Logo
image

তৃতীয় শক্তি

ৰাজনীতিৰ ক্ষেত্ৰখন বৰ বিচিত্ৰ৷ বিশেষকৈ ভাৰতীয় ৰাজনীতিৰ ক্ষেত্ৰখন আৰু বিচিত্ৰ৷ ভাৰতৰ ৰাজনীতিত এনে কিছুমান কাৰক আছে, এনে কেতবোৰ অভিধা আছে, যিবোৰৰ হাজাৰ বিচাৰ-খোঁচাৰ কৰিও সম্ভেদ উলিওৱাটো বৰ মস্কিল৷ তেনে এটা অভিধাই হৈছে ‘তৃতীয় শক্তি’৷ এই শব্দ দুটা ভাৰতীয় ৰাজনীতিত বিশেষভাৱে প্ৰচলিত৷ কেৱল জানো ৰাজনীতিয়েই  সাধাৰণভাৱেও আন বহুক্ষেত্ৰত এই ‘তৃতীয় শক্তি’ শব্দ দুটা ব্যৱহূত হয়৷ ক’ত আৰু কেনে পৰিস্থিতিত এই ‘তৃতীয় শক্তি’ক ব্যৱহাৰ কৰা হয়, সেয়াও মন কৰিবলগীয়া৷ ধৰি লোৱা হ’ল কোনো এজন ৰাজনৈতিক নেতা, মন্ত্ৰী-বিধায়ক, চৰকাৰী বিষয়া আদি কোনো দুৰ্নীতি বা অপকৰ্ম কৰি থাকোঁতে হাতে-লোটে ধৰা পৰিল৷ তেনে সময়ত এনেদৰে ধৰা পৰা ব্যক্তিজনে আত্মপক্ষ সমৰ্থনত প্ৰায়ে কোৱা শুনা যায়, ঘটনাটোত তেওঁ একেবাৰে নিৰ্দোষী৷ ইয়াত কোনো তৃতীয় শক্তিহে জড়িত আছে৷ একেধৰণৰ ঘটনা আৰু কেতিয়াবাও দেখা যায়৷ ধৰা হওক কোনো এখন চৰকাৰৰ ব্যৰ্থতাক একেবাৰে উদঙাই কোনো এঠাইত সাংঘাতিক কিবা নঘটিবলগীয়া ঘটনা এটা ঘটিল, যাৰ বাবে চৰকাৰখন জনৰোষত পৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হ’ল৷ তেনেকুৱা সময়তে তাৎক্ষণিকভাৱে চৰকাৰৰ পক্ষৰ পৰা কৈ দিয়া হয় যে এই ঘটনাত কোনো ‘তৃতীয় শক্তি’ বা ‘তৃতীয় পক্ষ’ জড়িত আছে৷ এই ‘তৃতীয় শক্তি’ বোলা বস্তুটো আচলতে কেনেকুৱা শক্তি বা ইয়াক ক’ত পোৱা যায়, সেই বিষয়ে কিন্তু কোনেও নাজানে বা নকয়৷ আচলতে ‘তৃতীয় শক্তি’ বুলি কৈ তাৎক্ষণিকভাৱে কোনো এটা অভিযোগৰ পৰা নিজকে বচোৱাৰ ই এটা কৌশল মাত্ৰ৷ বিশেষকৈ ৰাজনীতি কৰা মানুহবিলাকৰ বাবে এই শব্দ দুটা বৰ গুৰুত্বপূৰ্ণ৷ এই ‘তৃতীয় শক্তি’ৰ গাত হেঁচা দিয়েই ৰাজনীতি কৰা বহু মানুহে নিজৰ ভাতমুঠি মোকলোৱাৰ লগতে ধনে-ধানে গজগজীয়াও হৈছে৷

যোৱা সময়ছোৱাত ভাৰতত এনে বহুত ৰাজনৈতিক-অৰাজনৈতিক কেলেংকাৰী সংঘটিত হৈছে যিসমূহ কেলেংকাৰী পোহৰলৈ অহা মাত্ৰকে অভিযুক্তসকলে আত্মপক্ষ সমৰ্থনত এই কেলেংকাৰীত ‘তৃতীয় শক্তি’ বা ‘তৃতীয় পক্ষ’ জড়িত বুলি কৈ সেই চিৰাচৰিত কৌশলটো অৱলম্বন কৰিছিল৷ ২০১২ চনত সংঘটিত হোৱা ভি ভি আই পিৰ বাবে হেলিকপ্টাৰ ক্ৰয় কেলেংকাৰীতো প্ৰথমাৱস্থাত অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত এই কেলেংকাৰীত কোনো ‘তৃতীয় শক্তি’ জড়িত বুলি অপপ্ৰচাৰ চলোৱা হৈছিল৷ কেৱল ইমানেই নহয়, আন এক বিশাল কেলেংকাৰী আছিল ২০১০ চনৰ– ‘আদৰ্শ হাউছিং ছ’ছাইটী কেলেংকাৰী’৷ তেতিয়াও এই কেলেংকাৰীত নাম সাঙোৰ খোৱা ৰাজনৈতিক নেতাসকলক সকাহ দিয়াৰ স্বাৰ্থত উচ্ছাৰিত হৈছিল ‘তৃতীয় শক্তি’৷ ২০১৩ চনৰ ডি এল এফ ভূমি কেলেংকাৰী আৰু সেই একে বছৰতে পোহৰলৈ অহা কেৰালাৰ সৌৰ পেনেল কেলেংকাৰীৰ সময়তো অভিযুক্ত জনপ্ৰতিনিধিসকলক বচাবলৈ এটা পক্ষই প্ৰচাৰ চলাইছিল যে এই কেলেংকাৰীত ‘তৃতীয় পক্ষ’ জড়িত আছে৷ কিন্তু সময়ত এই ‘তৃতীয় শক্তি’ বা ‘তৃতীয় পক্ষ’সকল আচলতে কোন আছিল বা সঁচাকৈ আছিলনে নাই সেই বিষয়ে দেশৰ জনতাই নাজানিলেই৷

এয়াই হৈছে ‘তৃতীয় শক্তি’ৰ মাহাত্ম্য; বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰখনত নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ এই ‘তৃতীয় শক্তি’তকৈ ভাল উপায় আৰু একো নাই৷ ‘তৃতীয় শক্তি’ৰ দোহাই দিয়েই সৰু-ডাঙৰ কিমানে যে নিজৰ গাত লগা কলংক ঢাকিবলৈ মূৰ পোলোকা মাৰিলে তাৰো লেখ-জোখ নাই৷