
কৰ্ণাটকক ৩,৫২৮ কোটি দি অসমক মাত্ৰ ২৯ কোটি টকা
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ আগষ্টঃ লংকালৈ যিয়ে যায়, সিয়ে ৰাৱণ হয়৷– এই প্ৰবাদ ফাঁকিৰ যেন পুনৰবাৰ সত্য প্ৰমাণিত হৈছে৷ কেন্দ্ৰত যি দলেই চৰকাৰ গঠন নকৰক লাগে, প্ৰতিখন চৰকাৰে অসমক সদায় মাহী আইৰ দৃষ্টি নিক্ষেপ কৰি আহিছে৷ অসমৰ উন্নয়নৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ আৰু বিজেপি নেতৃত্বাধীন এনডিএ– কোনো এখন চৰকাৰৰে পাৰ্থক্য নাই৷ কিয়নো অসমত বানপানীয়ে প্ৰতিবছৰে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰি আহিছে যদিও ৰাজ্যৰ বান সমস্যাৰ সমাধানৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে কেতিয়াও যে গুৰুত্ব দিয়া নাই, সেয়া ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ ধনৰ আৱণ্টনৰ তথ্যই স্পষ্ট কৰিছে৷ চলিত বৰ্ষত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত খৰাং পৰিস্থিতিৰ বাবে বান বিভীষিকাময় পৰিস্থিতিৰ পৰা ৰাজ্যবাসীয়ে সামান্য সকাহ পালেও বিগত ২০২৪ বৰ্ষত অসমত বানপানীত ১২১জন লোকৰ কৰুণ মৃত্যু হৈছিল৷ তদুপৰি ৭ হাজাৰ পশু-পক্ষীৰ মৃত্যু হোৱাৰ লগতে প্ৰলয়ংকাৰী বানত সম্পূৰ্ণৰূপে বিধবস্ত হৈছিল ৭,৭৯৭টা বাসগৃহ৷ একেদৰে সেই বছৰৰ বানত ৪১টা মথাউৰি ছিঙি যোৱাৰ লগতে ২ হাজাৰৰো অধিক পথৰ ক্ষয়-ক্ষতি হৈছিল৷ ২০২৪ বৰ্ষৰ বানত অসমৰ মুঠ ক্ষতিৰ পৰিমাণ আছিল ৫৩৪.৪৫ কোটি টকা৷ এই ক্ষয়-ক্ষতিৰ সাহাৰ্য বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ ডাবল ইঞ্জিন বিজেপি চৰকাৰে কেন্দ্ৰলৈ বাৰম্বাৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও ইয়াৰ বিপৰীতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৪-২৫ বৰ্ষত অসমক ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা ক্ষতিপূৰণ হিচাপে আগবঢ়াইছিল মাত্ৰ ২৯.০২ কোটি টকা৷ অৰ্থাৎ কণা হাঁহক পতান দিয়াৰ দৰেই অসমক এনডিআৰএফৰ শিতানৰ পৰা ২৯ কোটি মোকলাই দিয়েই অসমপ্ৰেমৰ নমুনা দাঙি ধৰে মোদী চৰকাৰে৷ অথচ উক্ত বৰ্ষটোত ঘূৰ্ণী বতাহত বিধবস্ত কৰ্ণাটকক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ পৰা ক্ষতিপূৰণ হিচাপে আগবঢ়াইছিল ৩৫২৮.৪৫ কোটি টকা৷
কৰ্ণাটকেই নহয়, ২০২৩-২৪ বৰ্ষত এনডিআৰএফ পুঁজিৰ শিতানত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে তামিলনাডুক ৩৬০ কোটি টকা, ত্ৰিপুৰাক ১৮৬ কোটি টকা, চিকিমক ২২৯ কোটি টকা, নাগালেণ্ডক ১৮১ কোটি টকা আৰু উত্তৰ প্ৰদেশক ১৭২ কোটি টকা আগবঢ়াইছিল৷ অথচ ২০২৪ চনৰ কেন্দ্ৰীয় বাজেটক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অসমৰ বান সমস্যাৰ বাবে সাহাৰ্য আগবঢ়োৱাৰ আশ্বাস দি কৈছিল– ‘অসম সৰ্বত্ৰে বানপানীৰ সৈতে যুঁজি আছে৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ উৎপত্তিস্থল ভাৰতৰ বাহিৰত৷ অসমৰ বান ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে সম্পৰ্কিত প্ৰকল্পসমূহৰ বাবে সাহাৰ্য আগবঢ়োৱা হ’ব৷’ কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সাহাৰ্য আগবঢ়োৱাৰ আশ্বাস আজিও আশ্বাস হৈয়ে থাকিল যদিও বান সমস্যাৰ মোকাবিলাৰ বাবে যুঁজিবলৈয়ো এনডিআৰএফ পুঁজিৰ ধন মোকলাই দিবলৈকো ইচ্ছা প্ৰকাশ নকৰিলে দিল্লীয়ে৷ ইমানেই নহয়, বানপানীৰে সহাৱস্থান কৰা অসমক ২০২৩-২৪ বৰ্ষটোত ৰাষ্ট্ৰীয় দুৰ্যোগ পুঁজিৰ ফুটাকড়ি এটাও মোকলাই দিয়া নাছিল নিৰ্বাচনৰ সময়ত ‘এ’ ফৰ ‘আছাম’ বুলি ভাষণৰ মায়াজালেৰে অসমীয়াক আৱেগিক কৰি তোলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ অৱশ্যে, চলিত বৰ্ষতো বানত অসমত বৰ্তমানলৈ ৩২জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ হাজাৰ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে৷ তদুপৰি এইবাৰৰ বানত ১৪ হাজাৰৰো অধিক পশু-পক্ষীৰো মৃত্যু হৈছে৷ অৱশ্যে, এনডিআৰএফ পুঁজি মোকলাই দিয়াত কেন্দ্ৰীয় চৰকাৰে হোহকা-পিছলা নীতি গ্ৰহণ কৰিলেও ৰাজ্যিক দুৰ্যোগ পুঁজিৰ প্ৰাপ্য ধন নিয়মীয়াকৈ আদায় দিছে অসমক৷ সেই অনুসৰি অসমক এছডিআৰএফ পুঁজিৰ ২০২২-২৩ বৰ্ষত ৬৪৮.৪০ কোটি টকা, ২০২৩-২৪ বৰ্ষত ৬৮০.৪০ কোটি টকা আৰু ২০২৪-২৫ বৰ্ষত ৭১৬ কোটি টকা মোকলাই দিয়ে কেন্দ্ৰীয় চৰকাৰে৷