ব্ৰেণ্ড– ঠাণ্ডা মানেই কোকাকোলা, নেতা মানেই মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ দুটা প্ৰধান বৈশিষ্ট্য চকুত পৰে৷ প্ৰথম বৈশিষ্ট্য– নৰেন্দ্ৰ মোদীৰ ভাষণ ‘মই’, ‘মোক’, ‘মোৰ’-ৰে পৰিপূৰ্ণ৷ দ্বিতীয় বৈশিষ্ট্য– মোদীয়ে ভাষণত প্ৰায়ে নিজৰ বিষয়ে ‘তৃতীয় পুৰুষ’ত কয়৷ ‘মই’ আৰু ‘মোদী’ প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত সঘনাই উচ্চাৰিত শব্দ আৰু একপ্ৰকাৰ তেওঁৰ ভাষণৰ প্ৰধান উপজীব্য৷ মোদীৰ ভাষণ শুনাৰ পাছত এই প্ৰশ্ন উঠিব পাৰে যে তেওঁ অহং ভাবেৰে পৰিপূৰ্ণ এজন ইগ’সৰ্বস্ব, অহংকাৰী মানুহ, যিয়ে নিজৰ অহমিকাৰ শিখৰত উঠি থকাৰ বাবে নিজৰ বাদে আন একোৱেই নেদেখে৷ তেনে এজন ব্যক্তিৰ বাবে ৰাজনীতিৰ দৰে জটিল পেছা এটাত সফল হৈ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু তাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা সম্ভৱনে?
মোদীৰ ভাবমূৰ্তি এটা বহু টকা খৰচ কৰি আৰু বহু প্ৰণালীবদ্ধ প্ৰচেষ্টাৰে গঢ়া এটা সফল ব্ৰেণ্ড আৰু মোদী নিজেও সেই ব্ৰেণ্ডটোৰ প্ৰতি সদা সচেতন৷ মোদীৰ ভাষণত প্ৰকাশ পোৱা অহমিকা, আত্মম্ভৰিতা এজন ব্যক্তিৰ ব্যক্তিত্বৰ কেৰোণ নহয়৷ মোদী নিজেও বিজেপি-আৰএছএছৰ বাবে অপৰিহাৰ্য মোদী ব্ৰেণ্ডটোৰ প্ৰতি সদা সচেতন৷ তেওঁ জানে যে তেওঁ এতিয়া এজন ব্যক্তি মাত্ৰ নহয়৷ ব্যক্তিৰ পৰিসীমা অতিক্ৰমী তেওঁ এতিয়া এটা ব্ৰেণ্ডত পৰিণত হৈছে আৰু এতিয়া বিজেপি-আৰএছএছৰ সেই ব্ৰেণ্ডটোক অনবৰত সাৰ-পানী দি জীয়াই ৰখাটো নিজৰ অস্তিত্বৰ বাবেই জৰুৰী৷ ‘ব্ৰেণ্ড মোদী’ ব্যক্তিৰ সীমা অতিক্ৰম কৰা এজন অতিমানৱ৷ সেয়েহে মোদীয়ে নিজৰ বিষয়ে প্ৰায়ে তৃতীয় পুৰুষত কথা কয়, মোদীয়ে সঘনাই উল্লেখ কৰা মোদীজন হ’ল বিজেপিৰ জীৱন ৰেখা ‘ব্ৰেণ্ড মোদী’, যাৰ ওপৰত দেশৰ জনতাই অচলা আস্থা স্থাপন কৰিব লাগে, কাৰণ ‘মোদী হে্য তো মুমকিন হ্যে’, মোদী আছে যেতিয়া সকলো সম্ভৱ৷
ব্ৰেণ্ডে এটা পণ্যৰ বিক্ৰী সহজ কৰি তোলে৷ ব্ৰেণ্ড প্ৰতিষ্ঠাৰ বাবে সেই ব্ৰেণ্ডটোক গ্ৰাহকৰ হূদয়ত প্ৰতিষ্ঠা কৰিব লাগে৷ ব্ৰেণ্ড এটা এবাৰ প্ৰতিষ্ঠিত হ’লে সি এজন ব্যক্তিৰ মনত নিগাজী স্থান দখল কৰি লয়৷ ইয়াকে কোৱা হয় ‘ব্ৰেণ্ড লয়েলটী’ অৰ্থাৎ ব্ৰেণ্ডৰ প্ৰতি আনুগত্য৷ এজন ব্যক্তিয়ে এবাৰ এটা ব্ৰেণ্ডৰ প্ৰতি অনুগত হ’লে সহজে সেই ব্ৰেণ্ডটোৰ প্ৰতি থকা আনুগত্য ত্যাগ নকৰে৷
মানুহৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াটোত মানৱীয় অনুভূতিৰ অযুক্তিয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বাবেই পণ্য সামগ্ৰীৰ বা ৰাজনৈতিক নেতাৰ ব্ৰেণ্ড প্ৰতিষ্ঠা কৰা সম্ভৱ৷ নৰেন্দ্ৰ মোদীয়ে এটা ব্ৰেণ্ডৰূপে হিন্দুত্ব, হিন্দু ৰাষ্ট্ৰ, ভাৰতত সংখ্যাগুৰু হিন্দুৰ প্ৰভুত্ব, মুছলমান বিদ্বেষকে ধৰি এনে কিছুমান বিষয়ক প্ৰতিনিধিত্ব কৰে, যিবোৰে একাংশ মানুহৰ আৱেগ-অনুভূতিৰ অযুক্তিখিনিক চুই যায়৷ তেওঁলোক ‘ব্ৰেণ্ড মোদী’ৰ অনুগত হৈ পৰে৷ এবাৰ এটা ব্ৰেণ্ডৰ প্ৰতি অনুগত হোৱাৰ পাছত মানুহে নিজৰ সিদ্ধান্তৰ শুদ্ধতা প্ৰমাণৰ বাবে সকলোখিনি কৰিবলৈ সাজু হয়৷ বাৰ্চিলোনা, ৰিয়েল মাদ্ৰিদ, ছেলছি, লিভাৰপুল, মানচেষ্টাৰ চিটী আদি পৃথিৱীবিখ্যাত ফুটবল ক্লাববোৰৰ সমগ্ৰ পৃথিৱীজুৰি সমৰ্থক আছে৷ এজন সমৰ্থকে কিয় এটা বিশেষ ক্লাবক সমৰ্থন কৰে, তাৰ কোনো যুক্তিসংগত উত্তৰ নাই৷
ছাৰ্ফ বা কোকা-কোলা কিনা, বিশেষ এটা আদৰ্শৰ প্ৰতি অনুগত হোৱা, এটা বিশেষ ফুটবল দলৰ সমৰ্থক হোৱা আৰু বিশেষ এজন ৰাজনৈতিক নেতাৰ অনুগামী হোৱাটোক একাকাৰ কৰিব পাৰিনে? আপাতত পৃথক যেন লাগিলেও এইবোৰ সিদ্ধান্ত গ্ৰহণৰ অন্তৰ্নিহিত মানৱীয় প্ৰক্ৰিয়াটো একেই৷ এই কথা আনে নুবুজিলেও বিজেপি-আৰএছএছে ভালকৈ জানে আৰু সেয়েহে তেওঁলোকে ‘ব্ৰেণ্ড মোদী’ক অক্ষুণ্ণ ৰখাৰ বাবে আৰু আন কোনো প্ৰতিদ্বন্দ্বী ব্ৰেণ্ড যাতে ঠন ধৰি উঠিব নোৱাৰে তাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখে৷ প্ৰতিদ্বন্দ্বী ব্ৰেণ্ডৰূপে বিজেপিয়ে আটাইতকৈ ভয় কৰে ৰাহুল গান্ধীক৷ সেয়েহে ৰাহুল গান্ধীক ‘পাপ্পু’ সজাই ৰাখিবলৈ, ৰাহুল গান্ধীৰ ‘ব্ৰেণ্ড পাপ্পু’ অক্ষুণ্ণ ৰাখিবলৈ বিজেপি-আৰএছএছে আটাইতকৈ অধিক ধন আৰু সময় খৰচ কৰে৷
প্ৰতিটো ব্ৰেণ্ড প্ৰতিষ্ঠা হয় একোটা কাহিনীৰ আলমত৷ গ্ৰাহকক কোৱা হয় যে ছাৰ্ফ কিনাই বুদ্ধিমানৰ কাম৷ অমুক টিভিটো এফালে গৃহস্থৰ বাবে গৌৰৱ আৰু চুবুৰীয়াৰ বাবে ঈৰ্ষাৰ কাৰণ৷ অমুক জোতাযোৰ বা সুগন্ধিটোৱে ধুনীয় গাভৰুক আকৰ্ষিত কৰে৷ অমুক ৰাজনৈতিক দলটোৱে ৰাইজক, দেশক উদ্ধাৰ কৰিব৷
বিজেপি-আৰএছএছৰ কাহিনীটো হ’লঃ হাজাৰ বছৰজোৰা গোলামীৰ পাছত ভাৰতত প্ৰথমবাৰৰ বাবে এখন হিন্দুৰ চৰকাৰ গঠন হৈছে, ভাৰতত হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠা হ’ব, ভাৰত বিশ্বগুৰু হ’ব, মহান ভাৰতীয় জাতিয়ে দোপতদোপে উন্নতি কৰিব আৰু এয়া সম্ভৱ কৰি তুলিব মোদীৰ নেতৃত্বই৷ প্ৰতিজন হিন্দু এই ঐতিহাসিক যাত্ৰাৰ অংশীদাৰ হোৱা উচিত৷ বিজেপিৰ এই কাহিনীটো ভাৰতৰ হিন্দু ভোটাৰৰ সিমানখিনিৰ সামূহিক কল্পিত বাস্তৱত পৰিণত হৈছে যিমানখিনি ভোটেৰে বিজেপিয়ে দিল্লীত ক্ষমতা দখল কৰিব পাৰে৷ নিৰ্বাচনৰ ফলাফল চালেই গম পোৱা যায় বিজেপিৰ এই কাহিনীটোক আস্থাত নোলোৱা ভোটাৰৰ সংখ্যাই বেছি, কিন্তু সেইসকল ভোটাৰৰ ‘ব্ৰেণ্ড আনুগত্য’ বহুধাবিভক্ত৷ বৰ্তমান ভাৰতৰ বিৰোধী ৰাজনৈতিক দলবোৰৰ দুৰ্গাৰ দৰে ঐক্যৱদ্ধ সামূহিক শক্তিৰ কাহিনীৰে এটা বিকল্প ব্ৰেণ্ড সৃষ্টিৰ বাদে আন বিকল্প নাই৷ কিন্তু মূল সমস্যাটো হ’ল, কোনো ৰাজনৈতিক দলেই এটা বিকল্প ব্ৰেণ্ড প্ৰতিষ্ঠাৰ বাবে নিজৰ ব্ৰেণ্ডটো বিলুপ্ত হোৱাটো নিবিচাৰে৷
বিজেপি-আৰএছএছৰ প্ৰধান শত্ৰু হ’ল সময়৷ ‘ব্ৰেণ্ড মোদী’ৰ ভাৰ কঢ়িয়াই ফুৰা নৰেন্দ্ৰ মোদীৰ ইতিমধ্যে ৭৫ বছৰ হৈছে৷ ‘ব্ৰেণ্ড মোদী’ৰ শক্তি অক্ষুণ্ণ আছেনে? নে এই শক্তি হ্ৰাস পাইছে? নে বৃদ্ধি পাইছে? বিজেপি-আৰএছএছে তেওঁলোকৰ হিন্দুত্বৰ কাহিনীটো কঢ়িয়াই নিবৰ বাবে মোদীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ পৰিছে৷ বহু সময়ত ব্ৰেণ্ডটো মুখ্য আৰু কাহিনীটো গৌণ হৈ পৰিছে৷ বিজেপি-আৰএছএছৰ সমস্যা হ’ল– তেওঁলোকৰ ব্ৰেণ্ড নৰেন্দ্ৰ মোদী নামৰ এজন ব্যক্তিৰ স’তে এৰাব নোৱৰাকৈ সাঙোৰ খাই পৰিছে আৰু আন সকলো মানুহৰ দৰেই নৰেন্দ্ৰ মোদীও ক্ষণভংগুৰ৷
বিৰোধী দলবোৰে ৰাইজক মাত্ৰ এই কথা বুজাব পাৰিলেই নহ’ব যে ঠাণ্ডা মানেই কোকাকোলা নহয়৷ তেওঁলোকে কোকাকোলাৰ অলেখ বিকল্প ৰাইজৰ ওচৰলৈ লৈ আহিলে ৰাইজ বিভ্ৰান্ত হোৱাৰ সম্ভাৱনাই বেছি৷ বজাৰত কোকাকোলাৰ সমান দখল আৰু আধিপত্য থকা এটা বিকল্প ব্ৰেণ্ড প্ৰতিষ্ঠা কৰা জটিল কাম৷ বিকল্প নোলোৱালৈ বজাৰত ঠাণ্ডা মানে কোকাকোলা বুলিয়েই প্ৰতিষ্ঠিত হৈ থাকিব৷






