
স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ স্মৃতিত
আমেৰিকাৰ এসময়ৰ ৰাষ্ট্ৰপতি থমাছ জেফাৰচনে এষাৰ সোণসেৰীয়া কথা কৈছিল– ‘বাতৰি কাকতবিহীন এখন চৰকাৰ আৰু চৰকাৰবিহীন এখন বাতৰিকাকত এই দুটাৰ ভিতৰত যদি মোক যিকোনো এটা বাচি ল’বলৈ কয়, তেন্তে নিশ্চিতভাৱে মই চৰকাৰবিহীন এখন বাতৰি কাকত বাচি ল’ম৷’ বিশ্ববিখ্যাত মনীষী জেফাৰচনৰ এই বিখ্যাত উক্তিষাৰ মনলৈ আহিছে অসমৰ সংবাদ ক্ষেত্ৰখনৰ এক বৰ্ণিল ব্যক্তিত্ব জি এল আগৰৱালাৰ ৮৫ সংখ্যক জন্ম দিনত তেওঁৰ বিষয়ে একলম লিখিবলৈ গৈ৷ ১৯৪০ চনৰ ১৯ ছেপ্টেম্বৰৰ পৰা ধৰি ২০১৯ চনৰ ৩১জানুৱাৰীলৈ জীৱন অমিয়াৰ সন্ধানত থাকি ৭৮ টা বসন্তত জি এল আগৰৱালাই জীৱনত অকল ব্যৱসায় কৰা নাছিল৷
আঠিয়াবাৰীৰ স্বপ্নৰ সুতিকা গৃহৰ পৰা গৈ হোৱাইট হাউছ গৰকিলে, চিৰ চেনেহী ভাষা জননীৰ সেৱা কৰিলে, বিশ্বকোষ-জোনাকী ছপালে, চাৰিখনকৈ কাকত, তিনিখনকৈ আলোচনী উলিয়ালে, শ্মশানক উদ্যানলৈ পৰিৱৰ্তন কৰিলে, পথচাৰীৰ সুবিধাৰ্থে মহানগৰীৰ উপ-পথসমূহত নাম ফলক আৰিলে, স্বৰ্গৰথ প্ৰচলন কৰিলে, ভাগৱত ৰথযাত্ৰাৰ যোগেদি নামঘৰে নামঘৰে ভাগৱত বিলাই এক অঘোষিত ভাগৱত আন্দোলন কৰিলে, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ৰোগীক মঠ-মন্দিৰ পৰিদৰ্শন কৰালে, সমাজসেৱা কৰিলে, বিষুবৰ ইপাৰ-সিপাৰ ঘুৰিলে, কেইবাখনো অমূল্য গ্ৰন্থ ছপালে– মুঠতে বহুমুখী প্ৰতিভাধৰ স্থিতপ্ৰজ্ঞ জি এল আগৰৱালাই কৰা নাছিল কি? জিএল আগৰৱালাৰ বদান্যতাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷
অসমীয়া জাতীয় জীৱনৰ মহীৰূহ পুৰুষ জি এল আগৰৱালাৰ জন্ম হৈছিল ১৯৪০ চনৰ ১৯ ছেপ্টেম্বৰত আঠিয়াবাৰীত (বৰ্তমান বৰপেটাৰোড)৷ তেওঁৰ পিতৃ হ’ল নপুচান্দ আগৰৱালা আৰু মাতৃ-মগনি দেৱী৷ সৰুতে তেওঁ পিতৃক হেৰুৱাই মাতৃৰ তত্বাৱধানত ডাঙৰ দীঘল হৈছিল আৰু শিক্ষাগ্ৰহণ কৰিছিল অসমীয়া মাধ্যমত৷ হাড়ে হিমজুৱে অসমীয়া আগৰৱলাই অসমীয়া সাহিত্য-সাংস্কৃতিৰ জগতখনত অৰিহণা যোগোৱাৰ মানসেৰে প্ৰতিষ্ঠা কৰিলে জি এল পাব্লিকেশ্যনছৰ লিমিটেড৷ অসমীয়া ভাষা জননীৰ প্ৰতি অসীম শ্ৰদ্ধা থকাৰ বাবেই তেওঁ প্ৰকাশ কৰিলে পূৰ্বাঞ্চল, দৈনিক অসমীয়া কাকত ‘আমাৰ অসম’, হিন্দী দৈনিক ‘পূৰ্বাঞ্চল প্ৰহৰী’, ইংৰাজী দৈনিক ‘দ্য নৰ্থ-ইষ্ট টাইমছ’ আৰু ‘মেঘালয় গাৰ্ডিয়ান’৷
সেইদৰে মহিলাৰ বাবে মাহেকীয়া ‘পূৱালী’, যুৱ-প্ৰজন্মৰ বাবে ‘ৰোমাঞ্চ’ আৰু শিশু-চেমনীয়াৰ বাবে ‘মুকুতা’ প্ৰকাশ কৰে৷ ‘আমাৰ অসম’ কাকত আজিও এখন অসমৰ অগ্ৰণী বাতৰি কাকত হিচাপে জনমানসত থিয় দি আছে৷ হোমেন বৰগোহাঞি, ড॰ নগেন শইকীয়া, প্ৰশান্ত ৰাজগুৰু আৰু মনোজ কুমাৰ গোস্বামীৰ দৰে লব্ধ প্ৰতিষ্ঠিত সাংবাদিক-সাহিত্যিক, গল্পকাৰে কাকতখনৰ নেতৃত্বত বহন কৰি আহিছে আৰু অসমৰ বৌদ্ধিক সমাজত এক সুকীয়া স্থান লাভ কৰি এচাম ৰুচিসন্মত পাঠক সৃষ্টি কৰি আহিছে ৷ কাকতৰ সংস্কৰণ কৰা আৰু নিজ বাহনেৰে ৰাজ্যৰ বিভিন্ন এজেন্সিত পুৱাৰ ভাগতে যোগান ধৰা দিশটোৰ বাটকটীয়া ব্যক্তি আছিল জি এল আগৰৱালা৷
পূৰ্বাঞ্চল প্ৰহৰীৱেও অসমত বাস কৰা হিন্দীবাসী লোকৰ মনৰ চাহিদা পূৰণ কৰি আহিছে৷ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালাৰ দৰে প্ৰাতঃস্মৰণীয় ব্যক্তিৰ সম্পাদনাত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনী ‘জোনাকী’ৰ একত্ৰ সংকলন পুনৰ মুদ্ৰিত কৰি আগৰৱলাই এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল৷ তেওঁ ‘জোনাকী’ৰ সৰ্ববৃহৎ একত্ৰ সংকলনটো সেই সময়ৰ সাহিত্য সভাৰ সভাপতি চন্দ্ৰপ্ৰসাদ শইকীয়াৰ অনুৰোধত সাহিত্য সভাক বিনামূলীয়াকৈ ছপা কৰি দিছিল৷ বৰগোহাঞিৰ জীৱনৰ অন্যতম মিছন ‘অসমীয়া বিশ্বকোষ’¸ প্ৰণয়ন আৰু প্ৰকাশৰ সাকাৰ ৰূপ দিছিল জিএল আগৰৱালাই৷ অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশনৰ আদৰণি সমিতিৰ গুৰি বঠা ধৰি অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিছিল আগৰৱলাই৷
বিজেপিৰ এসময়ৰ সভাপতি, বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমনাৰ দাসৰ ভাষাত ‘জি এল আগাৱালা হ’ল ৰূপকোঁৱৰৰ প্ৰকৃত উত্তৰসুৰী৷’ হোমেন বৰগোহাঞিয়ে কৈছিল– মই যিজন জি এল আগৰৱালাক ঘনিষ্ঠভাৱে জানিছিলো তেওঁ আছিল মহৎ উচ্চাকাংক্ষা, অফুৰন্ত কৰ্মশক্তি আৰু উচ্চ আদৰ্শবাদ৷ নিজৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ জোৰেৰে তেওঁ অসমীয়া সমাজৰ এখন বিশেষ মৰ্যাদাৰ আসন অধিকাৰ কৰি লৈছিল৷ মাৰোৱাৰী সমাজৰ আন কোনো এজন মানুহে এই বিৰল কীৰ্তি অৰ্জন কৰিব পৰা নাই৷
জি এল আগৰৱালা আছিল আমাৰ সময়ৰ এজন শ্ৰেষ্ঠ অসমীয়া৷ জি এল পি ছ’চিয়েল ছাৰ্কল নামৰ সমাজহিতয় এটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠা কৰি তেওঁ সেৱামূলক মনোবৃত্তিৰে ‘স্বৰ্গৰথ’ প্ৰচলন কৰে৷ স্বৰ্গৰথ আগৰৱালাৰ জীৱনৰ এক মহত্তম অৱদান৷ সেইদৰে ভূতনাথ শ্মশানক তেওঁ মুক্তিধাম তথা উদ্যানলৈ ৰূপান্তৰিত কৰে৷ গুৱাহাটী লাচিত নগৰত হনুমান মন্দিৰ প্ৰতিষ্ঠা কৰি তেওঁ ধাৰ্মিক মনৰ পৰিচয় দিয়ে৷ বৰপেটা জিলাৰ থান-সত্ৰ আৰু মঠ-মন্দিৰ, যুগদ্ৰষ্টা জ্যোতিপ্ৰসাদ, দেশ-বিদেশৰ ৰং বুটলি, সময় বালিত ৰৈ যোৱা ছাঁ, অসমীয়া ভাষা প্ৰয়োগ, ঋতুৰ পৰা ঋতুলৈ, বিষুবৰ ইপাৰ সিপাৰ শীৰ্ষক গ্ৰন্থসমূহ প্ৰণয়ন কৰি তেওঁ অসমীয়া সাহিত্যৰ ভড়াললৈ অৱদান আগবঢ়াইছে৷ ‘আমাৰ অসম’ কাকতৰ প্ৰাক্তন সম্পাদক ড॰ নগেন শইকীয়াই ‘আমাৰ অসম’ আৰু জি এল আগৰৱালা প্ৰসংগত এসময়ত কৈছিল– ‘আমাৰ অসম’ অসমৰ বৌদ্ধিক আধাৰ থকা পাঠক আৰু লেখকৰ কাগজলৈ ৰূপান্তৰিত হৈছে বুলি ক’লেও বেছি কোৱা নহ’ব৷
ইয়াক এই চৰিত্ৰ দানৰ কৃতিত্ব বৰগোহাঞিৰ, কিন্তু কাকতখনক এই ৰূপত প্ৰকাশ কৰি প্ৰতিষ্ঠা দিয়াৰ কৃতিত্ব জি এল আগৰৱালাৰ৷ সহজ সৰল ঋষিতুল্য ব্যক্তি জিএল আগৰৱালাই ২০১৯ চনৰ ৩১ জানুৱাৰীত জীৱন নাটৰ সামৰণি মাৰে৷ তেওঁৰ অবৰ্তমানত পুত্ৰ-বোৱাৰী ক্ৰমে সমীৰ আগৰৱালা আৰু নেহা আগৰৱালাই জি এল পাব্লিকেশ্বনছ সংবাদ প্ৰতিষ্ঠানটো নিয়াৰিকৈ পৰিচালনা কৰি আহিছে৷ আজি ১৯ ছেপ্টেম্বৰত জি এল আগৰৱালাৰ ৮৫সংখ্যক পৱিত্ৰ জন্মদিনত আমি ‘আমাৰ অসম’ পৰিয়ালে তেওঁলৈ জন্ম দিনৰ ওলগ জনাইছো৷ তেওঁ যতে আছে তাৰ পৰাই আমাক আশিষ দিব৷