Logo
image

এবাৰ ক’ভিড হ’লে দ্বিতীয়বাৰ হোৱাৰ আশংকা কিমান?

আমাৰ অসম বিশেষঃ দেশত প্ৰতি ছেকেণ্ডত এজনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ ৰাজ্যৰ অৱস্থাও তথৈৱচ৷ সকলোৱে আতংকত দিন কটাইছে৷ ইয়াৰ মাজতে অধিকাংশই দ্বিতীয়বাৰ ক’ভিডত আক্ৰান্ত হোৱাৰ আশংকাত ভুগিছে৷ সাধাৰণতে দেখা যায় চিকেন পক্স, হামকে ধৰি কোনো কোনো ভাইৰাছ এবাৰ সংক্ৰমণ হ’লে শৰীৰত যি এণ্টিবডি তৈয়াৰ হয় তাৰ ফলত দ্বিতীয়বাৰ সংক্ৰমণ হোৱাৰ আশংকা নাথাকে বুলিয়ে ক’ব পাৰি৷ কিন্তু ক’ভিডৰ ক্ষেত্ৰত দেখা গৈছে ইয়াৰ চৰিত্ৰ সুকীয়া৷ এনে বহু ক’ভিড ৰোগী পোৱা গৈছে যাৰ দ্বিতীয়বাৰলৈ সংক্ৰমণ হৈছে৷ কিয় এনে হৈছে? সংক্ৰামক ৰোগ বিশেষজ্ঞই জনাইছে যে, ক’ভিড-১৯ আচলতে এক ধৰণৰ ফ্লু-ভাইৰাছ৷ জ্বৰ, চৰ্দি, কাহ, হাচি যিদৰে  বাৰে বাৰে একাধিকবাৰ হয় কৰ’নাৰ ক্ষেত্ৰতো একেই লক্ষণ দেখা যায়৷ অত্যন্ত সংক্ৰামক কৰ’না ভাইৰাছৰ চৰিত্ৰ পৰিৱৰ্তন হৈ থকাৰ ফলত অনেকেই দ্বিতীয়বাৰলৈ সংক্ৰমিত হৈছে৷ বিশেষজ্ঞসকলে ক’ব বিচাৰে যে ‘আমি যিমানেই এই ভাইৰাছটোক ৰোধ কৰিবলৈ চেষ্টা কৰিছো, সিমানেই ডাৰউইনৰ ‘চাৰভাইভেল অফ দ্য ফিটেষ্ট তত্ত্ব’ মানি ভাইৰাছেও নিজকে ৰক্ষা কৰাৰ কাৰণে নিজকে [চৰিত্ৰ] সলনি কৰি পেলাইছে৷ এই কাৰণেই ক’ভিডমুক্ত হোৱাৰ পাছতো নতুনকৈ সংক্ৰমণ হৈছে বা দুবাৰকৈ সংক্ৰমণ হোৱাৰ আশংকা আছে৷’

ক’ভিড ভাইৰাছক লৈ অনেক গৱেষণা চলি আছে৷ বিশেষজ্ঞই মত পোষণ কৰিছে যে ‘আমাৰ দেশত ভাইৰাছে ৰূপ সলনি কৰি কিদৰে নতুনকৈ সংক্ৰমণ হ’ৱ লাগিছে তাক নিশ্চিতভাৱে ক’ব নোৱাৰি৷ ব্ৰাজিল, ইউ কে বা দক্ষিণ আফ্ৰিকাৰ চৰিত্ৰ পৰিৱৰ্তিত ভাইৰাছ সম্পৰ্কে বিজ্ঞান ভিত্তিক প্ৰমাণ থাকিলেও আমাৰ দেশৰ ভাইৰাছৰ ভিন্ন ৰূপক লৈ বিস্তৰ গৱেষণাৰ দৰকাৰ৷ বিগত বৰ্ষৰ তুলনাত এইবাৰ ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ তীব্ৰতা বেছি, বিশেষকৈ এইবাৰ কৰ’নাৰ দ্বিতীয় লহৰত শিশু, কিশোৰ-কিশোৰী তথা কম বয়সীয়া লোক বেছি আক্ৰান্ত হৈছে৷ এইবাৰ হয়তো কৰ’নাৰ বিৰুদ্ধে দেশবাসীৰ যুদ্ধখন দীঘলীয়া হ’ব৷ বিশেষজ্ঞৰ মতে, যিয়ে টিকা গ্ৰহণ কৰিছে তেওঁলোকৰ বিশেষ উপসৰ্গ নাথাকে৷ চৰকাৰী তথ্য অনুযায়ী যি ক’ভিশ্বিল্ড টিকাৰ দ্বিতীয় ড’জ লৈছে তেওঁলোকৰ মাজত সংক্ৰমণৰ হাৰ .০৩%৷ কোৱা বাহুল্য যে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মাস্ক পৰিধান কৰাটো আৰু টিকা লোৱাটো বাধ্যতামূলক হোৱা উচিত৷