উক্তি-বক্ৰোক্তি
মই মণিপুৰবাসীৰ সৈতে আছোঁ৷ মণিপুৰত এতিয়া প্ৰত্যাশাৰ নতুন পুৱা৷
– নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰী
ভাৰতৰ ওপৰত ৫০ শতাংশ শুক্ল আৰোপ কৰিছিলোঁ, কাৰণ ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিছে৷ এই কামটো বৰ সহজ নাছিল, ইয়াৰ বাবে ভাৰতৰ সৈতে আমাৰ সম্পৰ্কত ফাঁট মেলিছে৷
– ড’নাল্ড ট্ৰাম্প, মাৰ্কিন ৰাষ্ট্ৰপতি
ভাৰতে নেপালক সহায় কৰি আহিছে৷ কিন্তু এষাৰ কথা আছে– পাকঘৰত একেলগে বাচন-বৰ্তন থাকিলেও কেতিয়াবা শব্দ হয়৷
– সুশীলা কাৰ্কি, নেপালৰ অন্তৰ্ৱৰ্তী প্ৰধানমন্ত্ৰী
লাডেনৰ কথা পাহৰি নাযাব৷ যেতিয়া পাকিস্তানলৈ গৈ ওছামা বিন লাডেনক হত্যা কৰা হৈছিল, তেতিয়াতো কোনোৱে বিদেশৰ মাটিত সন্ত্ৰাসবাদীক লক্ষ্য কৰাৰ কথাত প্ৰশ্ন তোলা নাছিল৷ সকলোৱে মাত্ৰ জানিব বিচাৰিছিল লাডেনক কিয় আশ্ৰয় দিয়া হৈছে একেটা প্ৰশ্ন হামাছৰ ক্ষেত্ৰতো প্ৰযোজ্য৷
– ডানি ডানন, ইজৰাইলৰ প্ৰতিনিধি
ৰাজনীতিলৈ আহি মোৰ ক্ষতি হৈছে৷ মানুহৰ মতে কোনো অভিনেতাই কেৰিয়াৰৰ শেষতহে ৰাজনীতিলৈ আহিব লাগে৷ কিন্তু মই আগতেই ৰাজনীতিলৈ আহিলোঁ–য’ত মই বহু কষ্ট কৰিবলগীয়া হ’ল৷
– স্মৃতি ইৰাণী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু অভিনেত্ৰী
বিজেপি আছে কাৰণে অসমত খিলঞ্জীয়াই দপদপাই আছে৷ ভয়ত গাঁতত সোমাইছে মিঞা৷ গতিকে অসমৰ ৰাইজে বাৰে বাৰে মোক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে৷
– হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী
আমি বিহু নাচিছোঁ, হাঁহিছোঁ; কিন্তু মুখ্যমন্ত্ৰীৰ মুখমণ্ডল চাওক ক’লা পৰিছে৷ মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ ভঙা কেছেটৰ দৰে অসংলগ্ন৷
– গৌৰৱ গগৈ, সাংসদ
এইবাৰ বিটিচিৰ নিৰ্বাচনত বিজেপি দ্বিতীয় স্থানত আৰু ইউ পি পি এল তৃতীয় স্থানত থাকিব৷ আমি ভবাতকৈ বেছি আসন পাম৷ সংখ্যাটো এতিয়া নকওঁ৷ প্ৰমোদ বড়ো এইবাৰ বেয়াকৈপৰাজিত হ’ব৷
– হাগ্ৰামা মহিলাৰী, বিপিএফৰ মুৰব্বী
ছয় জনগোষ্ঠীয়ে এছটিৰ মৰ্যাদা পালে লাভ নহয় মুছলমানৰ৷ জনজাতীয় ৰাজ্য হিচাপে ঘোষণা হ’লে ক্ষতিগ্ৰস্ত হ’ব অসমৰ মুছলমান৷
– আশ্ৰাফুল হুছেইন, এআইইউডিএফৰ বিধায়ক
মিত্ৰতাৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে বেছি টেঙৰামি কৰিছে৷ আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়াব নালাগে নহয়৷
– অখিল গগৈ, ৰাইজৰ দলৰ বিধায়ক
‘কাশ্মীৰ ফাইলছ’ৰ পৰা লাভ হোৱা ধনেৰে ‘বেংগল ফাইলছ’ নিৰ্মাণ কৰিছিলোঁ৷ ইয়াৰ পাছত মোৰ কি হ’ব নাজানো৷ বৰ্তমান ফ্লাইটৰ টিকেট কিনাৰ বাবেও মোৰ ধন নাই৷
– বিবেক অগ্নিহোত্ৰী, চলচিচত্ৰ পৰিচালক
ভাৰতৰ কুলদীপ যাদৱ, চি ভি বৰুণেই পাকিস্তানৰ বাটৰ কাঁইট৷
– ৱাছিম আক্ৰম, পাকিস্তানৰ ক্ৰিকেটাৰ






