অসমীয়াই নিজক নিচিনিলে
‘কা’ আন্দোলনৰ বিফল পৰিণতি কেৱল ভেজাল অসমীয়াৰ বাবেই সম্ভব হ’ল৷ জাতিৰ বিপদৰ কথা জানিও ‘কা’ সমৰ্থনকাৰীসকলে বিধেয়কখন আইনত পৰিণত নহ’বলৈ টানি ধৰিব লাগিছিল যদিও একমাত্ৰ ক্ষমতাৰ বাবেই নধৰিলে৷ কাৰণ ক্ষমতাৰ আগত জাতিৰ কথা গৌণ৷ এতিয়াও ‘কা’ আইনৰ ভুৱা বিশ্লেষণ দি অসমীয়াক ঠগি থকাৰ কথা অসমীয়াই বুজি পালেও নুবুজাৰ ভাও ধৰিছে৷ কাৰণটো হ’ল হিন্দুৰ সংকটৰ অন্তৰালত মিঞা৷ ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰি ক্ষমতা দখল কৰি সম্পত্তি আৰু অধিপত্য লাভৰ তাড়নাই ক্ষমতাশালী অসমীয়াৰ মন-মগজু কলুষিত কৰি তুলিছে৷ ভুৱা জাতি প্ৰেম আৰু জাতিৰ প্ৰতি আবেগ দেখুৱাই জাতি ধবংসৰ কামত এনেকৈ হাত উজান দিছে যে আৰু বেছি দিনলৈ অসমীয়া বুলি পৰিচয় দিব লগা হয়তো নহ’ব৷ এইসকল আচলতে আধুনিক যুগৰ একোজন বদনহে৷ ‘কা’ আইনৰ যোগেদি ২০২৪ চনলৈকে অসমলৈ অহা হিন্দু বাঙালী বা মুছলমানক বাদ দি আন সম্প্ৰদায়ৰ লোকসকলে নাগৰিকত্ব লাভ কৰাৰ যি নতুন ঘোষণা চৰকাৰে কৰিছে ই এই কথাৰ স্পষ্ট ইংগিত বহন কৰে যে অসম আৰু বেছি দিনলৈ অসমীয়াৰ হৈ নাথাকে৷ চতুৰ নেতাই চতুৰ কথাৰে মেৰুদণ্ড লেহুকা অসমীয়াৰ মন জিনিব পৰিলেও এই কথা জলজল পটপট যে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে৷ ইয়াৰ বাবে যি চৰকাৰী চক্ৰান্ত চলিছে অসমীয়া জাতিটোক কফিনত ভৰাবলৈ বেছি পৰ নালাগিব৷ এনেও অসমত অসমীয়াৰ সংখ্যা আধাতকৈ কম৷ কিন্তু কেৱল মিঞায়েই জনসংখ্যা বৃদ্ধি কৰা নাই৷ যুগ যুগ ধৰি অসমত বাস কৰি অহা নানান অনা-অসমীয়ায়েও ভয়ংকৰভাৱে জনসংখ্যা বৃদ্ধি কৰিছে৷ এইবোৰ হিচাপ অসমীয়াই নাই ৰখা৷ অসমৰ অৰ্থনীতিৰ সৰহভাগ এই সকলৰ হাতত৷ ব্যৱসায়-বাণিজ্য সকলোতে এইসকলৰ পয়োভৰ৷ অসমীয়াই কি খাব, কি পিন্ধিব এইসকলে নিয়ন্ত্ৰণ কৰে৷ আনহে নালাগে, অসমীয়াৰ ৰীতি-নীতি, পৰম্পৰাতো এইসকলৰ প্ৰবেশ ঘটিছে আৰু অসমীয়া পৰম্পৰাক বিপথে নিয়াৰ চেষ্টা কৰিছে৷ অসমীয়া ইমানেই সোৰোপা হ’ল যে আজি নিজে একো কৰি খাব নোৱাৰা অবস্থা৷ এই সুবিধা অনা-অসমীয়াই লৈছে৷ এই পৰমুখাপেক্ষী স্বভাৱে অসমীয়া মেৰুদণ্ড অধিক লেহুকা কৰিছে৷
মাজে সময়ে অসমীয়া আৰু অনা অসমীয়াৰ সংঘাত লাগি থকাৰ দুই-এটা কথা কাকতে-পত্ৰই, বৈদ্যুতিক মাধ্যম আদিত প্ৰকাশ পায়৷ বহু অসমীয়া জীয়ৰী-বোৱাৰী অনা অসমীয়াৰ হাতত লাঞ্ছিত হোৱাৰ কথাও শুনা যায়৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমীয়া জাতি এতিয়া কিমান সবল জাতি৷ অসমীয়াক লাঞ্ছিত কৰা অনা অসমীয়াক ৰক্ষণাবেক্ষণ দিয়া অসমীয়া ৰাজনৈতিক নেতাও আছে৷ তেনেস্থলত অসমীয়াৰ হৈ কোনে মাত মাতিব৷ কেৱল মিঞাই অসমীয়া জাতিলৈ সংকট অনা নাই৷ অন্য সম্প্ৰদায়ৰ লোকেও সমানেই সংকট আনিছে৷ কেৱল মিঞা খেদিলেই অসম নাবাচে৷ ‘কা’ৰ যোগেদি অসমলৈ বিদেশী অহাৰ দুৱাৰ চৰকাৰে চিৰদিনলৈ মুকলি কৰি দিয়াৰ পাছত অসমীয়াৰ অস্তিত্ব চিৰকাললৈ নাশ হোৱাৰ বাট খোল খালে৷ আচৰিত কথা এয়াই যে এই কাম ক্ষমতাত থকা অসমীয়াই কৰিলে৷ ইচ্ছা কৰা হ’লে এনে কাম নোহোৱা কৰিব পাৰিলেহেঁতেন৷ যিহেতু হিন্দুৱে তেওঁলোকক ভোট দিব আৰু ভোট পাই নিৰ্বাচনত জিকি তেওঁলোক অধিক ক্ষমতাশালী হ’ব, সেয়ে অসমীয়া জাতিৰ অস্তিত্ব, অসমীয়াৰ স্বাভিমান তেওঁলোকৰ বাবে তেনেই সৰু কথা৷ ক্ষমতাহে মূল কথা৷ প্ৰকৃততে এই সকলোবোৰ বদনেই৷ বদনে মনে মনে মান আনিছিল আৰু এইসকলে আইন কৰি প্ৰণালীবদ্ধভাৱে মান আনিব৷ প্ৰাৰ্থক্য সিমানেই৷ কেৱল মিঞা, মুছলমান, ধৰ্মৰ নামত ৰাজনীতি কৰি নিজেই নিজৰ জাতিক ধবংস কৰাৰ বিৰল উদাহৰণ হৈ ৰ’ব অসমীয়া জাতি৷ এতিয়া ‘কা’ নামৰ বিষাক্ত ফেঁটী সাপৰ দংশনত এটা এটাকৈ অসমীয়া মৰি অসম মাৰিশালীত পৰিণত হোৱালৈ অপেক্ষা কৰাৰহে সময়৷ ইয়াৰ বাবে কিন্তু অসমীয়াহে চিৰকাললৈ দায়ী হৈ থাকিব ৷






