Logo
image

দিল্লীত কৰ'নাত আক্ৰান্ত হৈ অসমৰ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু

◾দিল্লীত কৰ'নাত আক্ৰান্ত হৈ অসমৰ মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু।

◾দিল্লীৰ প্ৰতীক্ষা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীত টাইমছ অফ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত অসমৰ জ্যেষ্ঠ মহিলা সাংবাদিকগৰাকীয়ে।

◾স্বামী কল্যান বৰুৱাও  কৰ'নাত আক্ৰান্ত হৈ গুৰুতৰ ভাৱে অসুস্থ হৈ আছে।

◾কল্যাণ বৰুৱা আসাম ট্ৰিবিউন কাকতৰ দিল্লীস্থিত কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক হিচাবে কৰ্মৰত।

◾প্ৰয়াত সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য পৰ্বতাৰোহী ৰূপেও সমাদৃত হৈছিল।

◾তেওঁ হিমালয়ৰ বিভিন্ন প্ৰান্তলৈ কেইবাটাও অভিযানত অংশ লৈছিল।

◾গুৱাহাটীৰ দুসাহসিক ক্ৰীড়া সংগঠন Explorersৰ প্ৰতিষ্ঠাপক সদস্য নীলাক্ষীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।