উক্তি-বক্ৰোক্তি
মই এতিয়াও দ্বিতীয় বা তৃতীয় পৰ্যায়ৰ নিষেধাজ্ঞা আৰোপ কৰা নাই৷ দুসপ্তাহ পূৰ্বে নতুন দিল্লীক ৰাছিয়াৰ তেলৰ আমদানি বন্ধ কৰিবলৈ কৈছিলোঁ৷ সেইটো নকৰিলে তেওঁলোকৰ সমস্যা আছে৷
– মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
কোনো হিন্দু ভাৰতত বিদেশী নহয়৷ হীৰেন গোহাঁইৰ বাবে বহু সমস্যা হৈছে অসমত৷
– বিজেপিৰ সভাপতি দিলীপ শইকীয়া
গৰুক মই মাৰ দৰে দেখা পাওঁ৷ সেয়ে মই গো-মাংস নাখাও৷
– বলীউডৰ অভিনেতা ছলমান খান
২০১৪ চনেই আমি মনা নাছিলোঁ৷ এতিয়া আৰু দহ বছৰ বঢ়াই ৫৩ বছৰৰ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিছে৷ অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়৷ এনেদৰে কেন্দ্ৰই অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিয়াটো আমি কেতিয়াও মানি নলও৷
– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ
দ্বিতীয় ছেটৰ পাছত আৰু মোৰ খেলিবলৈ শক্তি নাছিল৷ কিন্তু মোক আৰু এটা গ্ৰেণ্ডশ¡াম লাগে৷ তাৰ বাবে মই চেষ্টা চলাই যাম৷ পাঁচটা ছেটৰ মেছত আলকাৰাজৰ দৰে খেলুৱৈক পৰাস্ত কৰাটো মোৰ বাবে সম্ভৱ নহয়৷ তিনিটা ছেটতে মই মেচ শেষ কৰিব লাগিব আৰু এটা গ্ৰেণ্ডশ¡াম ল’ব লাগিব৷
– টেনিছ তাৰকা নভাক জক’ভিচ
১০ ছেপ্টেম্বৰত কৰিবলগীয়া মেগা-শ্ব’খন ফ্লপ-শ্ব’ হ’ব৷ তথাপি মুখ্যমন্ত্ৰীয়ে কেতিয়াও ক্ষমা নিবিচাৰে৷ অসম আৰক্ষীক এইবোৰ কামত ব্যৱহাৰ নকৰি কয়লা ছিণ্ডিকেটৰ অভিযুক্তক ধৰিবলৈ লগোৱা হ’লে কামত আহিলহেঁতেন৷ কিন্তু মুখ্যমন্ত্ৰীয়ে তেনেবোৰ কাম ৰাইজৰ চকুৰ পৰা আঁতৰাই প্ৰচাৰধৰ্মী কামত দিনটো লাগি থাকে৷
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ
দেশৰ কৃষকৰ স্বাৰ্থ বিঘ্নিত কৰি ভাৰতে আমেৰিকাৰ সৈতে কৃষি খণ্ডত চুক্তি নকৰে৷ কৃষি খণ্ডত আমেৰিকাৰ ভাৰতত প্ৰৱেশৰ কোনো সম্ভাৱনা নাই৷ প্ৰধান মন্ত্ৰী মোদীও তেনে চুক্তিৰ প্ৰতি অনিচ্ছুক৷ আমি দেশৰ স্বাৰ্থ বিঘ্নিত নকৰোঁ৷
– কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান
মই মহিলা নহয়, মই অফিচাৰ৷ সাংবাদিকক খবৰ কোনে দিলে? আপোনাৰ দৰে অংগনৱাড়ী কৰ্মীয়ে মোৰ আগত এনেকৈ কথা নক’ব৷ আজিয়েই একচন ল’ম, চুপ থাকক৷
– ৰহা সমজিলাৰ আয়ুক্ত অংকিতা বৰা
কলেজত পঢ়ি থকা সময়ত মই অধ্যক্ষকো বেয়াকৈ উত্তৰ দিছিলোঁ৷ সেয়া মোৰ ঔদ্ধত্য আছিল৷ মই এতিয়া সলনি হ’লোঁ৷
– বলীউডৰ অভিনেতা শ্বাহৰুখ খান






