Logo
image

নিৰ্বাচনৰ ফলাফল ঘোষণাত হ’ব বিলম্ব!

আমাৰ অসম, ২৯ এপ্ৰিলঃ ক’ভিডৰ ভয়াৱহতাৰ মাজতে ২ মে’ত নিৰ্বাচনী ফলাফল প্ৰকাশৰ বাবে সাজু হৈছে দেশৰ নিৰ্বাচন আয়োগ৷ ক’ভিড বিধি পালন কৰি ২ মে’ত ভোট গণনাৰ বাবে নিৰ্বাচনী কতৃৰ্পক্ষক সাজু হ’বলৈ দেশৰ নিৰ্বাচন আয়োগে আহ্বান জনাইছে৷ পশ্চিম বংগ, তামিলনাডু, কেৰালা, পুডুচেৰী আৰু অসমত ২ মে’ত একে সময়তে আৰম্ভ হ’ব ভোট গণনা পৰ্ব৷ ভোট গণনা সন্দৰ্ভত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বুধবাৰে ক’ভিড এছ অ’ পি জাৰি কৰিছে৷ ক’ভিড নিগেটিভ ৰিপ’ৰ্ট অবিহনে কোনো ব্যক্তিকেই ভোট গণনা কক্ষত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ ভোট গণনাৰ ৪৮ ঘণ্টাৰ ভিতৰত নিৰ্বাচন আয়োগে নিয়োজিত কৰা সকলো কৰ্মচাৰীয়ে ক’ভিড পৰীক্ষা কৰি নিগেটিভ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰিছে৷ ক’ভিড পৰিস্থিতিৰ বাবেই এইবাৰ নিৰ্বাচনী ফলাফল প্ৰকাশত কিছু পলম হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ কিয়নো ভোট গণনা কক্ষত সামাজিক ব্যৱধানত গুৰুত্ব আৰোপ কৰাত ‘কাউণ্টিং টেবুল’ৰ সংখ্যা হ্ৰাস কৰিব৷ অৰ্থাৎ এটা গণনা কক্ষত ৫০ শতাংশহে টেবুল ৰখাৰ ব্যৱস্থা কৰিছে নিৰ্বাচনী কতৃৰ্পক্ষই৷ অৱশ্যে, টেবুলৰ সংখ্যা হ্ৰাস কৰিব লগা হোৱাত গণনা কক্ষৰ সংখ্যা বৃদ্ধি কৰিছে যদিও কেইবাখনো জিলাত ফলাফল প্ৰকাশত পূৰ্বৰ তুলনাত পলম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে নিৰ্বাচন আয়োগে৷ স্বাস্থ্য বিভাগে নিৰ্বাচনী ভোট গণনাত সৰ্বাধিক ৩৫ হাজাৰ বিষয়া-কৰ্মচাৰী নিয়োগ কৰিব লাগিব বুলিও এছ অ’ পিত উল্লেখ কৰিছে৷ আনহাতে, ভোট গণনা কক্ষত ১০৮ এম্বুলেন্স সেৱা সাজু কৰি ৰাখিবলৈও নিৰ্দেশ দিছে৷ ইপিনে, এন এইচ এমৰ সঞ্চালক ড॰ লক্ষ্মণন আৰু স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞাক নডেল বিষয়া হিচাপে নিয়োগ কৰিছে৷ আনহাতে, নিৰ্বাচন আয়োগে এটা নিৰ্দেশনাযোগে ভোট গণনা কক্ষত প্ৰতি দুজন কাউণ্টিং এজেণ্টৰ বিপৰীতে এজনে পি পি ই কিট বাধ্যতামূলকভাৱে পৰিধান কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছে৷