Logo
image

সেনাৰ জিম্মাত জীৱন আলফাৰ জিম্মাত ৰিতুল

আমাৰ অসম, ২৯ এপ্ৰিলঃ ক’ত আছে আলফাৰ দ্বাৰা অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়া? ক’ত আছে আলফাই স্বাস্থ্যজনিত কাৰণত অব্যাহতি দিয়া বিদ্ৰোহী সংগঠনটোৰ বিত্ত সম্পাদক জীৱন মৰাণ ওৰফে গুনদ ডাঙৰীয়া৷ অসমবাসীয়ে দুয়োজনৰ তথ্যক লৈ উৎকণ্ঠিত হৈ থকাৰ সময়তে ভাৰত-ম্যানমাৰ সীমান্তত সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছে আলফাৰ বিত্ত সম্পাদক জীৱন মৰাণে৷ বুধবাৰে আবেলি ভাগত অৰুণাচল-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনা থ্ৰী ক’ৰ ওচৰত আত্মসমৰ্পন কৰে জীৱন মৰাণে৷ প্ৰায় ৪০ বছৰ আলফাৰ দায়িত্ব পালন কৰা জীৱন মৰাণে অৱশেষত ৰুগ্ন দেহাৰে মূল সূতিলৈ ঘূৰি আহি আত্মসমৰ্পন কৰাত সেনা, আই বি, ৰ’ৰ চোৰাংচোৱাই অৰুণাচলৰ টিৰাপ জিলাৰ খুণ্‌চালৈ জীৱন মৰাণক লৈ আনি জেৰা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে অসম আৰক্ষীৰ এটা দলো খুণ্‌চাত গৈ উপস্থিত হৈছে৷ বুধবাৰে নিশাটো সেনাৰ জিম্মাত ৰখাৰ পাছত বৃহস্পতিবাৰে জীৱন মৰাণক অসমলৈ লৈ অনাৰ সম্ভাৱনা আছে৷ ইপিনে ক’ত আছে অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া? অপহৰণকাৰী আলফা-এন এছ চি এনৰ সৈতে সেনা-আৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাত এসপ্তাহ পূৰ্বে অপহৰণ কৰি নিয়া ৰিতুল শইকীয়াৰ অৱস্থিতিক লৈ সংশয়ৰ সৃষ্টি হৈছে৷ কিয়নো আলফাই ৰিতুল শইকীয়া তেওঁলোকৰ জিম্মাত নাই বুলি স্পষ্ট কৰি দিয়াৰ বিপৰীতে অসম আৰক্ষীৰ ফালৰ পৰা ৰিতুল শইকীয়া আলফাৰ লগতেই আছে বুলি প্ৰকাশ কৰাত শইকীয়াৰ পৰিয়ালৰ চিন্তা দুগুণে বৃদ্ধি পাইছে৷ পুত্ৰক নিৰাপদে ঘূৰাই দিয়াৰ আহ্বানেৰে ৰিতুল শইকীয়াৰ তিতাবৰ বৰহোলাৰ বাসগৃহত মাতৃয়ে অনশন কৰাৰ বিপৰীতে পত্নীয়ে কণমানি সন্তানসহ আত্মজাহৰ ভাবুকি প্ৰদান কৰিছে৷ উল্লেখ্য, অ’এনজিচিৰ লাকুৱাৰ এটা ৰিগৰ পৰা ৰিতুল শইকীয়া আৰু দুই কৰ্মচাৰী অলকেশ শইকীয়া, মোহিনী মোহন গগৈক আলফাৰ অস্ত্ৰধাৰী দলে ২০ এপ্ৰিলত অপহৰণ কৰি এন এছ চি এনৰ সহযোগত ম্যানমাৰৰ শিবিৰলৈ লৈ গৈ থকাৰ পথতে নাগালেণ্ডৰ মন জিলাৰ ট’কাক চিংনু বস্তিৰ সমীপৰ গভীৰ অৰণ্যত অভিযানকাৰী আছাম ৰাইফল্‌ছ, সেনা আৰু নাগালেণ্ড আৰক্ষীৰ সৈতে সংঘৰ্ষৰ সন্মুখীন হয়৷ এই সংঘৰ্ষত কোনো মতে জোপোহাৰ মাজত লুকাই থাকি অপহূত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈয়ে প্ৰাণ ৰক্ষা কৰাত পাছত অভিযানকাৰী দলে দুয়োজন কৰ্মচাৰীকে উদ্ধাৰ কৰে৷ কিন্তু সেইদিন ধৰি আনজন অপহূত ৰিতুল শইকীয়াৰ কোনো সন্ধান নাই৷ লক্ষণীয়ভাৱে এই সংঘৰ্ষৰ পাছতেই আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ই-মেইল বিবৃতিত ৰিতুল শইকীয়াসহ তিনিওজন কৰ্মচাৰীৰে জীৱন নিৰপত্তাৰ এটি লক্ষ্য ৰাখি সুস্থ অৱস্থাত নাগালেণ্ডৰ মন জিলাৰ ট’কাক চিংনু গাঁৱৰ ৰাইজৰ হাতত গতাই দিয়া বুলি দাবী কৰে৷ তদুপৰি আলফাই বিবৃতিটোত  সেনা-আৰক্ষীয়ে দুজনক উদ্ধাৰ কৰা খবৰৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰিতুল শইকীয়া হয়তো সেনাৰ গুলীত মৃত্যুমুখত পৰিছে অথবা সেনা-আৰক্ষীয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে লুকুৱাই ৰাখিছে বুলি বিস্ফোৰক অভিযোগ কৰে৷ অৱশ্যে আলফাৰ এই দাবীৰ বিপৰীতে অপহৰণ কাণ্ডৰ এসপ্তাহৰ পাছত ৰিতুল শইকীয়াৰ অৱস্থিতিক লৈ বক্তব্য প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে৷ অসম আৰক্ষীৰ আইন-শৃংখলাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৰিতুল শইকীয়া বৰ্তমানেও অপহৰণকাৰী আলফাৰ দলটোৰ লগতে আছে বুলি প্ৰকাশ কৰে৷ বৰ্তমান অভিযান অব্যাহত ৰখা আছাম ৰাইফল্‌ছ, সেনা আৰু নাগালেণ্ড আৰক্ষীয়েও ৰিতুল শইকীয়াৰ অৱস্থিতিৰ সন্দৰ্ভত এই তথ্যকে প্ৰকাশ কৰা বুলি সিঙে দাবী কৰিছে৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত জি পি সিঙে কয়– “নাগালেণ্ড আৰক্ষী, আছাম ৰাইফল্‌ছ আৰু আৰ্মিৰ পৰা যি তথ্য লাভ কৰিছো, সেই অনুসৰি অপহূত ৰিতুল শইকীয়া বৰ্তমানেও আলফাৰ লগতে আছে৷ আলফাই তেওঁক লগত লৈ নাগালেণ্ডৰ মন জিলাৰ ভিতৰতে ঘূৰি আছে৷ আছাম ৰাইফল্‌ছ, আৰ্মি আৰু নাগালেণ্ড পুলিচে যৌথভাৱে অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে৷ মোৰ বিশ্বাস ৰিতুল শইকীয়াক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ম৷ তথাপিও আলফাকো এই কথাটো ক’ব বিচাৰিছো, যিহেতু অসমীয়া ল’ৰাক তেওঁলোকে নিছে, আৰু আমি জানো যে ৰিতুল শইকীয়া আলফাৰ লগতে আছে, সেয়েহে আলফাই শইকীয়াক এৰি দিয়াটো ভাল৷ অপাৰেচন বন্ধ হোৱা নাই৷ বৰ্তমান মহামাৰীৰ সময়ত আৰক্ষীয়ে ৰাইজক সহায় কৰিব লাগে৷ কিন্তু এই সময়খিনিত অপাৰেচনৰ বাবে বহুত আৰক্ষীক নিয়োগ কৰিবলগীয়া হৈছে৷ আলফাই মানুহটোক যদি এৰি দিয়ে, সেইখিনি আৰক্ষীয়ে ৰাইজক সহায় কৰিব পাৰিব৷”

ইপিনে, আলফাক অপহৰণত সহায় কৰি গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ জোৱানজনৰ সন্দৰ্ভতো মুখ খুলিছে আৰক্ষীয়ে৷ আলফা নেতা আইছেং অসমৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই অপহৰণত সহায় কৰিছিল আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁয়ে৷ এই সন্দৰ্ভত জি পি সিঙে কয়– ‘আলফাৰ এজন কেডাৰ আইছেং অসমৰ সৈতে ফেচবুকত পৰিচয় হৈছিল আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁইৰ৷ আইছেং অসমে সহায় কৰিবলৈ কৈছিল বসন্ত বুঢ়াগোহাঁইক৷ আৰু আলফা কেডাৰজনৰ কথামতেই অপহৰণত আলফাক সহায় কৰিছিল জোৱানজনে৷ বেটেলিয়নৰ পৰা প্ৰতিবেদন বিচৰা হৈছে আৰু বসন্তক চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ যো-জা চলোৱা হৈছে৷’ উল্লেখ্য, আৰক্ষী জোৱান বসন্ত বুঢ়াগোহাঁইৰ ঘৰ হৈছে শদিয়াৰ তেলিকলা গাঁৱত৷ আনহাতে আলফা কেডাৰ আইছেং অসমৰ ঘৰ হৈছে শদিয়াৰে অম্বিকাপুৰত৷

সেনাৰ থ্ৰি ক’ৰৰ জিম্মাত আছে আলফাৰ জ্যেষ্ঠ নেতা জীৱন মৰাণ

স্বাস্থ্যজনিত কাৰণত আলফা স্বাধীনে অব্যাহতি দিয়া জ্যেষ্ঠ নেতা জীৱন মৰাণ সম্প্ৰতি অৰুণাচল প্ৰদেশৰ খুনচাত অৱস্থিত সেনা শিবিৰত থকা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে৷ সূত্ৰটোৱে জানিবলৈ দিয়া মতে, আলফাৰ ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্বত থকা মেজৰ জেনেৰেল জীৱন মৰাণ সম্প্ৰতি অসুস্থ হৈ আছে৷ সেয়ে তেওঁক সংগঠনটোৰ পৰা অব্যাহতি দিয়া হয়৷ সেই মৰ্মে তেওঁ আজি ম্যানমাৰৰ পৰা খোজকাঢ়ি আহি অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ লাজুত উপস্থিত হয়৷ তাৰ পৰা থ্ৰি ক’ৰৰ সেনাই উদ্ধাৰ কৰি তেওঁক খুনচা শিবিৰলৈ আনে৷ কাইলৈ তেওঁক ডিমাপুৰস্থ সেনাৰ থ্ৰি ক’ৰৰ মুখ্য কাৰ্যালয়লৈ নিয়াৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে তেওঁক অসম আৰক্ষীৰ হাতত চমজাই দিয়া হ’ব৷ এই সন্দৰ্ভত থ্ৰি ক’ৰৰ সেনাই ইতিমধ্যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷