Logo
image

এই জাতি বাচিবনে

এতিয়া অসমতে অসমীয়া সংখ্যালঘু হোৱাৰ পথত৷  অসমৰ খেতি,  বজাৰ, অৰ্থনীতি লাহে লাহে বহিৰাগতৰ হাতলৈ গুচি গৈছে৷ ৰাজনীতিত নিৰ্ণয়  আজি অসমীয়াই নিজে ল’ব নোৱাৰে৷ অসমীয়া ভাষালৈ আৰু সমাজ জীৱনলৈও সংকট আহিছে৷ অসমীয়াৰ মাটি-বাৰী দিনে দিনে কমি আহিছে৷ কমি আহিছে অসমীয়াৰ ঐক্য-সম্প্ৰীতি৷ আনৰ ভাষা-সংস্কৃতিক আঁকোৱালি লওঁতে অসমীয়াৰ নিজৰবোৰ পাহৰি পেলাইছে৷ পাহৰি পেলাইছে  বৃহৎ অসমীয়া জাতি  গঠনৰ ইতিহাস ৷ আনক অনুকৰণ কৰোঁতে  ঘৰচিৰিকাৰ দৰে নিজে খোজ কাঢ়িবলৈ পাহৰিছে৷ মহাপুৰুষীয়া ধৰ্মৰ নীতি আদৰ্শ আওকাণ কৰি অধিক হিন্দু আৰু সনাতনী হোৱাৰ এক আচৰিত প্ৰৱণতা অসমীয়া মানুহৰ মাজত গঢ় লৈ উঠিছে৷ নিজকে  বীৰ অসমীয়া বুলি চিনাকি দিয়া লোক নোহোৱা হ’ল৷ কোনোবাই চিনাকি দিলেও শাসক পক্ষই তাক মষিমূৰ কৰিবলৈ উঠি পাৰি লাগে৷ অসমতে অসমীয়া মানুহৰ চৰকাৰ থাকোঁতে অসমীয়াই মাত মাতিব নোৱাৰা অবস্থা, প্ৰতিবাদ কৰিব নোৱাৰা অবস্থা৷ বিদেশী আৰু বাহিৰাগতৰ প্ৰতি অধিক দৰদ থকা অসমীয়া মানুহৰ চৰকাৰখনে অসমৰ খাতি খোৱা অসমীয়াক বহু সময়ত শত্ৰু জ্ঞান কৰে৷ তেওঁলোকে অসমীয়াৰ স’তে থিয় নহৈ বাহিৰাগতৰ পক্ষ লৈ অসমীয়াৰ বুকুত ডেগাৰ মাৰি থকাৰ কথা বহুতে অনুধাৱন কৰিলেও মুখ ফুটাই ক’ব  নোৱাৰে৷ কেতিযাবা ক’লেও জেল হাজোতৰ ভয়৷ বিদেশীৰ বোজা লৈ কোঙা হোৱা অসমীয়া জাতিৰ একতা এতিয়া ছিন্ন-বিছিন্ন৷ ৰাজনৈতিক প্ৰেক্ষাপটত অসমীয়া জাতি এতিয়া এনেকুৱা এটা অবস্থালৈ গতি কৰিছে যে অসমীয়াই  অসমীয়াৰ শত্ৰু হৈ পৰিছে৷  সেয়ে বিদেশী, বাহিৰাগতই বেছিকৈ লাই পাইছে লগতে প্ৰশাসন যন্ত্ৰৰো সহায় সহযোগ লাভ কৰিবলৈ সক্ষম হৈছে৷ 

২০২৬ চনত লোকপিয়ল হলে অসমীয়া জাতি হয়তো সংখ্যালঘুত পৰিণত হ’ব৷ লগতে অসমীয়া ভাষাও সংখ্যালঘু ভাষা হ’বগৈ ৷ তেনেকুৱা হ’লে অসমৰ মূল ভাষা হয়তো অসমীয়া হৈ নাথাকিব৷ এইবোৰ  কথা জানিও  অসমীয়া  জাতি নিৰ্বিকাৰ৷ অসমীয়া সংখ্যালঘু হ’লেও বৰ্তমানৰ চৰকাৰখনৰ একো ক্ষতি নহয়৷ কাৰণ ক্ষমতালৈ আহিবলৈ অসমীয়াৰ ভোটতকৈ বিদেশী, বহিৰাগত ভোটৰ বেছি প্ৰয়োজন৷ বিদেশীয়ে অসমীয়াৰ ভেটি দখল কৰিলেও বিদেশী খেদোতা নাই৷ কাৰণ যিখন দেশত ৰাজনৈতিক দলে বিদেশী আৰু বহিৰাগতৰ ভোটেৰে ক্ষমতা দখলৰ অভিসন্ধি ৰচে, সেইবোৰ দলৰ চৰকাৰে বিদেশী খেদিব বুলি ভবাটো অবান্তৰ কথা মাথোঁ৷ বিদেশী খেদিম বুলি দুবাৰ শাসনলৈ অহা অসম গণ পৰিষদেই যেতিয়া অসমীয়াক প্ৰবঞ্ছনা কৰিলে৷ বাকী ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে সেই কাম মুঠেও নকৰে৷ তাতে অসমীয়া জাতি এতিয়া ক্ষমতাশালী ৰাজনৈতিক দল আৰু নেতাৰ পদলেহনকাৰী এটা দুৰ্বল  আৰু স্বাৰ্থপৰ জাতি হৈ পৰিছে৷ তেনেষ্ঠলত অসম অসমীয়াৰ হৈ নাথাকিলেও বৰ বিশেষ ভাবিব লগা নাই৷ কাৰণ যিসকল ৰাজনৈতিক ক্ষমতাশালী লোকে   এইবোৰ ভাবিব লাগিছিল সেইসকল এতিয়া ভাৰতীয়ত্বত  জাহ গল৷ এতিয়া অসমৰ পৰা বিদেশী কোনে খেদিব? ড॰ ভূপেন হাজৰিকাই এনেয়ে গাই যোৱা নাছিল– ‘আমি অসমীয়া নহও দুখীয়া, বুলি সান্তনা লভিলে নহ’ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হব৷’ এই গতি অব্যাহত থাকিলে সেই দিনলৈ বৰ বেছি পৰ ৰ’ব নালাগিব৷

এতিয়া অসম চৰকাৰে ‘কা’ৰ  যোগেদি ২০২৪ চনলৈকে অসমলৈ অহা হিন্দু বাংলাদেশীৰ লগতে অনান্য দেশৰ পৰা অহা  অমুছলমান লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ লোৱা কাৰ্যই সমগ্ৰ অসমীয়া জাতিটো শেষ কৰিব৷ ইয়াত আচৰিত হব লগা একো নাই যে এই কাম অসমীয়াই নিজে কৰিব৷ কাৰণ এতিয়া অসমত এখন অসমীয়া  মানুহৰে চৰকাৰ চলি আছে আৰু এইখন চৰকাৰেই জাতি বিনাশ কৰা কাৰ্যৰ আৰম্ভণি কৰিছে৷