আমেৰিকাত শ্ৰমিক দিৱস
কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ১ ছেপ্টেম্বৰ, ২০২৫ত শ্ৰমিক দিৱস পালন কৰি শ্ৰমজীৱীসকলৰ অৱদানক সন্মান জনালে৷ কেইদিনমান আগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, জনহিতৈষী সমাজবাদী নেতা, সমাজবাদী আদৰ্শ, ত্যাগ আৰু নৈতিকতাৰ বাবে উছৰ্গিত প্ৰয়াত গোলাপ বৰবৰাৰ জন্মশতবাৰ্ষিকীও অসমত পালন কৰা হ’ল৷ শোষিত-বঞ্চিতৰ অধিকাৰ সুৰক্ষিত কৰাত আৰু জনসাধাৰণৰ সমস্যা সমাধানত তেওঁ চিৰস্মৰণীয়৷ আনফালে আমেৰিকাত শ্ৰমিক দিৱসৰ দিনাই সমগ্ৰ আমেৰিকাত লাখ লাখ প্ৰতিবাদকাৰীয়ে শ্ৰমিকৰ বাবে অধিক শক্তিশালী সুৰক্ষাৰ আহ৩ান জনালে আৰু আমেৰিকাৰ প্ৰশাসনে গ্ৰহণ কৰা একাধিক নীতিক কঠোৰ সমালোচনা কৰি সমদল উলিওৱা দেখিবলৈ পোৱা গ’ল৷ দেখা গৈছিল আমেৰিকাৰ ইলিনয়ৰ চিকাগোত শ্ৰমিক দিৱসৰ সময়ত ‘ৱৰ্কাৰ্ছ অভাৰ বিলিয়নাৰ’ ৰেলীৰ সময়ত উৎসাহী প্ৰতিবাদকাৰীসকলক৷ ১৯ শতিকাৰ শেষভাগত আৰম্ভ হোৱা শ্ৰম আন্দোলনৰ ফলত এই দিনটোৱে ন্যায্য কৰ্ম-ঘণ্টা, সুৰক্ষিত কামৰ পৰিৱেশ আৰু সংগঠিত অধিকাৰৰ দাবীক লৈ সমাজক অধিক ন্যায়সংগত কৰাৰ দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আহিছে৷ আমেৰিকাত নূন্যতম মজুৰি যোৱা পোন্ধৰ বছৰ ধৰি একেই আছে, মাথোঁ ৭.২৫ ডলাৰ প্ৰতিঘণ্টাত৷ আমাৰ দেশৰ শ্ৰমিকসকলৰ অৱস্থাও হয়তো খুব বেছি উন্নত নহয়৷ কানাডাতো ১৮৯৪ চনত শ্ৰমিক দিৱসক আনুষ্ঠানিক স্বীকৃতি দিয়া হৈছিল৷ পেৰেড, বক্তৃতা আৰু সামাজিক অনুষ্ঠানৰ জৰিয়তে শ্ৰমিকসকলৰ সংহতি আৰু অধিকাৰৰ প্ৰতি সজাগতা বৃদ্ধিৰ এক মঞ্চ হিচাপে ই গঢ় লৈ উঠিছিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ১৮৮২ চনত নিউয়ৰ্ক চিটীত প্ৰথম শ্ৰমিক পেৰেডৰ আয়োজন কৰা হৈছিল৷ ১৮৯৪ চনত ফেডাৰেল ছুটী হিচাপে স্বীকৃতি লাভ কৰা এই দিনটোৱে শ্ৰমিকসকলৰ সংগঠিত শক্তিৰ পৰিচায়ক হিচাপে পৰিগণিত হয়৷ আজিৰ দিনত এই ছুটী সাধাৰণতে গ্ৰীষ্মকালৰ অন্তিম উৎসৱ হিচাপে পালন কৰা হয়৷ অৱশ্যে, ভাৰতৰ শ্ৰমিক দিৱস ৰ মে’ত পালিত হয়৷ বিশ্বব্যাপী আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে’ ডে’ হিচাপে পৰিচিত এই দিনটোৱে শ্ৰমিকসকলৰ বৈশ্বিক সংহতি আৰু ন্যায্য অধিকাৰৰ দাবীৰ প্ৰতীক হিচাপে স্থান লাভ কৰি আহিছে৷ হয়তো কাকতালীয়, কিন্তু অসমে সদ্যহতে গোলাপ বৰবৰাৰ জন্মশতবৰ্ষ উদ্যাপন কৰিছে৷ গোলাপ বৰবৰা এজন সমাজবাদী নেতা, স্বাধীনতা সংগ্ৰামী আৰু শ্ৰমিক আন্দোলনৰ অগ্ৰগণ্য ব্যক্তি আছিল৷ ১৯৭৮ চনত তেওঁ অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু ১৯৭৯ চনলৈকে চৰকাৰ চলাইছিল৷
তেওঁৰ চৰকাৰৰ কিছু ঐতিহাসিক পদক্ষেপৰ ভিতৰত আছিল খেতিয়কৰ দহ বিঘালৈকে মাটিৰ খাজনা মাফ কৰি দিয়া, মাধ্যমিকপৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মাচুল বাতিল কৰা [বিশেষকৈ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া শিক্ষা], চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সুবিধা ইত্যাদি, যাক আজিও জনমুখী নীতিৰ উদাহৰণ হিচাপে গণ্য কৰা হয়৷ ৰাজনৈতিক জীৱনত সৰলতা, সহানুভূতি আৰু নৈতিকতাক কেন্দ্ৰীয় মূল্যবোধ হিচাপে তেওঁ গ্ৰহণ কৰিছিল৷
২০২৫ চনৰ ২৯ আগষ্টত গুৱাহাটীস্থিত এক অনুষ্ঠানত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে গোলাপ বৰবৰাৰ শতবৰ্ষ উদ্যাপন আৰম্ভ কৰে আৰু তেওঁক এজন দূৰদৰ্শী সমাজবাদী নেতা হিচাপে তেওঁৰ বক্তৃতাত বৰ্ণনা কৰে৷ উত্তৰ আমেৰিকাৰ শ্ৰমিক দিৱস শ্ৰমিকসকলৰ অধিকাৰ, ন্যায় আৰু সন্মানৰ মূল্যবোধৰ প্ৰতীক৷ ঠিক তেনেকৈয়ে অসমত গোলাপ বৰবৰাৰ শতবৰ্ষ উদ্যাপনে সেই একে আদৰ্শক প্ৰতিফলিত কৰিলে সমাজলৈ এক নতুন বাৰ্তা যাব৷ ভৌগোলিকভাৱে পৃথক হ’লেও শ্ৰম, সংহতি আৰু ন্যায়ৰ মূল্যবোধৰ প্ৰতি গুৰুত্ব দিয়াৰ ক্ষেত্ৰত এক সাৰ্বজনীনতা থাকে, আমেৰিকাই হওক বা ভাৰতেই হওক৷
কানাডা আৰু যুক্তৰাষ্ট্ৰৰ শ্ৰমিক দিৱস আৰু অসমত গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদ্যাপন দুয়োটাই শ্ৰমিকসকলৰ অধিকাৰ, সামাজিক ন্যায় আৰু সংস্কাৰৰ বাবে যেন এক প্ৰাসংগিক বাৰ্তা দিছে৷ বুৰ্জোৱা, ধনাঢ্য শ্ৰেণীৰ দ্বাৰা যাতে শ্ৰমিকৰ শোষণ কমি আহে, তাৰ বাবে পদক্ষেপ ল’ব লাগিব৷ শ্ৰমিকৰ অধিকাৰৰ কথা আহিলে ৱিলিয়াম ব্লেকৰ ‘চিমনী ছুইপাৰ’ কবিতাটিও প্ৰাসংগিক হৈ পৰে, য’ত শিশু শ্ৰমিকৰ দুখ-কষ্টৰ বৰ্ণনা আছে এনেকৈ, ‘When my mother died I was very young, And my father sold me while yet my tongue, Could scarcely cry weep weep weep weep. your chimneys I sweep and in soot I sleep –The Chimney Sweeper’.






