথ আৰু পদ্মৰাগ গোস্বামীয়ে।