Logo
image

উক্তি-বক্ৰোক্তি

ভাৰতে বিভিন্ন প্ৰত্যাহ্বান মোকাবিলা কৰা আৰু আঞ্চলিক সহযোগিতা অধিক নিবিড় কৰাৰ বাবে ছাংহাই সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰৰ সৈতে একেলগে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ সেই সন্মিলনত যোগ দিবলগীয়া জিনপিং, পুটিন আৰু অন্যান্য ৰাষ্ট্ৰনেতাৰ সাক্ষাৎ পাবলৈ মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ৷ 

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি মোৰ বেংক বেলেন্স আছে৷ সেই কাৰণে মই সিদ্ধান্ত ল’ব পাৰোঁ৷ গাড়ী এখন ল’ম বুলি ক’লে এতিয়াই ল’ব পাৰোঁ৷ মই ঘৰ এটা লাগে বুলি ক’লে ল’ব পাৰোঁ৷ যাৰ একাউণ্টত পইচা নাই, জিৰো বেলেন্স, তাৰ সিদ্ধান্তটোও জিৰো৷ গতিকে ভণ্টীহঁত পটককৈ বিয়া নহ’বা, প্ৰথমে একাউণ্ট গৰম কৰি ল’বা৷ 

– মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা

আমাৰ হাতত যি বিকল্প আছিল, তাৰে আমি বহু লক্ষ্য স্থিৰ কৰিছিলোঁ৷ অৱশেষত আমি ৯টা লক্ষ্যত আঘাত হানিলোঁ৷ তাৰ বাবে আমাৰ ৫০টাতকৈ কম অস্ত্ৰৰহে প্ৰয়োজন হ’ল৷ 

– এয়াৰ মাশ্বাৰ্ল নৰ্মেদেশ্বৰ তিৱাৰী

জীৱিকা সখীসকল ঘৰতো মূলাগাভৰু হ’ব পাৰিব৷ হাজবেণ্ডক না কৰিব পাৰিব লাগিব৷ জীৱিকা সখী বাইদেউসকলক কৈছোঁ, তিনিটা সন্তান হ’লে ফুলষ্টপ৷ চাহ জনগোষ্ঠী বা জনজাতীয়সকলৰ চাৰিটা হ’লেও কথা নাই৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


ললিত মোদী আৰু মাইকেল ক্লাৰ্ক, আপোনালোকে লাজ পোৱা উচিত৷ কেৱল নিজৰ লেতেৰা প্ৰচাৰৰ বাবে ২০০৮ চনৰ ঘটনা এটা প্ৰকাশ্যে আনিলে৷ চৰ মৰা হৰভজন আৰু চৰ খোৱা শ্ৰীশান্ত, দুয়োজনে ঘটনাটো পাহৰি গৈছিল৷ এতিয়া মই সন্তানক কি বুলি ঘটনাটো বুজাম? 

– প্ৰাক্তন ক্ৰিকেটাৰ শ্ৰীশান্তৰ পত্নী ভুৱনেশ্বৰী

এইখন চৰকাৰে ব্যক্তিগত বিদ্যালয়, ব্যক্তিগত হাস্পতালক বেছি মৰম কৰে৷ তেওঁলোকে চহকী মানুহৰ বাবেহে কাম কৰে৷ আমাৰ চৰকাৰ হ’লে ডাঙৰ মানুহৰ বাবে নহয়, সৰু সৰু মানুহৰ বাবে সকলো সুবিধা হোৱাকৈ কাম কৰিম৷ 

– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ ৰাষ্ট্ৰপতি পুটিন যোৱাটো নিশ্চিত৷ ক্ৰেমলিনৰ পক্ষৰ পৰা ভাৰতৰ আমন্ত্ৰণ স্বীকাৰ কৰা হৈছে৷ মই ৰাছিয়া চৰকাৰৰ হৈ পুটিন ভাৰতলৈ যোৱাৰ নিশ্চিতি দিলোঁ৷

– ক্ৰেমলিনৰ উপদেষ্টা ইউৰি উছাকভ

গৌৰৱ আগৰৱালাৰ হৈ ওকালতি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো অতি হাস্যকৰ ঘটনা৷ মই কোনো অপৰাধমূলক গোচৰৰ ওকালতি কৰা নাই৷ কিছুমান অধিবক্তাৰ আপত্তিৰ কাৰণ নুবুজিলোঁ৷

– ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়া