Logo
image

উক্তি-বক্ৰোক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে হোৱা আলোচনাক মই ১০১ ভিতৰত ১০ দিম৷ আলোচনাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ এতিয়ালৈকে কোনো চুক্তিত স্বাক্ষৰ হোৱা নাই৷  কিন্তু অচিৰেই এখন চুক্তি স্বাক্ষৰিত হ’ব৷ এতিয়া জেলেনস্কি আমাৰ আলোচনাত সন্মত হোৱা প্ৰয়োজন৷ পুটিন শক্তিশালী ব্যক্তি৷  কিন্তু তেওঁৰ সৈতে আলোচনা অতিশয় সুন্দৰ হৈছে৷ 

– আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

আমি বিশ্বমানৰ খেলুৱৈ সৃষ্টি কৰিবলৈ হ’লে তেওঁলোকৰ বাবে বিশ্বমানৰ সা-সুবিধা সৃষ্টি কৰিব লাগিব৷ আমি অসমত ঠিক সেইটোৱেই কৰি আছোঁ৷ আমি প্ৰতিখন জিলাতে ক্ৰীড়াৰ অনুশীলন কৰিব পৰাকৈ আন্তঃগাঁথিন গঢ়ি তুলিছোঁ৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আমাৰ মাজত যি আলোচনা হৈছে, আশা কৰিছোঁ লক্ষ্য পূৰণ হোৱাৰ দিশে আগবাঢ়িব৷ ইউক্ৰেইনলৈ কিদৰে শান্তি ঘূৰাই অনা যায়, সেই সন্দৰ্ভতো আলোচনা হৈছে৷ কূটনীতিৰ ‘৩ অন ৩ফফৰমেট’ত  আমাৰ আলোচনা আগবাঢ়িছিল৷ 

– ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ পুটিন

কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ থকাৰ পাছতো একো কৰিব নোৱাৰিলে, জনজাতি মানুহক অধিকাৰ দিব নোৱাৰিলে, ভূমিহীনক ভূমি দিব নোৱাৰিলে বিজেপি চৰকাৰে৷ 

–  যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

সোমবাৰে মই ৱাশ্বিংটনত ৰাষ্ট্ৰপতি ট্ৰাম্পক সাক্ষাৎ কৰিম৷ এই যুদ্ধখন আৰু হত্যালীলাৰ সামৰণি মৰাৰ বাবে আমি আলোচনাত বহিম৷ মোক হোৱাইট হাউছলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই কৃতজ্ঞ৷ আশাকৰোঁ মাৰ্কিন ৰাষ্ট˜পতি ড’নাল্ড ট্ৰাম্পৰে আলোচনা ফলপ্ৰসূ হ’ব৷ 

–ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনক্সি

আৰু কিমান চিকিৎসক লাগে? নাই নাই বুলি কোৱাৰ প্ৰৱণতাটো বন্ধ কৰিব লাগিব৷ বজাৰত চিকিৎসক কিনিব নোৱাৰি৷ যিখিনি আছে, সেইখিনিৰে ভাল ট্ৰীটমেণ্ট হ’ব লাগিব৷ 

– স্বাস্থ্য মন্ত্ৰী অশোক সিংহল

বিজেপিৰ সৈতে আৰ এছ এছৰ সংঘাত হৈছে বুলি যি বাতৰি বিয়পি পৰিছে সেয়া সত্য নহয়৷ বিজেপিয়ে আৰ এছ এছৰ আদৰ্শত বিশ্বাস কৰে৷ বহু সময়ত বিজেপিয়ে তেওঁলোকৰ পৰামৰ্শ মানি চলে৷ বিজেপি হৈছে ৰাজনৈতিক সংগঠন আৰু আৰ এছ এছ হৈছে হিন্দু আদৰ্শৰ সংগঠন৷ 

– বিজেপি নেতা ৰাম মাধৱ

অসমীয়া সজাগ হ’বই লাগিব৷ মুখ্যমন্ত্ৰীয়ে নতুন সংজ্ঞা আনিছে– ‘অচিনাকী মানুহ’৷ কংগ্ৰেছৰ দিনতো তুমি আছিলা অঘোষিত মুখ্যমন্ত্ৰী৷ এতিয়া ঘোষিত মুখ্যমন্ত্ৰী৷ কোনে বাধা দিছে অসম চুক্তি ৰূপায়ণ কৰিবলৈ? বিদেশী বহিষ্কাৰ কৰিবলৈ? 

– আছুৰ সভাপতি উৎপল শৰ্মা