নিয়ম ভঙাৰ নিয়ম গঢ়া ট্ৰাম্প
বৰ্তমান ঠন ধৰি উঠা আমেৰিকা আৰু ইউৰোপৰ জাতীয়তাবাদৰ এটা উমৈহতীয়া চৰিত্ৰ হ’ল যে ই গোলকীকৰণৰ বিৰোধী৷ সাধাৰণতে বামপন্থীসকলকহে পুঁজিবাদী গোলকীকৰণ আৰু বজাৰ বিশ্বায়নৰ বিৰোধিতা কৰা দেখা যায়৷ কিন্তু আমেৰিকাত সোঁপন্থীসকলেহে গোলকীকৰণৰ বিৰোধিতা কৰিছে৷ বৰং ইউৰোপ-আমেৰিকাৰ গোলকীকৰণৰ বিৰোধিতা কৰাসকল অতি সোঁপন্থী জাতীয়তাবাদী৷ ভাৰতত গোলকীকৰণৰ বিৰোধিতা কৰাসকলৰ মাজত বামপন্থী দল আৰু বামপন্থী চিন্তাধাৰাৰ লোকেই আগভাগ লৈ আহিছে৷ তেওঁলোকৰ বেছিভাগৰ ক্ষেত্ৰতে দেখা যায় যে বামপন্থীৰ গোলকীকৰণৰ বিৰোধিতা আচলতে আমেৰিকাকৰণৰ বিৰোধিতা৷ তেওঁলোকে ভাবে যে আমেৰিকা আৰু আমেৰিকাৰ প্ৰভাৱাধীন বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি হ’ল গোলকীকৰণৰ মূল হোতা৷
এতিয়া আমেৰিকাৰ অতি সোঁপন্থীসকলো গোলকীকৰণৰ বিৰোধী আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হাজাৰ কোটি টকাৰ মালিক বৃহৎ পুঁজিপতি৷ তেওঁ এতিয়া গোলকীকৰণৰ তীব্ৰ বিৰোধী আৰু আমেৰিকান জাতীয়তাবাদৰ প্ৰবক্তা৷ আমেৰিকা আৰু ইউৰোপত এতিয়া গোলকীকৰণৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হোৱাসকল সমাজবাদীৰ নেতৃত্বত একত্ৰিত হোৱা নাই৷ তাত সমাজবাদী চিন্তা, সমাজবাদী ৰাজনীতিও শক্তিশালী হোৱা নাই৷ গোলকীকৰণৰ বিৰোধিতাৰ ফলত ঠেক জাতীয়তাবাদী ৰাজনীতিহে লহপহকৈ বাঢ়ি আহিছে৷ আমেৰিকাৰ সাধাৰণ জনসাধাৰণে দিনে দিনে বাঢ়ি গৈ থকা তেওঁলোকৰ দুখ-দুৰ্দশাৰ বাবে গোলকীকৰণক জগৰীয়া কৰিছে৷ আৰু এই গোলকীকৰণৰ বাবে তেওঁলোকে জগৰীয়া কৰিছে তথাকথিত কমিউনিষ্ট চীন দেশক, এছিয়াৰ দেশবোৰক, আমেৰিকাত থিতাপি লোৱা আৰু নিজৰ যোগ্যতাৰে নিজক প্ৰতিষ্ঠা কৰা বহিৰাগতসকলক আৰু সমগ্ৰ পৃথিৱীৰ মুছলমানক৷ আগতে আমেৰিকা আছিল উৎপাদনকাৰী আৰু সমগ্ৰ পৃথিৱীখন আছিল সেই উৎপাদিত সামগ্ৰীৰ বজাৰ৷ গোলকীকৰণৰ কৃপাত এতিয়া চীন আৰু এছিয়াৰ দেশ কিছুমান হ’ল উৎপাদনকাৰী আৰু আমেৰিকা হ’লগৈ তেনে উৎপাদিত সামগ্ৰীৰ বজাৰ৷ গোলকীকৰণে কমিউনিষ্ট চীনৰ আটাইতকৈ বেছি লাভ কৰিছে৷ গোলকীকৰণ বামপন্থীসকলে ভবাৰ দৰে আমেৰিকাকৰণ নহয়, বৰং আমেৰিকাৰ সাধাৰণ লোকে গোলকীকৰণে তেওঁলোকৰ জীৱনলৈ দুখ-দৰ্দশা কঢ়িয়াই অনা বুলি ভাবে আৰু ইয়াৰ প্ৰতিকাৰৰূপে আমেৰিকাৰ সাধাৰণ মানুহখিনিয়ে এতিয়া সংকীৰ্ণ জাতীয়তাবাদেই তেওঁলোকৰ একমাত্ৰ ৰক্ষাৰ পথ বুলি ভাবিছে৷
ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ প্ৰমাণ কৰি দেখুৱাইছে যে আমেৰিকাৰ জনসাধাৰণৰ পৰম্পৰাগত ৰাজনীতিৰ প্ৰতি মোহভংগ হৈছে৷ তেওঁ এক সংকীৰ্ণ আমেৰিকান জাতীয়তাবাদৰ পোষকতা কৰিছে আৰু আমেৰিকাৰ খিলঞ্জীয়া মানুহখিনিক তেনে জাতীয়তাবাদৰ প্ৰতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ যিহেতু গোলকীকৰণে আন দেশ আৰু জাতিৰ মানুহৰ বাবে এই দেশবোৰ মুকলি কৰি দিছে, গতিকে এই সংকীৰ্ণ জাতীয়তাবাদ গোলকীকৰণৰ বিৰোধী৷
মুক্তি বাণিজ্য অৰ্থনীতি আৰু গোলকীকৰণে আমেৰিকা আৰু ইউৰোপত এখন উদাৰ, গণতান্ত্ৰিক সমাজ গঢ়ি তুলিছিল৷ পৃথিৱীৰ সকলো জাতিৰ, সকলো বৰ্ণৰ, সকলো ধৰ্মৰ মানুহে সেই উদাৰ অৰ্থনীতিয়ে কঢ়িয়াই অনা সুযোগৰ বাবে আমেৰিকা-ইউৰোপক নিজৰ ঘৰ কৰি লোৱাৰ সুযোগ পাইছিল৷ সেই সমাজখনৰ বুনিয়াদ আছিল পুঁজিবাদী অৰ্থনীতি আৰু উদাৰবাদী গণতন্ত্ৰ৷ পুঁজিবাদী অৰ্থনীতিৰ ভিত্তিতেই ইউৰোপত বিশেষকৈ স্কেণ্ডিনেভিয়ান দেশকেইখনত লাহে লাহে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই গা কৰি উঠিছিল৷ সাংবিধানিক গণতন্ত্ৰ আৰু সমাজবাদ-পুঁজিবাদৰ মাজৰ মধ্যম পন্থাৰে যোৱাই উত্তম বুলি এটা ধাৰণা প্ৰবল হৈ উঠিছিল৷ পুঁজিবাদক নাকী লগাব পৰা কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠনৰ পৰীক্ষা-নিৰীক্ষা ইউৰোপতেই আৰম্ভ হৈছিল৷
গোলকীকৰণে আমেৰিকা আৰু ইউৰোপৰ সাধাৰণ মানুহৰ জীৱনলৈ তেওঁলোকে আশা কৰাধৰণৰ পৰিৱৰ্তন অনাত সফল নহ’ল৷ নানা কাৰণত আমেৰিকাৰ বগা চামৰাৰ পুৰণি মানুহখিনিৰ সমস্যা দিনক দিনে বাঢ়ি গৈ থাকিল৷ যোৱা অৰ্ধশতিকাজুৰি আমেৰিকাৰ পুঁজিপতিৰ আয়ৰ চমকপ্ৰদ বৃদ্ধি হৈছে৷ বস্তু-বাহানিৰ দাম বাঢ়িছে, কিন্তু সাধাৰণ লোকৰ আয় একেটা পৰ্যায়তে গেঁঠেলা মাৰি আছে৷ একে সময়তে লেটিন আমেৰিকা, এছিয়া আৰু আফ্ৰিকাৰ পৰা কোটি কোটি লোক আহি আমেৰিকাত ঘৰ পাতিছে আৰু একোটা সুখী আৰু উন্নত জীৱন কটাইছে৷ চীনত উৎপাদিত সামগ্ৰীয়ে আমেৰিকাৰ বজাৰ ছানি ধৰিছে৷ ভূতৰ ওপৰত দানহৰ দৰে ইছলামিক জিহাদী সন্ত্ৰাসবাদে আমেৰিকা আৰু ইউৰোপৰ মানুহৰ জীৱনৰ নিৰাপত্তাও নোহোৱা কৰিছে৷ আমেৰিকাৰ স্থানীয় মানুহৰ মাজত লাহে লাহে এই ধাৰণা প্ৰবল হৈ পৰিল যে এই বহিৰাগতসকলেই হ’ল সকলো অথন্তৰৰ মূল৷ যিহেতু গোলকীকৰণৰ বাবে এই বহিৰাগতসকল আমেৰিকাত থিতাপি ল’ব পাৰিছে, চীনৰ সামগ্ৰী অবাধে আমেৰিকাৰ বজাৰলৈ আহিব পাৰিছে, মুছলমান দেশবোৰৰ পৰা অবাধ প্ৰব্ৰজন ঘটিছে, গতিকে তেওঁলোকৰ মূল শত্ৰু হ’ল গোলকীকৰণ৷ ট্ৰাম্পে সোঁপন্থী-বামপন্থীৰ পৰম্পৰাগত ৰাজনৈতিক পাৰ্থক্য মষিমূৰ কৰি সাধাৰণ বনুৱাৰ পৰা বৃহৎ পুঁজিপতিলৈ সকলোকে আমেৰিকান জাতীয়তাবাদৰ সংকীৰ্ণ ধাৰণা এটাৰে একলগ কৰিবলৈ সক্ষম হৈছে৷
গতানুগতিক পৰম্পৰাগত ৰাজনৈতিক চিন্তা-চৰ্চাৰ প্ৰতি সাধাৰণ মানুহৰ মোহভংগ ঘটিছে– তেওঁলোক ক্ষোভিত, বিভ্ৰান্ত, দ্বিধাগ্ৰস্ত৷ এই মানুহখিনিয়ে তেনে সংকীৰ্ণ জাতীয়তাবাদৰ মাজত তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ সমস্যাসমূহ সমাধান হোৱাৰ আশা দেখিছে৷ ট্ৰাম্পৰ চিন্তা-চৰ্চা, কাম-কাজ অগতানুগতিক, অপৰম্পৰাগত৷ বহুতে মত প্ৰকাশ কৰিছে যে পৃথিৱীৰ গণতান্ত্ৰিক-সমাজবাদী-উদাৰবাদী শিবিৰতো পৰম্পৰাগত গেঁঠেলা মৰা আওপুৰণি-ব্যৰ্থ-অথৰ্ব ধ্যান-ধাৰণাক জোকাৰি পেলাব পৰা এজন ট্ৰাম্পৰ প্ৰয়োজন হৈছে৷






