Logo
image

গণতন্ত্ৰ ৰক্ষা পৰিবনে

ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত ভোটাধিকাৰৰ গুৰুত্ব অতি গভীৰ আৰু তাৎপৰ্যপূৰ্ণ৷ ইয়াক গণতন্ত্ৰৰ মেৰুদণ্ড, শ্বাস-প্ৰশ্বাস বা  আত্মাৰ সৈতে তুলনা কৰিব পাৰি৷  গণতান্ত্ৰিক ব্যৱস্থাত ভোটাধিকাৰৰ মূল্য হানি হ’লে সেই গন্ততন্ত্ৰ গণতন্ত্ৰ হৈ নাথাকে৷ ভোটাধিকাৰৰ ওপৰত শাসক পক্ষৰ প্ৰভাৱ পৰিলে সেই গণতন্ত্ৰ স্বৈৰতন্ত্ৰলৈ পৰিৱৰ্তিত হয়৷

ভোটাধিকাৰ হৈছে নাগৰিকৰ ক্ষমতা আৰু স্বাধীনতাৰ প্ৰতীক আৰু  প্ৰত্যেক প্ৰাপ্তবয়স্ক নাগৰিকৰ এক মৌলিক অধিকাৰ৷ এই অধিকাৰে তেওঁলোকক দেশৰ শাসন ব্যৱস্থাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ সুযোগ দিয়ে৷ ই নাগৰিকসকলক এনে এক শক্তি প্ৰদান কৰে যিয়ে তেওঁলোকৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰাত সহায় কৰে৷ গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী নীতিয়েই হ’ল ‘জনগণৰ দ্বাৰা, জনগণৰ বাবে, জনগণৰ চৰকাৰ৷’ ভোটদানৰ জৰিয়তেহে জনসাধাৰণে নিজৰ প্ৰতিনিধি বাছনি কৰি চৰকাৰ গঠন কৰাৰ অধিকাৰ লাভ কৰে৷  আনহে নালাগে, ভোটাধিকাৰে চৰকাৰক জনতাৰ প্ৰতি জবাবদিহি কৰিবলৈকো বাধ্য কৰায়৷ ভোটাধিকাৰৰ জৰিয়তে  শান্তিপূৰ্ণভাৱে   ক্ষমতাৰ  হস্তান্তৰ হয়৷ ইয়াৰ অবিহনে ক্ষমতা দখল কৰিবলৈ হিংসা, ৰক্তপাত, বিদ্ৰোহ আদিৰ আশ্ৰয় ল’বলগা  হৈছিল৷  ভোটাধিকাৰে গণতন্ত্ৰক ৰক্ষাই কৰা নাই, ই সামাজিক স্থিৰতা ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

ভোটাধিকাৰে সমাজৰ প্ৰতিটো শ্ৰেণী বা সম্প্ৰদায়ৰ লোকক সমানে সুযোগ প্ৰদান কৰে৷ ধনী-দুখীয়া, উচ্ছ-নীচ, শিক্ষিত-অশিক্ষিত, পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰত্যেকৰে ভোটৰ মূল্য একে আৰু ই সমাজত সমতা আৰু ন্যায় স্থাপন কৰি অনৈক্যৰ  মাজত ঐক্য স্থাপন কৰি এখন সুস্থ-সবল দেশ বা সমাজ গঢ়াত সহায় কৰে৷

ভোটাধিকাৰ জনতাৰ  বাবে কোনো নিষ্ক্ৰিয় অধিকাৰ নহয়, ই হৈছে গণতন্ত্ৰৰ জীৱনসূতা, আত্মাস্বৰূপ৷ ই নাগৰিকসকলক কেৱল চৰকাৰ বাছনি কৰাৰে সুযোগ নিদিয়ে, ই দেশৰ ভাগ্য নিৰ্ণয়  কৰাৰ অধিকাৰো প্ৰদান কৰে৷ ভোটাধিকাৰৰ সঠিক ব্যৱহাৰ কৰাটো প্ৰত্যেক নাগৰিকৰ নৈতিক দায়িত্ব৷  দৰাচলতে ই হৈছে  প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থা আৰু ৰাষ্ট্ৰৰ প্ৰগতি পথৰ মূল চালিকাশক্তি৷

শেহতীয়াকৈ দেশৰ  বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভাৰতত  বিগত নিৰ্বাচনসমূহত ভোটাধিকৰৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ তুলি তথ্য সহকাৰে  ভুৱা ভোটাৰেৰে বিজেপি  নিৰ্বাচনত জয়ী হৈছে বুলি উদঙাই দেখুৱাইছে, যিয়ে নেকি দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে৷ তেওঁ এই বুলিও অভিযোগ তুলিছে যে বিজেপি দলে ভোট চুৰ কৰি অৰ্থাৎ বেনামী, নকল ভোটেৰে নিৰ্বাচনত জিকি চৰকাৰ গঠন কৰিছে৷ গান্ধীয়ে  তথ্য সহকাৰে দেখুৱাইছে যে কেনেকৈ এটা কোঠালীৰ এটা ঘৰত বিভিন্ন জাতি-ধৰ্মৰ আশীজন লোকে বাস কৰিছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে৷ ভোটাৰ তালিকাত একেই ঠিকনাত  ইমানখিনি ভোটাৰ  থকাৰ  যি কথা পোহৰলৈ আহিছে, সেয়া তেনেই অসম্ভৱ৷ ভোটাৰ  তালিকাত জলিয়াতি নকৰিলে সেয়া সম্ভব নহয়৷ ভোটাৰ তালিকা প্ৰস্তুত কৰা কাম নিৰ্বাচন আয়োগৰ৷ কিন্তু অনিয়মেৰে সৃষ্টি কৰা এই সকল ভোটাৰে   বিজেপিক ভোট দি নিৰ্বাচনত জয়ী হোৱাত সহায় কৰিছে বুলিও অভিযোগ শুনা গৈছে৷

 যদি জনতাক অন্ধাৰত ৰাখি ভুৱা ভোটাৰ সৃষ্টি কৰি শাসকীয় দলে নিৰ্বাচনত জিকাৰ কৌশল অৱলম্বন কৰিবলৈ হয়, তেন্তে দেশত গণতন্ত্ৰৰ কোনো মূল্য নাই৷ কেৱল ক্ষমতা লাভৰ স্বাৰ্থত চৰকাৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান ব্যৱহাৰ কৰিবলৈ ল’লে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ধংস হৈ পৰিব৷ যদি ৰাহুল গান্ধীৰ অভিযোগ সত্য হয়, তেন্তে বিজেপিয়ে নিৰ্বাচন আয়োগৰ সহযোগত নিজৰ মন পছন্দৰ ভোটাৰ তৈয়াৰ কৰিছে আৰু বিৰোধী ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি নিজৰ জয়ৰ পথ প্ৰশস্ত কৰিছে৷ যদি সেয়াই হয়, তেন্তে ই বে-আইনী, অগণতান্ত্ৰিক  আৰু অসংবিধানিক৷ এনে কাৰ্যৰ দ্বাৰা গণতন্ত্ৰক চূড়ান্তভাৱে অপমান কৰা হৈছে৷ শেহতীয়াকৈ বিহাৰৰ বিধানসভা নিৰ্বাচনৰ আগে আগে নিৰ্বাচন আয়োগে ৭০ লাখ জনতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে৷ অভিযোগ এই বুলি শুনা যায় যে এইসকল জনতাই বিজেপিৰ সলনি অন্য দলক ভোট দান কাৰিলেহেঁতেন৷ ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি নিৰ্বাচন আয়োগৰ সহযোগত বিজেপিয়ে ভোট চুৰ কৰাৰ যি ভয়ংকৰ পৰিকল্পনা কৰিছে, ই ভাৰতীয় গণতন্ত্ৰক বিনাশ কৰিব আৰু এক স্বৈৰতান্ত্ৰিক, পুঁজিবাদ ব্যৱস্থাৰ প্ৰচলন কৰিব,  য’ত  চৰকাৰ গঠন বা ৰাজনীতিৰ নিৰ্ণায়ক ভূমিকাত জনতাৰ কোনো অধিকাৰ নাথাকিব৷  যদি সেয়াই হ’বলৈ হয়, তেন্তে ই গণতন্ত্ৰৰ প্ৰতি ভাবুকিয়েই নহয়, দেশৰ ভৱিষ্যতৰ বাবেও অতিকে ভয়ানক ইংগিত৷ ইতিমধ্যে ৰাহুল গান্ধীৰ নেতৃত্বত বিহাৰৰ ভোটাৰৰ অধিকাৰক লৈ কংগ্ৰেছ দলে সজাগতা যাত্ৰা আৰম্ভ কৰিছে৷ এই যাত্ৰাত লক্ষ্য লক্ষ্য লোকে অংশ গ্ৰহণ কৰালৈ  চাই এই কথা হয়তো  ক’ব পৰা যায় যে বিহাৰৰ জনতা জাগি উঠিছে৷ নিজৰ ভোটাধিকাৰ আৰু দেশৰ গণতান্ত্ৰিক ব্যৱস্থা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত ৰাহুল গান্ধীয়ে আৰম্ভ কৰা এই যাত্ৰা যদি সত্য আৰু  যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হয়, তেন্তে অনাগত দিনত গণতন্ত্ৰ ৰক্ষাৰ  একোটা সুচল পথ মুকলি হ’ব৷