Logo
image

উক্তি-বক্ৰোক্তি

জুবিন কিন্তু অসমৰ ৰজা৷ তাৰ প্ৰমাণ আমি পালোঁ জুবিন একেবাৰে আঁতৰি যোৱাৰ পাছত৷ সমগ্ৰ অসম ৰাজপথলৈ নামি আহিছিল৷ এয়া কেৱল জুবিনৰ ষ্টাৰডমৰ বাবে নহয়৷ হ’বই নোৱাৰে৷ ইয়াৰ নাম ভালপোৱা৷ জুবিন গাৰ্গৰ সৈতে মোৰ পৰিচয় নাছিল৷ কিন্তু তেওঁৰ বিষয়ে আনৰ মুখত অনেক গল্প শুনিছোঁ৷ সঁচা নে মিছা সেয়া বিচাৰ কৰিবলৈ নাযাও৷ কিন্তু জুবিনৰ মৃত্যুয়ে আকৌ প্ৰমাণ কৰিছে ভাল পোৱাৰ কোনো নিয়ম নাই৷ সেই ভালপোৱা অন্ধ৷

– পশ্চিমবংগৰ গায়িকা লোপামুদ্ৰা মিত্ৰ

তোমাৰ দৰে আৰু কোনো হ’ব নোৱাৰে জুবিন দা৷

– অভিনেত্ৰী-সাংসদ কংগনা ৰাণাৱত

মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজত [এম আই এল] সন্নিৱিষ্ট হ’ব জুবিন গাৰ্গৰ জীৱনীৰ পাঠ্যক্ৰম৷ ১৪টা ভাষাত সন্নিৱিষ্ট হ’ব এই পাঠ্যক্ৰম৷ বিদ্যালয় শিক্ষা পৰিষদে আৰম্ভ কৰিছে পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ পৰিকল্পনা৷

– শিক্ষা পৰিষদৰ অধ্যক্ষ আৰ চি জৈন

তোমাৰ কথা খুউব মনত পৰিছে ভাই৷ য’তে থাকা, ভালে থাকা৷ মই চৰকাৰক দ্ৰুত তদন্তৰ অনুৰোধ জনাইছোঁ৷ আমি যিসমূহ উত্তৰ বিচাৰিছোঁ সেই উত্তৰ যেন ততালিকে পাব পাৰোঁ৷ 

– শিল্পী অংগৰাগ মহন্ত

জুবিন গাৰ্গৰ মৃত্যুৰ শোকত আজি সমগ্ৰ ৰাজ্য ম্ৰিয়মান৷ শুনিবলৈ পোৱা মতে তেওঁৰ বহু অনুৰাগীয়ে আত্মহত্যা কৰিছে৷ মই ভাবোঁ এনেবোৰ কাৰ্য সংঘটিত কৰা উচিত নহয়৷ কিয়নো এনে হ’লে জুবিনৰ জীৱনটো উদ্‌যাপন কৰাৰ সমগ্ৰ ধাৰণাটোৱেই মূল্যহীন হৈ পৰিব৷ এনে কাৰ্যই জুবিনৰ আত্মাক দুখহে দিব৷ 

– অভিনেতা ৰবী শৰ্মা

পৰ্যাপ্ত অক্সিজেন অবিহনে মানুহজনৰ উশাহ লোৱাত অসুবিধা হৈ গৈছে৷ দেহৰ অংগ-প্ৰতংগসমূহ বিকল হৈ গৈছে৷ তেওঁক ততালিকে হাস্পতাললৈ লৈ যাব লাগিছিল৷ তাতে চিকিৎসা সাহায্য দি সময় নষ্ট কৰাটো চৰম ভুল আছিল৷ হাস্পতাল পোৱাগৈ হ’লে হয়তো তেওঁক বচাব পৰা গ’লহেঁতেন৷ 

– চিকিৎসক ডাঃ হিতেশ বৰুৱা

৬ বছৰ পূৰ্বেই উল্লেখ কৰিছিলোঁ, জুবিনক বিপথে পৰিচালিত কৰাত তেওঁৰ আশে-পাশে লাগি থকা কিছু লোকৰ ভুমিকা আছে৷ জুবিনৰ ঘটনাৰ ন্যায়ৰ বাবে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্য্যৰ সৈতে নেখেলিব৷ ৬ অক্টোবৰৰ ভিতৰত অসমত উপস্থিত হৈ আইনক সহায় কৰক৷ ফেচবুকত লাইভ দি, পত্ৰ লিখি কোনো সাৰি যাব নোৱাৰিব৷ জুবিনৰ বিচাৰ বিচৰাৰ নামত অসমক মই নেপাল হ’বলৈ দিব নোৱাৰোঁ৷ 

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা