Logo
image

বহু কঠিন ৰোগৰ মহৌষধ কঁঠাল

আমাৰ অসম বিশেষঃ এতিয়া গ্ৰীষ্ম কাল৷ গ্ৰীষ্ম মানেই ৰসাল ফলৰ বতৰ৷ এই সময়ত বজাৰত সহজলভ্য হৈ পৰা এবিধ ফল হৈছে কঁঠাল৷ কঁঠালক পকা আৰু কেঁচা দুয়োটা অৱস্থাতেই খাব পৰা যায়৷ বহুতে পকা কঁঠালৰ সলনি কেঁচা কঁঠাল ৰান্ধি খাই ভাল পায়৷ অৱশ্যে, কেঁচা কঁঠালতকৈ পকা কঁঠালৰ চাহিদা অধিক৷ কিন্তু জানি আচৰিত হ’ব যে পকা কঁঠালতকৈ কেঁচা কঁঠালত প্ৰচুৰ পুষ্টিগুণ থাকে৷ স্বাস্থ্যৰ বাবে কেঁচা কঁঠাল খুবেই উপকাৰী৷ কঁঠালত বিটা কেৰোটিন, ভিটামিন ‘এ’, ভিটামিন ‘চি’, ভিটামিন বি-১, ভিটামিন বি-২, পটাছিয়াম, কেলছিয়াম, মেগনেছিয়ামকে ধৰি বিভিন্ন ধৰণৰ পুষ্টি আৰু খনিজ উপাদান থাকে৷ এই উপাদানসমূহে স্বাস্থ্য সুস্থ ৰখাৰ লগতে প্ৰয়োজনীয় ভিটামিনৰ চাহিদাও পূৰণ কৰে৷

আজিৰ শিতানত কঁঠালত থকা বিভিন্ন পুষ্টিগুণৰ বিষয়ে উল্লেখ কৰা হ’ল– 

১৷ কঁঠালত প্ৰচুৰ পৰিমাণৰ প্ৰ’টিন থাকে৷ প্ৰতি ১০০ গ্ৰাম পকা কঁঠালত ১.৮ গ্ৰাম প্ৰ’টিন থকাৰ বিপৰীতে ১০০ গ্ৰাম কেঁচা কঁঠালত ২০৬ গ্ৰাম আৰু কঁঠালৰ গুটিত ৬.৬ গ্ৰাম প্ৰ’টিন থাকে৷ এই প্ৰ’টিনে দেহৰ গঠনত সহায় কৰে৷

২৷ কঁঠালৰ পৰা শ্বেতসাৰ পোৱা যায়৷ পকা কঁঠালত ০.১ গ্ৰাম, কেঁচা কঁঠালত ০.৩ আৰু কঁঠালৰ গুটিৰ পৰা ০.৪ গ্ৰাম শ্বেতসাৰ পাব পৰা যায়৷

৩৷ কঁঠালত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ থাকে৷ ভিটামিন ‘এ’ই দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ তদুপৰি কঁঠালত থকা এণ্টি অক্সিডেণ্টে চকুৰ ৰেটিনা ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে৷

৪৷ কঁঠালত ভিটামিন ‘চি’ থাকে৷ পকা কঁঠালত ২১ মিলিগ্ৰাম আৰু কঁঠালৰ গুটিৰ পৰা ১১ মিলিগ্ৰাম ভিটামিন ‘চি’ পাব পৰা যায়৷

৫৷ কেঁচা কঁঠালত উচ্ছমানৰ এণ্টি অক্সিডেণ্ট থকাত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় হয়৷

৬৷ কেঁচা কঁঠালত থকা উপাদানে কেন্সাৰ আৰু টিউমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

৭৷ কঁঠালে পাইল্‌ছ আৰু কোলন কেন্সাৰৰ দৰে জটিল ৰোগৰ আশংকা হ্ৰাস কৰে৷

৮৷ কঁঠালত প্ৰচুৰ পৰিমাণে কেলছিয়াম থকাত ই হাড় মজবুত কৰে৷

৯৷ কঁঠাল ফাইবাৰসমৃদ্ধ ফল হোৱা বাবে ই হজম শক্তি বঢ়োৱাৰ লগতে পেট পৰিস্কাৰ কৰি ৰখাত সহায় কৰে৷

১০৷ ইয়াত থকা ভিটামিন ‘এ’ আৰু বিটা-কেৰোটিনে চকু ভালে ৰাখে৷

১১৷ কঁঠালত থকা এণ্টি অক্সিডেণ্টে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ লগতে বয়সৰেখা নাইকীয়া কৰে৷

১২৷ কঁঠালত প্ৰচুৰ পৰিমাণে কেল’ৰি আৰু ভিটামিন থকাত কোলেষ্টোৰেলৰ সমস্যা হ্ৰাস কৰে৷

১৩৷ কঁঠালত থকা ছ’ডিয়াম আৰু পটাছিয়ামে দেহত ‘ইলেকট্ৰ’লাইট বেলেন্স’ নিয়ন্ত্ৰিত কৰি ৰখাৰ লগতে হৃদযন্ত্ৰ সুস্থ ৰাখে৷

১৪৷ কঁঠালত প্ৰচুৰ পৰিমাণে আইৰণ থকাত তেজৰ লোহিত কণিকাৰ পৰিমাণ বৃদ্ধি হোৱাত সহায় কৰে৷ তদুপৰি ৰক্তহীনতাত ভোগাসকলৰ বাবে কঁঠাল অত্যন্ত উপকাৰী৷