Logo
image

মনত পেলালে ’৫০ৰ বৰভূঁইকঁপলৈ

আমাৰ অসম, ২৯ এপ্ৰিলঃ মজলীয়াই হওঁক কিম্বা প্ৰবল, অসমবাসীক আতংকিত কৰা যিকোনো ভূমিকম্পই ৰাজ্যখনক জোকাৰি গ’লেই সদায় তুলনা আহি পৰে ১৯৫০ চনৰ বৰভূঁইকপৰ৷ এটা বিগত সহস্ৰাব্দৰ অন্তিমটো শতিকাৰ ঠিক মধ্যভাগত আৰু আজি অসম কপোঁৱা ভূমিকম্প নতুন সহস্ৰাব্দৰ ২১ সংখ্যক বৰ্ষৰ আৰম্ভণিত৷ প্ৰাবল্য আৰু ক্ষয়ক্ষতিৰ দিশৰ পৰা এই দুয়োটা ভূমিকম্পৰ মাজত তুলনা স্বৰূপাৰ্থতে অসম্ভৱ, কিন্তু তথাপি ’৫০ চনৰ ভূমিকম্পৰ সৈতে ৰাজ্যখনৰ পৰৱৰ্তী সকলো আতংক সৃষ্টি কৰিব পৰা ভূমিকম্পৰ তুলনা অবধাৰিত৷ বুধবাৰে পুৱা যিটো ভূমিকম্পই সমগ্ৰ অসমক জোকাৰি গ’ল সেই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪৷ এই তথ্য ‘নেচনেল চেণ্টাৰ ফৰ ছিছম’লজি’, অৰ্থাৎ ৰাষ্ট্ৰীয় ভূকম্প কেন্দ্ৰৰ৷ আনহাতে সবাটোকৈ বিশ্বাসযোগ্য তথ্য প্ৰদান কৰা বুলি বিশ্বাস কৰা ‘ইউ এছ জিঅ’লজিকেল ছাৰ্ভেৰ’ মতে অসমৰ আজিৰ ভূমিকম্পটোৰ প্ৰাবল্য ৬.২৷ অৱশ্যে যিকোনো ভূমিকম্পৰে কম্পনৰ প্ৰাবল্যৰ মাত্ৰা দুই-এদিনৰ পাছতহে চূড়ান্ত কৰা হয়৷

তাৎপৰ্যপূৰ্ণ এয়াই যে, একে দুখন ‘টেকট’নিক প্লেট’ৰ সংঘৰ্ষৰ ফলতে এই দুয়োটা ভূমিকম্পৰ উৎপত্তি৷ ১৯৫০ চন আৰু আজিৰ অসমত হৈ যোৱা দুয়োটা ভূমিকম্পৰ উৎপত্তিৰ মূল কাৰণ ভাৰতীয় টেকট’নিক প্লেট আৰু ইউৰেছীয় টেকট’নিক প্লেটৰ সংঘৰ্ষ আৰু ঘৰ্ষণৰ ফলত৷ সেয়াই অৱশ্যাম্ভাবী, কিয়নো অসমৰ অৱস্থিতি ভূপৃষ্ঠৰ যি স্থানত, সেই স্থান ভূগৰ্ভস্থ ভাৰতীয় টেকট’নিক প্লেটৰ ওপৰত৷ সেয়ে এই দুখন টেকট’নিক প্লেটৰ ঘৰ্ষন, সংঘৰ্ষই অসমকে ধৰি দেশৰ সৰ্বাধিক ভূকম্পনযুক্ত অঞ্চল-৫১ সকলো ভূমিকম্পৰ উৎপত্তিৰ কাৰণ৷ প্ৰসংগতঃ ভাৰতীয় টেকট’নিক প্লেটখন ইউৰোছীয় প্লেটৰ তলত সোমাই তলেৰেই সামান্য পৰিমাণৰ গতিত আগবাঢ়ি গৈ আছে৷ উভয় প্লেটৰ মাজত থকা উঘঁহা আৰু ওখ চাপৰ অঞ্চলত নিজৰ গতি অব্যাহত ৰাখি আগবাঢ়ি যোৱাৰ ফলতে সততে সৃষ্টি হোৱাৰ দৰে আজিৰ ভূমিকম্পৰো উৎপত্তি হৈছে৷ পিছে আজিৰ ভূমিকেন্দ্ৰৰ উৎপত্তিস্থল হৈছে ‘হিমালয়ন ফ্ৰণ্টেল থ্ৰাষ্ট’ [এইছ এফ টি]ৰ কাষৰীয়া কপিলি চ্যুতি বা ‘ফল্ট’৷ আনহাতে ১৯৫০ চনৰ ভূমিকম্পৰ অভিকেন্দ্ৰ তাহানিৰ মিছিমি পাহাৰ বা চীনৰ ভাষাত কুইংগং পৰ্বতৰ ‘হিমালয়ান চেণ্ট্ৰেল থ্ৰাষ্ট’ [এইছ চি টি] অঞ্চলত৷ গুৰুত্বপূৰ্ণ বিষয় এয়া যে, ১৯৫০ চনৰ ভূমিকম্প ‘টেকট’নিক প্লেট’ দুখনৰ ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা নাছিল, হৈছিল প্ৰত্যক্ষ সংঘৰ্ষৰ ফলত৷ উল্লেখ্য, সেইবাৰ ভাৰতীয় আৰু ইউৰেছীয় দুয়োখন টেকট’নিক প্লেটো মুখামুখিকৈ ইখনে সিখনক খুন্দা মাৰিছিল৷ সেয়ে ১৯৫০ চনৰ ভূমিকম্পৰ কম্পন আছিল প্ৰবলতম৷ ভূবিজ্ঞানৰ তত্ব অনুসৰি পুনৰ দুয়োখন টেকট’নিক প্লেটে ভৱিষ্যতে সমুখা-সমুখিকৈ খুন্দা মৰাৰ কোনো সম্ভাৱনা নাই, কাৰণ এতিয়া ভাৰতীয় প্লেটখনৰ একাংশ ইউৰেছীয় প্লেটৰ তলত সোমাই পৰিছে৷ সেয়ে ’৫০ চনৰ পাছত হোৱা ভূমিকম্পৰ উৎপত্তি কেৱল ঘৰ্ষণৰ ফলতহে হৈছে আৰু প্ৰত্যেকটোৰে প্ৰাবল্য বৰভূঁইকপতকৈ কম৷ অৱশ্যে যিহেতু টেকট’নিক প্লেট কেইখনৰ সন্মুখভাগ সৰলৰেখাৰ দৰে নহয়, ওলোৱা-সোমোৱা, অৰ্থাৎ অসমান, সেয়ে ভৱিষ্যতে সন্মুখা-সমুখি সংঘৰ্ষৰ সৃষ্টি হ’ব নোৱাৰে বুলি কোনো ভূবিজ্ঞানীয়ে দাবী কৰা নাই৷

এই কথা দোহৰাৰ প্ৰয়োজন নাই যে, ১৯৫০ চনৰ ভূমিকম্পই অসমৰ বিগত দুই শতিকাৰ ভিতৰত প্ৰবলতম আছিল৷ ভূবিজ্ঞানৰ ভাষাত সেই ভূমিকম্পৰ কম্পন আছিল ‘এক্সট্ৰিম’ অৰ্থাৎ সৰ্বোচ্ছ৷ ৰিখ্‌টাৰ স্কেলত সেই ভূমিকম্পৰ প্ৰাবল্য আছিল ৮.৬৷ ইয়াৰ বিপৰীতে আজিৰ ভূমিকম্পৰ প্ৰাবল্য যদি ৬.৪ বুলিও নিশ্চিত হোৱা যায়, তথাপি এয়া মজলীয়াধৰণৰ, ভূবিজ্ঞানৰ ভাষাত ‘মডাৰেট৷’ ১৯৫০ চনত হোৱা ভূমিকম্পত অসম আৰু তিব্বতত মুঠতে ৪,৮০০ জন লোকৰ প্ৰাণহানি হৈছিল৷ অসমত প্ৰাণহানিৰ সংখ্যা আছিল ১,৫২৬ জন৷ ৩,৩০০ ৰ মৃত্যু হৈছিল তিব্বত অঞ্চলত৷ তেতিয়া অসমৰ জনবসতিৰ ঘনত্ব তেনেই কম আছিল৷ অট্টালিকা সদৃশ ঘৰ নাছিল৷ তথাপি কম জনবসতিৰ ৰাজ্যতে এতিয়াৰ পৰা ৭১ বছৰৰ পূৰ্বে ১,৫২৬ জনে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷ ১৯৫০ চনৰ ১৫ আগষ্টত অৰ্থাৎ স্বাধীনতা দিৱসৰ সন্ধিয়া ৭.৩৯ বজাত হোৱা ভূমিকম্পৰ ফলত অসমত, বিশেষকৈ উত্তৰ অসমত অসংখ্য খাল-বিলৰ সৃষ্টি হৈছিল, বহু খাল-বিল পোত খাই গৈছিল৷ ৰে’লপথে একোটা ঢৌৰ দৰে ৰূপ লৈছিল, বহু ঘৰ দুৱাৰ মাটিৰ তললৈ সোমাই গৈছিল৷ অসমৰ ৭০ খন গাঁও সম্পূৰ্ণৰূপে ধবংস হৈ গৈছিল, ১৫৬ স্থানত প্ৰবল ভূমি…লন হৈছিল, ভূমি…লনে ব্ৰহ্মপুত্ৰৰ বহু উপনৈৰ পথ ৰূদ্ধ কৰি দিছিল, সোৱণশিৰি নদীত উৎপত্তি হোৱা জ্জ মিটাৰ উচ্ছতাৰ ঢৌৱে অসংখ্য গাঁও ডুবাই দিছিল আৰু সৰ্বোপৰি ব্ৰহ্মপুত্ৰৰ তলি বাম হৈ গৈছিল৷ সেই ঢৌৰ সৃষ্টি হৈছিল সোৱণশিৰি নদীখন ৮ দিন ভূমিস্খলনৰ ফলত বন্ধ হৈ সোঁতৰ প্ৰাবল্যত মুক্ত হোৱাৰ পাছত, যি একেকোবে ৫৩২টা প্ৰাণ সংহাৰ কৰিছিল৷ সম্পত্তি বা জনজীৱনৰ হানিতকৈ ১৯৫০ চনৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা আতংক ইমানেই বেছি আৰু ভয়ংকৰ আছিল, যাৰ সোঁৱৰণী আজিও অটুত আছে, আনকি সেই কম্পন অনুভূত নকৰা সকলৰ মনতো৷ সেয়ে ১৯৫০ চনৰ বৰভূঁইকপ আজি পৰিণত হৈছে ‘মিথ’ত৷