Logo
image

মৃত্যুপুৰী দিল্লী

ক’ভিডৰ আগ্ৰাসনত দিল্লীৰ অসমীয়া সমাজ বিধ্বস্ত

আমাৰ অসম, ১ মে': ৰাজধানী দিল্লীৰ অসংখ্য চিতাৰ জুইয়ে যি মুহূৰ্তত আকাশ স্পৰ্শ কৰিছে, সেই চিতাৰ লেলিহান জুইত ইজনৰ পাছত সিজন অসমৰ সু-সন্তানৰ দেহ ছাইত পৰিণত হৈছে ক’ভিডৰ অভূতপূৰ্ব সংহাৰত৷ ৰাজধানীৰ চৌদিশে জ্বলা শ্মশানৰ জুইত এতিয়া অসমীয়াৰ দেহ সৎকাৰৰ গোন্ধ, চতুৰ্দিশে উৰা শ্মশানৰ ছাইত এতিয়া পঞ্চভূতত বিলীন হোৱা অসমৰ সু-সন্তানৰ কৰুণ স্মৃতি৷ হয়, যোৱা ৫-৬ দিনত দিল্লীত প্ৰতিষ্ঠিত কেইবাজনো অসমৰ সু-সন্তানক ক’ভিডে সংহাৰ কৰিছে৷ দিল্লীত বসবাস কৰা অসম সমাজক বিধবস্ত কৰি দিল্লীলৈ নতুনকৈ যোৱা বহুতৰে অভিভাৱকস্বৰূপ অসমীয়াক কাঢ়ি নিছে কাল কৰ’নাই৷ তেনে শোকাৱহ ঘটনাৰ অন্তিম সংযোজন হ’ল দিল্লীস্থিত অসমীয়া সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য৷ শুকুৰবাৰে পুৱা গুৰুগ্ৰামৰ প্ৰতীক্ষা হাস্পতালত ক’ভিডত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ‘টাইমছ অব ইণ্ডিয়া’ গ্ৰুপত কৰ্মৰত অসমৰ সাংবাদিক নিলাক্ষী ভট্টাচাৰ্যই৷ চৰম দুৰ্ভাগ্যৰ বিষয় এয়াই যে, যি সময়ত চিকিৎসালয়ত কাল কৰ’নাৰে যুঁজি নিলাক্ষীয়ে জীৱনযুদ্ধত হাৰ মানিলে, সেই সময়ত তেওঁৰ স্বামী, ‘দ্য আছাম ট্ৰিবিউন’ৰ দিল্লীৰ ব্যুৰ’ চিফ কল্যাণ বৰুৱাও ক’ভিডত গুৰুতৰভাৱে অসুস্থ হৈ একেখন হাস্পতালতে শয্যাশায়ী হৈ আছে৷ মৰমৰ পত্নীৰ অকাল বিয়োগত শেষকৃত্য দূৰৰ কথা, শোক প্ৰকাশ কৰিবলৈও সক্ষম নহয় ক’ভিড আক্ৰান্ত সাংবাদিক স্বামী কল্যাণ বৰুৱা৷ নিলাক্ষী বৰুৱা পৰ্বতাৰোহী ৰূপেও সমাদৃত আছিল৷ তেওঁ কেইবাটাও হিমালয় অভিযানত অংশগ্ৰহণ কৰিছিল৷ দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ প্ৰতিষ্ঠাপক সদস্য আছিল কৰ’নাই কাঢ়ি নিয়া নিলাক্ষী৷ নিলাক্ষীয়ে এই সংসাৰত এৰি থৈ গৈছে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত একমাত্ৰ কন্যা আৰু ক’ভিডৰে যুঁজি থকা স্বামী কল্যাণ বৰুৱাক৷

দিল্লীৰ সকলো বাসিন্দাৰ সৈতে ৰাজধানী চহৰ আৰু আশে-পাশে থকা অসমীয়াসকলৰ অৱস্থা কঠিন ক’ভিড পৰিস্থিতিত সমভাৱেই শোচনীয়৷ কাৰোবাৰ পত্নীৰ ক’ভিডত মৃত্যু হৈছে, আন কাৰোবাৰ স্বামীৰ৷ কাৰোবাৰ পতি-পত্নী উভয়েই দুই-চাৰিদিনৰ ব্যৱধানত ক’ভিড যুদ্ধত পৰাজিত হৈ আঁতৰি গৈছে সন্তানক অনাথ কৰি৷ কোনো স্বামীয়ে পত্নীৰ ‘ইপিটাফ’ লিখিবলগীয়া হৈছে ক’ভিড যুদ্ধত কোনোমতে প্ৰাণ ৰক্ষা কৰি৷ কি এক কৰুণ পৰিস্থিতিক্ক নিয়তিৰ কি পৰিহাস৷ 

দিল্লীবাসী অসমীয়াৰ অভিভভাৱকস্বৰূপ ক’ভিড আক্ৰান্ত সঞ্জীৱ ফুকনে পত্নীক চিকিৎসালয়ৰ আই চি ইউত এৰি ঘৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আনিবলৈ গৈ ঘৰতে অসহায় পৰিস্থিতিত প্ৰাণ হেৰুৱাইছে ২৬ এপ্ৰিলত৷ তিনিদিন পাছত শুকুৰবাৰে তেওঁৰ পত্নী মমী ফুকনেও চিকিৎসালয়ৰ আই চি ইউতে প্ৰাণ হেৰুৱাইছে৷ দুটি সন্তানক অনাথ কৰি দুয়ো ক’ভিডৰ বিৰুদ্ধে দিল্লীৰ জীৱন-মৰণ যুঁজত মৃত্যুৰ ওচৰত পৰাজিত হৈছে৷ ক’ভিডত আক্ৰান্ত হৈ বৃহস্পতিবাৰে প্ৰাণ হেৰুৱাইছে গুৰুগ্ৰাম আছাম এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক সভাপতি তথা পাৱাৰগ্ৰীড মুখ্য কাৰ্যালয়ৰ মহা প্ৰৱন্ধক মৃদুল ভূঞাই৷ তেওঁ দিল্লীলৈ নতুনকৈ বাস কৰিবলৈ যোৱা প্ৰায় সকলোকে সহায় কৰিছিল৷ তেওঁৰ মৃত্যুত দিল্লীৰ নতুন আবাসীয়ে হেৰুৱালে এজন দায়িত্বশীল অসমীয়া অভিভাৱক৷ বৃহস্পতিবাৰেই মৃত্যু হৈছে অসমৰ আন এগৰাকী গুৰুগ্ৰাম নিবাসী প্ৰাক্তন শিক্ষয়িত্ৰী জ্যোতি ফুকনৰ৷ ইপিনে ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত নিয়মিতভাৱে লিখা অসমৰ জয়িতা ভট্টাচাৰ্যই ক’ভিডত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰিছে মাথোঁ তিনিদিন পূৰ্বে৷ কি কঠিন পৰিস্থিতিত পত্নীক হেৰুৱাবলগীয়া হ’ল সেয়া একেখন সংবাদ পত্ৰতে বৰ্ণনা কৰিছে ক’ভিডৰ বিৰুদ্ধে যুদ্ধত বিজয়ী হৈ ঘৰলৈ উভতি অহা স্বামী সুবিমল ভট্টাচাৰ্যই৷ ‘আই ছাৰভাইভড, ছি ডিডনট’, শীৰ্ষক সেই লিখনি যেন জীৱন্ত ‘এপিটাফ’, য’ৰ প্ৰতিটো শব্দত ফুটি উঠিছে দেশৰ ৰাজধানী চহৰখনৰ ক’ভিড পৰিস্থিতিৰ অসহায় মূৰ্তি, অতিমাৰীৰ কাল ৰূপ৷

তিনি দিনৰ ব্যৱধানত প্ৰবাসী অসমীয়া দম্পতীৰ ক’ভিডত মৃত্যু

অতিমাৰী কৰ’নাত আক্ৰান্ত হৈ যোৱা ২৬ এপ্ৰিলত ফৰিদাবাদত মৃত্যু হয় অসম সন্তান তথা টাটা কন্‌চালটেন্সীৰ জ্যেষ্ঠ বিষয়া সঞ্জীৱ ফুকনৰ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫০বছৰ৷ ফুকনৰ মৃত্যুৰ তিনি দিন পাছত শুকুৰবাৰে তেওঁৰ পত্নী মমী ফুকনৰ [৪৫] মৃত্যু হয়৷ গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা ফুকনৰ পৰিয়াল বিগত তিনিবছৰ ধৰি দিল্লীতেই আছিল৷ তেওঁলোকৰ পুত্ৰ-কন্যা ক’ভিডত আক্ৰান্ত হৈছিল যদিও চিকিৎসাৰ পাছত ‘নিগেটিভ’ হয়৷ ক’ভিডৰ বাবেই ঘাটমাউৰা হৈ পৰা ফুকন দম্পতীৰ পুত্ৰ-কন্যা বিমানযোগে গুৱাহাটীলৈ ৰাওনা হৈছে৷ সঞ্জীৱ ফুকনৰ মৃত্যুত টাটা কনচালটেন্সীৰ বিষয়া-কৰ্মচাৰীসকলে গভীৰ শোঁকৰ ছাঁ পৰিছে৷ ইফালে প্ৰয়াত ফুকনৰ গুৱাহাটীৰ বাসগৃহতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ ইপিনে, দিল্লীত টাইমছ অব ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যুত মৰ্মাহত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে৷ দুঃসাহসিক ক্ৰীড়াৰ সৈতেও জড়িত নিলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু এক অপুৰণীয় ক্ষতি বুলি বৰ্ণনা কৰি গুৱাহাটী প্ৰেছ ক্লাবে শোকসন্তপ্ত পৰিয়াললৈ জনাইছে সমবেদনা৷ এনে এক সংকটপূৰ্ণ সময়ত সদ্যপ্ৰয়াত নিলাক্ষী ভট্টাচাৰ্যৰ স্বামী কল্যাণ বৰুৱাও ক’ভিড-১৯ত আক্ৰান্ত৷ তেওঁ সম্প্ৰতি আইচিইউত আছে৷ আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ আশু-আৰোগ্য কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে৷ আনহাতে, নীলাক্ষি ভট্টাচাৰ্য আৰু ‘আজটক’ৰ সাংবাদিক ৰোহিত সাৰদানাৰ মৃত্যুত সাংবাদিক সুৰক্ষা মঞ্চই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ নীলাক্ষি ভট্টাচাৰ্যৰ বিয়োগত সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

হাস্পতালত নাই বিছনা, নয়ডাত সংকটৰ গৰাহত ‘পজিটিভ’ অসমীয়া দম্পতী

দেশত অকল্পনীয় হাৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ সমান্তৰালকৈ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও৷ কৰ’না মহামাৰীয়ে দেশজুৰি কাল অমানিশা নমাই অনাৰ সময়তে উত্তৰপ্ৰদেশৰ নয়ডাত থকা চৰকাৰী তথা বে-চৰকাৰী চিকিৎসালয়সমূহত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীক আসন প্ৰদান কৰিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে৷ সমান্তৰালকৈ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত প্ৰবাসী অসমীয়া লোকক কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে৷ নয়ডাৰ চিকিৎসালয়সমূহত ভৰ্তি কৰোৱাব নোৱৰা ক’ভিড-১৯ আক্ৰান্ত এটি প্ৰবাসী অসমীয়া পৰিয়ালে সম্প্ৰতি ভাড়াঘৰতে অক্সিজেনলৈ মৃত্যুৰ ক্ষণ গণি থকা এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে ৷ কৰ্মসূত্ৰে উত্তৰপ্ৰদেশৰ নয়ডাত থকা উজনি অসমৰ ডিব্ৰুগড়ৰ বিষ্ণু নগৰৰ উৎপল হাজৰিকা [৪০] আৰু তেওঁৰ পত্নী প্ৰীতিৰূপা হাজৰিকাৰ [৩৬] দেহত ৬দিন পূৰ্বে ক’ভিড-১৯ পজিটিভ ধৰাৰ পাছত চিকিৎসকে দুয়োকে হোম কোৱাৰেণ্টাইন দিয়াৰ পাছতে দুয়োৰে স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতো চিকিৎসালয়ত আসনৰ অভাৱৰ কথা দোহাই দি চিকিৎসকে দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পৰা বিৰত থাকে৷  ক’ভিড-১৯ত আক্ৰান্ত হৈ অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ তথ্য চিকিৎসালয় কতৃৰ্পক্ষক অৱগত কৰাৰ পাছতো প্ৰবাসী অসমীয়া দম্পতিহালক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে৷ সম্প্ৰতি নয়ডাৰ এটা ভাড়াঘৰতে বিগত পাঁচদিন ধৰি ক’ভিড-১৯ৰ উন্নত চিকিৎসা অবিহনে প্ৰবাসী অসমীয়া দম্পতিহালে চিকিৎসক নাৰ্ছৰ অনুপস্থিতিত অক্সিজেন লৈ থাকিবলগীয়া হৈছে ৷ ক’ভিড-১৯ত আক্ৰান্ত প্ৰবাসী অসমীয়া দম্পতিহালৰ দুই সন্তান ক্ৰমে হৰ্ষবৰ্ধন হাজৰিকা [৫] আৰু গৌৰি প্ৰিয়া হাজৰিকা [২] নয়ডাৰ ভাড়াঘৰটোতে আবদ্ধ হৈ থকা বুলি জানিবলৈ দিছে ৷ কণ কণ সন্তানদুটিয়ে পিতৃ-মাতৃৰ দূৰৱস্থা প্ৰত্যক্ষ কৰি ভাগি পৰা বুলি জানিবলৈ দিয়াৰ লগতে বজাৰত চৰাদৰত ক্ৰয় কৰি অনা চিকিৎসাজনিত অক্সিজেন চিলিণ্ডাৰটো যিকোনো মুহূৰ্ততে শেষ হ’ব পাৰে বুলি জনাইছে ৷ মৃত্যুৰে যুঁজি থকা প্ৰবাসী অসমীয়া দম্পতিহালে একেটা অক্সিজেন চিলিণ্ডাৰকে বদলাবদলি কৰি লৈ থকা বুলিও সন্তানদুটিয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে, ক’ভিড-১৯ত আক্ৰান্ত প্ৰবাসী দম্পতিহাল দুই সন্তানৰ সৈতে উত্তৰপ্ৰদেশৰ নয়ডাৰ ফ্লেট নং ৬৪ ডি, ব্লক ই- ৩ শতাব্দী বিহাৰ, ছেক্টৰ - ৫২ত আবদ্ধ হৈ আছে।