
অৱশেষত ৰাহুলৰ ‘হাইড্ৰ’জেন বোমা’ বিস্ফোৰণ
নতুন দিল্লীঃ ‘ছাৰ’ অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ দেশজুৰি বিতৰ্ক চলি থকাৰ মাজতে কংগ্ৰেছ নেতা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ‘ভোট চুৰি’ৰ অভিযোগত পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পূৰ্বে ঘোষণা কৰাৰ দৰে কাৰ্যতঃ হাইড্ৰ'জেন বোমাৰ বিস্ফোৰণ ঘটালে৷ বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে সমগ্ৰ দেশত কিদৰে পৰিকল্পিতভাৱে কংগ্ৰেছপন্থী ভোটাৰসকলৰ নাম কৰ্তন কৰা হৈছে তাৰ সুনিৰ্দিষ্ট প্ৰমাণ পোৱা গৈছে৷ ছফটৱেৰৰ দ্বাৰা মচি পেলোৱা হৈছে হাজাৰ হাজাৰ ভোটাৰৰ নাম৷ এইক্ষেত্ৰত তেওঁ কৰ্ণাটকৰ আলন্দ বিধানসভা সমষ্টিৰ বিষয়ে উল্লেখ কৰে৷ আলন্দ বিধানসভা সমষ্টিত অন্ততঃ ৬০১৮ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে বুলি সংবাদ মেলত দাবী কৰে ৰাহুল গান্ধীয়ে৷ যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰত কংগ্ৰেছ শক্তিশালী, সেইবোৰ কেন্দ্ৰত সম্পূৰ্ণ পৰিকল্পিতভাৱে ভোটাৰৰ নাম কৰ্তনৰ চেষ্টা চলোৱা হৈছে বুলি সংবাদমেলত দাবী কৰে কংগ্ৰেছ নেতাজনে৷ তদুপৰি নিৰ্দিষ্ট কেন্দ্ৰীয় ছফটৱেৰৰ মাধ্যমেৰে ভুৱা আবেদনৰ জৰিয়তে ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা বুলি দাবী কৰে ৰাহুল গান্ধীয়ে৷ কৰ্ণাটকৰ আলন্দ বিধানসভা সমষ্টিত কেনেদৰে ৬০১৮ টা ভোট মচি পেলোৱাৰ চেষ্টা চলোৱা হৈছিল সংবাদ মেলখনত তাৰো ব্যাখ্যা আগবঢ়ায় তেওঁ৷ ৰাহুলে কয়–‘২০২৩ চনত কৰ্ণাটক বিধানসভা নিৰ্বাচনত আলন্দ সমষ্টিত ঠিক কিমানজনৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হ’ল তাৰ প্ৰকৃত সংখ্যা ক’ব পৰা নগ’লেও, এই সংখ্যা যে ৬০১৮ টাতকৈ বেছি হ’ব সেয়া নিশ্চিত৷ ইপিনে সংবাদমেলখনত তেওঁ মঞ্চৰ পিছপিনে থকা স্ক্ৰীনত কেইটামান ম’বাইল ফোনৰ নম্বৰ উল্লেখ কৰি বিভিন্ন ৰাজ্যৰ পৰা প্ৰ-পত্ৰ পূৰণ কৰি ভোটাৰসকলৰ নাম বাদ দিয়া বুলি দাবী কৰে৷ তদুপৰি উক্ত ম’বাইল ফোনৰ নম্বৰসমূহৰ পৰা কেনেদৰে ওৱানটাইম পাছৱাৰ্ড (অটিপি) প্ৰেৰণ কৰা সম্ভৱ হৈছে সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে৷ এইক্ষেত্ৰত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজুৰা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন প্ৰদৰ্শন কৰি তাত অনলাইনৰ জৰিয়তে ৬৮৫০জন ভোটাৰৰ নাম অবৈধভাৱে অন্তৰ্ভুক্ত কৰা বুলি দাবী কৰে৷ ৰাহুলৰ মতে আন আন ৰাজ্যতো এনেদৰেই ভোটাৰ তালিকাত সংযোজন-বিয়োজন কৰি থকা হৈছে৷ এই সন্দৰ্ভত তেওঁ আনকি নিৰ্বাচন আয়োগ তথা ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ অভিযোগৰ আঙুলি টোৱায়৷ ৰাহুলে কয়–‘মুখ্য নিৰ্বাচন আয়ুক্তই দেশত স্বচ্ছ আৰু মুক্ত নিৰ্বাচনৰ বিষয়টো সুনিশ্চিত কৰাৰ সলনি পক্ষপাতমূলক আচৰণ কৰিবলৈ লৈছে৷
যিসকলে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক খৰ্ব কৰাৰ চেষ্টা চলাইছে, আয়োগে সেইসকলকহে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাই আছে৷’ তদুপৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ‘ভোট চুৰি’ক যে ৰক্ষণাবেক্ষণ দিছে, এইক্ষেত্ৰত মুঠেই সংশয় নাই বুলি সংবাদমেলত দাবী কৰে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতাজনে৷ সংবাদমেলখনত ৰাহুল গান্ধীৰ স্পষ্ট অভিযোগ–মূলতঃ আদিবাসী, সংখ্যালঘু, দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ভোটাৰ সকলৰ নাম পৰিকল্পিতভাৱে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে৷ এইক্ষেত্ৰত জনৈক গোদাবাই নামৰ এজন ভোটাৰৰ প্ৰসংগ উত্থাপন কৰি তেওঁ জনায় যে ভোটাৰসকলৰ অজ্ঞাতেই তেওঁলোকৰ নাম ব্যৱহাৰ কৰি ভুৱা প্ৰ-পত্ৰ পূৰণ কৰা হৈছে, যাতে আন ভোটাৰসকলৰ নাম বাদ পৰি যায়৷ সেইদৰে সূৰ্যকান্ত নামৰ আন এজনৰ নাম উল্লেখ কৰি ৰাহুল গান্ধীয়ে জনায় যে এই ব্যক্তিজনৰ নামত কৰা আবেদনৰ জৰিয়তে মাত্ৰ ১৪ মিনিটৰ ভিতৰত ১২ জনৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে৷ অথচ সংবাদমেলত উপস্থিত থকা উক্ত ব্যক্তিজনে এই সন্দৰ্ভত তেওঁ একোৱেই নাজানে বুলি দাবী কৰে৷ একেদৰে ৰাহুল গান্ধীয়ে জনোৱা মতে ভোটাৰৰ নাম কৰ্তন কৰাৰ কাৰণ বা তথ্য সংগ্ৰহ কৰিবলৈ কৰ্ণাচকৰ চি আই ডি বিভাগে আয়োগক ১৮ বাৰ চিঠি প্ৰেৰণ কৰিছিল৷ কিন্তু এই চিঠিসমূহৰ আজিলৈকে চিআইডিয়ে আয়োগৰ পৰা সঁহাৰি লাভ নকৰিলে৷ ৰাহুল গান্ধীয়ে এই সমস্ত অভিযোগৰ এশ শতাংশ তথ্য প্ৰমাণ তেওঁৰ হাতত মজুত থকা বুলিও সংবাদ মেলখনত দাবী কৰে৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বে যোৱা ৭ আগষ্টত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ মহাদেৱপুৰ লোকসভা সমষ্টিত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছিল৷ সেই সময়ত ৰাহুল গান্ধীয়ে দাবী কৰিছিল কৰ্ণাটকেই নহয়, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাতো ‘ভোটচুৰি’ হৈছে৷ ইপিনে ভোটচুৰি সন্দৰ্ভত পূৰ্বৰ সংবাদমেলত ৰাহুল গান্ধীয়ে শীঘ্ৰেই ‘হাইড্ৰ'জেন বোমা’ পেলাব বুলি দাবী কৰিছিল৷ কিন্তু আজিৰ সংবাদমেলত তেওঁ কয় যে ‘কিছুমান কথা প্ৰকাশ কৰাৰ পৰা আজি মই বিৰত আছো, যিবোৰৰ ১০০ শতাংশ প্ৰমাণ লাভ কৰিবলৈ এতিয়াও বাকী আছে৷ সেই সমস্ত তথ্য প্ৰমাণ পোৱাৰ পাছতে অকথিত আৰু কিছু বিষয় ৰাজহুৱা কৰা হ’ব৷’ ৰাহুল গান্ধীৰ এই সংবাদমেলখনক কেন্দ্ৰ কৰি পুনৰ দেশৰ ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷