Logo
image

জিএছটি কমিল– ৮ বছৰ পাছত

২০১৭ চনৰ ১ জুলাইৰ পৰা ভাৰতত জিএছটি বা সামগ্ৰী আৰু সেৱা কৰ বলৱৎ  হৈছিল৷ অৰ্থাৎ জিএছটি বলৱৎ হোৱা ৮ বছৰ পাৰ হ’ল৷ ভাৰতৰ এখন জিএছটি কাউঞ্চিল আছে৷ এই কাউঞ্চিল বা পৰিষদখন সামগ্ৰী আৰু সেৱা কৰৰ ক্ষেত্ৰত সৰ্বোচ্ছ ক্ষমতাৰ অধিকাৰী৷ কোনবিধ সামগ্ৰী আৰু কোনবিধ সেৱাৰ ওপৰত কিমান পৰিমাণৰ কৰ আৰোপ কৰা হ’ব, সেয়া নিৰ্ধাৰণ কৰে জিএছটি কাউঞ্চিলে৷ জৱাহৰলাল নেহৰুৱে মাজৰাতি সংসদত ভাৰতৰ স্বাধীনতা ঘোষণা কৰাৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজৰাতি সংসদৰ বিশেষ অধিৱেশনত দেশত জিএছটি বলৱৎ কৰাৰ কথা ঘোষণা কৰিছিল৷ ভাৰতে ‘এখন দেশ এটা কৰা ব্যৱস্থা’ৰ নীতি বলৱৎ কৰিছিল৷ তাৰ আগতে বিভিন্ন ৰাজ্যত বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ওপৰত বিভিন্ন পৰিমাণৰ কৰ আৰোপ হৈ থকাৰ বাবে কৰ সংগ্ৰহৰ ব্যৱস্থাটো অতি জটিল আৰু খেলিমেলিপূৰ্ণ হৈ পৰিছিল আৰু কৰ সংগ্ৰহৰ বিভাগবোৰ হৈ পৰিছিল দুৰ্নীতিৰ ঘাটি৷ বহু ‘ছেলছ টেক্স’ বিষয়াৰ সা-সম্পদৰ মুখৰোচক কাহিনীয়ে ৰাইজৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছিল৷ এই ব্যৱস্থাটোৰ ব্যাপক সংস্কাৰৰ প্ৰয়োজনীয়তা সকলোৱে স্বীকাৰ কৰিছিল৷ মনমোহন সিং চৰকাৰৰ দিনৰ পৰা জিএছটি  সন্দৰ্ভত গুণাগথা চলিছিল৷

জিএছটি বলৱৎ হোৱাৰ পাছৰে পৰা বিভিন্ন সামগ্ৰীত আৰোপ কৰা কৰৰ পৰিমাণৰ বিষয়ে ব্যাপক অসন্তুষ্টি প্ৰকাশ হৈ আহিছে৷ ছাত্ৰ-ছাত্ৰীৰ বহীখন আৰু কলমটোৰ ওপৰত, জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ কৰা কাৰ্যৰ কোনো যুক্তি নাছিল৷ তেনেদৰে আন বহু সামগ্ৰী আৰু সেৱাৰ ওপৰত অযুক্তিকৰ পৰিমাণত জিএছটি আৰোপ কৰা হৈছিল৷ কিন্তু জিএছটিৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ প্ৰচুৰ পৰিমাণৰ ধন আহিছিল৷ সেয়েহে চৰকাৰে সকলো সমালোচনালৈ কাণসাৰ দিয়া নাছিল৷ ক’ভিড মহামাৰীৰ কালছোৱাত আৰু তাৰ পাছত অৰ্থনীতিৰ ওপৰত ভয়ংকৰ বিৰূপ প্ৰভাৱ পৰিছিল৷ বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়-বাণিজ্য তথা উদ্যোগ জীয়াই থকাই টান হৈ পৰিছিল৷ তেনে পৰিস্থিতিতো বহু দাবী উঠাৰ পাছতো জিএছটি হ্ৰাস কৰা হোৱা নাছিল৷ জিএছটিক ‘গব্বৰ সিং টেক্স’ বুলি অভিহিত কৰি বিৰোধীয়ে প্ৰবল প্ৰতিবাদ কৰি আহিছিল৷ ইতিমধ্যে জিএছটি কাউঞ্চিলৰ ৫৪খন সভা অনুষ্ঠিত হৈছিল, কিন্তু জিএছটি হ্ৰাস হোৱা নাছিল৷ আনকি যোৱা মাহলৈ বৰ্ধিত পৰিমাণৰ জিএছটি সংগ্ৰহক চৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰত নিজৰ সফলতা বুলি দাবী কৰি আহিছিল৷ ভাৰতত হোৱা ভয়ংকৰ মূল্যবৃদ্ধিৰ বাবেও চৰকাৰৰ হাতত জমা হোৱা জিএছটি বাঢ়িছে৷ বস্তুৰ দাম যদি ১০ শতাংশ বাঢ়ে, তাৰ ফলত জিএছটিও ১০ শতাংশ বাঢ়িব৷ এয়া মূল্যবৃদ্ধিৰহে পৰিণতি, অৰ্থনৈতিক উন্নয়নৰ নহয়৷ একেখিনি বস্তুৰ বাবে ৰাইজে বেছি দাম দিয়াৰ বাবে চৰকাৰৰ জিএছটি বাঢ়িছে৷

এইবাৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে জিএছটি হ্ৰাস কৰা হ’ব৷ তাৰ পাছত জিএছটি কাউঞ্চিলৰ ৫৫নং সভাত জিএছটি ব্যাপক ৰূপত হ্ৰাস কৰা হ’ল৷ ইয়াৰ ফলত সামগ্ৰী আৰু সেৱাৰ দাম কমিব৷ সাধাৰণ গ্ৰাহক উপকৃত হ’ব৷ একে সময়তে চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণো কমিব৷ আৰম্ভণিৰ পৰাই অভিযোগ উঠি আহিছিল যে জিএছটিৰ পৰিমাণ অত্যধিক হৈছে, দাবী উঠিছিল যে ইয়াক হ্ৰাস কৰিব লাগে৷  ৮ বছৰে চৰকাৰে কাণসাৰ নিদিলে৷ এতিয়া ৮ বছৰৰ মূৰত জিএছটি কাউঞ্চিলৰ ৫৫নং সভাত জিএছটি হ্ৰাস কৰি চৰকাৰে যোৱা ৮ বছৰে উত্থাপন হৈ থকা অভিযোগ আৰু দাবীৰ ন্যায্যতা প্ৰতিপন্ন নকৰিলেনে? এতিয়া ‘হ্ৰাস’ কৰাৰ পাছত গ্ৰাহকে যি পৰিমাণৰ কৰ দিব, সেয়াহে ন্যায্য, চৰকাৰে সিমান পৰিমাণতে কৰ সংগ্ৰহ কৰিব লাগিছিল৷ অৰ্থাৎ চৰকাৰে ইমান দিনে অধিক পৰিমাণত, অন্যায় পৰিমাণত কৰ সংগ্ৰহ কৰি আহিছিল৷

ভাৰতৰ অৰ্থনীতিৰ অৱস্থা সন্তোষজনক নহয়৷ সাধাৰণ নাগৰিকে পৰিয়ালৰ খৰচৰ জোৰা মৰা টান হৈ পৰিছে৷ পৰিয়াল চলাবলৈ সাধাৰণ মানুহে ঋণ ল’ব লগা হৈছে৷ সোণ বন্ধকত থৈ ঋণ লোৱাৰ পৰিমাণ হোৰাহোৰে বাঢ়িছে৷ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীৰ অৱস্থা সংকটাপন্ন৷ নতুন নিয়োগৰ সুবিধা সৃষ্টি হোৱা নাই, নিবনুৱাৰ সংখ্যা হোৰাহোৰে বাঢ়ি আছে৷ কেৱল ভাৰতেই নহয়, পৃথিৱীৰ বহু দেশ অৰ্থনৈতিক সংকটৰ মাজেৰে পাৰ হৈ গৈ আছে৷ তাতে আকৌ ভূতৰ ওপৰত দানহৰ দৰে ট্ৰাম্পৰ শুল্ক বোমাৰ আঘাতে ভাৰতৰ ৰপ্তানিত ভয়ংকৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ভাৰতে ৰাছিয়াৰ পৰা কম দামত তেল আমদানি কৰাৰ বাবে ট্ৰাম্পৰ খং, কিন্তু ৰাছিয়াৰ পৰা কম দামত তেল আমদানি কৰাৰ বাবে হোৱা লাভৰ সাধাৰণ নাগৰিক অংশীদাৰ হোৱা নাই৷ ট্ৰাম্পক প্ৰত্যুত্তৰ দিবৰ বাবে ভাৰত চীনৰ ওচৰ চাপিছে, কিন্তু আমেৰিকাই উচ্চ হাৰৰ শুল্ক আৰোপ কৰাৰ ফলত হ’ব পৰা ক্ষতি চীনে পূৰণ কৰিব পৰাৰ কোনো সম্ভাৱনা নাই৷ এনেদৰে বহু সমস্যাৰ সন্মুখীন হোৱা ভাৰতৰ অৰ্থনীতিক জীয়াই ৰাখিবলৈ হ’লে ভাৰতৰ নিজৰ দেশীয় বজাৰখন দেশৰ গ্ৰাহকেৰে চলি থাকিব লাগিব৷ বজাৰখন চলি থাকিবলৈ হ’লে গ্ৰাহকৰ হাতত কিনিবলৈ টকা থাকিব লাগিব৷ সামগ্ৰীৰ দাম গ্ৰাহকৰ ক্ৰয় ক্ষমতাই ঢুকি পোৱা হ’ব লাগিব৷  ৰপ্তানিৰ লগতে ভাৰতৰ আভ্যন্তৰীণ বজাৰখনৰো কিনা-বেচা কমি গ’লে ভাৰতৰ অৰ্থনীতি গভীৰ সংকটত পৰিব৷ সেয়েহে বজাৰৰ সামগ্ৰী গ্ৰাহকৰ ক্ৰয় ক্ষমতাই ঢুকি পোৱা পৰিমাণত ৰাখিবলৈ চৰকাৰে ৮ বছৰৰ মূৰত জিএছটি কমাবলৈ বাধ্য হ’ল৷ বজাৰত বস্তুৰ দাম কমা মানে গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধি হোৱা৷ গ্ৰাহকে বেছিকৈ কিনিলে উদ্যোগবোৰে বেছিকৈ উৎপাদন কৰিব, বেছিকৈ উৎপাদন কৰিলে বেছিকৈ শ্ৰমিক নিয়োগ কৰিব, বেছিকৈ কেঁচামাল কিনিব, যিমানে বেছি কিনা-বেচা হ’ব, সিমানে চৰকাৰে অধিক কৰ পাব৷

৮ বছৰৰ মূৰত জিএছটি হ্ৰাস কৰি চৰকাৰে আওপকীয়াকৈ স্বীকাৰ কৰি ল’লে যে দেশৰ অৰ্থনীতি সংকটাপন্ন হৈছে৷ এই অৰ্থনীতত গ্ৰাহকৰ আগৰ পৰিমাণত কৰ আদায় দিব পৰাৰ ক্ষমতা নাই৷ দেশৰ অৰ্থনীতিৰ জয়জয়-ময়ময় হৈ থাকিলে চৰকাৰে সাধাৰণ গ্ৰাহকক কৰ হ্ৰাস কৰি সকাহ দিয়াৰ কোনো প্ৰয়োজন অনুভৱ নকৰিলেহেঁতেন৷ জিএছটি হ্ৰাসৰ ফলত সাধাৰণ গ্ৰাহকে সকাহ পাব৷ কিন্তু ভাৰতৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাত ইয়াৰ প্ৰভাৱ জানিবলৈ আমি কিছুদিন অপেক্ষা কৰিব লাগিব৷