চেম্পিয়ন ক্ৰিকেটাৰক লৈ নিজ নিজ গৃহভূমিত উল্লাস, অসমত উপেক্ষিত উমা চেত্ৰী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ নৱেম্বৰঃ বহু বছৰ আগতে এচিএত আলী উপাধিৰ পিয়ন এজন আছিল৷ এচিএ অৰ্থাৎ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয় তেতিয়া নেহৰু ষ্টেডিয়ামত৷ এতিয়াৰ দৰে কৰ্প’ৰেট কৰ্প’ৰেট গোন্ধ নাছিল এচিএত৷ সকলোৰে অবাধ আহ-যাহ৷ সম্পাদক বিকাশ বৰুৱা ১০-১২ ঘণ্টা এচিএৰ অফিচতে থাকে৷ কোনোবা ডাঙৰ ক্ৰিকেটাৰ আহিলে, ৰঞ্জীৰ দল ঘোষণা কৰিলে, বাহিৰৰ টীম আহিলে বা খেলপথাৰ পৰিদৰ্শন কৰিবলৈ বিদেশী কৰ্মকৰ্তা আহিলে আন নালাগে, আলীয়েও গম পায়৷ বহু সময়ত আলীয়েই সাংবাদিকক খবৰ দিয়ে– কাইলৈ অমুক আহিব, ........টা বজাত৷ সম্পাদকৰ পৰা নিশ্চিত হৈ সাংবাদিকো যথাস্থানত, যথাসময়ত গৈ উপস্থিত হয়৷ আজি সেই আলীও নাই, বিকাশ বৰুৱাও নাই৷
এসময়ত এচিএৰ পিয়ন আলীয়ে জানিলেও পিছে বিশ্ব চেম্পিয়ন হৈ অসমৰ ক্ৰিকেটাৰ ঘৰলৈ উভতি আহিলে আজিকালি এচিএৰ সভাপতিয়েও সেই খবৰ নাজানে৷ কিয়নো বিশ্ব চেম্পিয়ন হৈ অসমৰ ক্ৰিকেটাৰ উমা চেত্ৰী ঘৰলৈ উভতি অহাৰ খবৰ নাজানে বুলি নিজ মুখেই স্বীকাৰ কৰিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে৷ সংযোগবশতঃ তৰংগ গগৈ নাহৰকটীয়াৰ বিজেপি বিধায়কো, ব্যস্ত মানুহ৷ এতিয়া অসম ক্ৰিকেট সন্থা কৰ্প’ৰেট ঢঙত চলে৷ এজন চি ই অ’ আছে, নাম প্ৰীতম মহন্ত৷ মেনেজাৰ এইচ আৰ আছে৷ প্ৰশাসনীয় কাম-কাজ তেওঁলোকে চলায়, সভাপতি-সম্পাকে কেৱল নিৰ্বাচনত বিজয়ী হ’বলৈ জিলা ক্ৰীড়া সন্থাৰ সৈতে ‘লবী’ কৰিলেই হ’ল, শাসকীয় দলৰ মুৰব্বীৰ পৰা ‘আশীৰ্বাদ’ ল’লেই হ’ল– ক্ৰিকেটাৰ জন্নতেই যাওঁক বা জহন্নাম, সিমান লেনা দেনা নাই৷
সেয়ে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে বিশ্বকাপ বিজয়ী হৈ উমা চেত্ৰী উভতি অহাৰ কথা গম নাপালে৷ উমা চেত্ৰীক এচিএই বিমানবন্দৰত আদৰণি জনাব নোৱাৰাৰ অভিযোগত কি ক’লে সভাপতি তৰংগ গগৈয়ে? তেওঁ ক’লে–‘উমা চেত্ৰী ডাঙৰীয়ানী বি চি চি আইৰ লগত আছিল৷ বি চি চি আই নিজৰ কাৰ্যসূচীমতে চলে৷ বি চি চি আয়ে আমাক জনোৱা নাছিল, উমা চেত্ৰীক কেতিয়াকৈ পঠিয়াব৷ উমা চেত্ৰীয়ে নিজেও গম নাপায় তাই কেতিয়াকৈ ৰিটাৰ্ণ টিকেট পাব৷ উমা চেত্ৰীয়ে ৬ তাৰিখে সন্ধিয়া এৰাউণ্ড ৭ বজাত জনালে– এতিয়া মই এয়াৰপৰ্ট গৈ আছো, গুৱাহাটী আহিম৷ তাই গুৱাহাটী পাইছে সন্ধিয়া এৰাউণ্ড ইলেভেন৷ তাই বাহিৰলৈ ইলেভেন থাৰ্টি মানত ওলাই আহিছে৷ আমাৰ পৰিকল্পনা আছিল এচিএৰ অফিচলৈ আনি সম্বৰ্ধনা জনোৱাৰ৷ আমি ২ ঘণ্টাত ডিষ্ট্ৰিকৰ মানুহ গোটাব নোৱাৰো৷ ৰাতি ১২-১ টা বজাত ৰেলী কৰিব নোৱাৰি৷ ৰাতি ৰটা বজাত যদি সম্বৰ্ধনা জনাওঁ, মানুহ গৰাকীয়েও ভাবিব, আৰে মোক ৰাতি সম্বৰ্ধনা জনাইছে৷ ভাল পৰিৱেশ নহ’ব৷’
সভাপতি তৰংগ গগৈয়ে উমা চেত্ৰী অহাৰ খবৰটো বি চি চি আইৰ পৰা নোপোৱা বুলি স্বীকাৰ কৰি বি চি চি আইৰ সৈতে তেওঁৰ সম্পৰ্কহীনতা, সমন্বয়হীনতা আৰু সৰ্বোপৰি বি চি চি আইৰ ওচৰত তেওঁৰ গুৰুত্বহীনতাও প্ৰকট কৰি দিলে৷ পিছে তেওঁ বি চি চি আয়ে খবৰ নিদিলে বুলি কৈ দেশৰ ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোলৈ যি দোষ ঠেলিছে, সেয়াহে নিখুঁত নহ’ল বুলি চৰ্চা হৈছে৷ কিয়নো, সকলোৱেই জানে, বি চি আইৰ সচিবো এতিয়া অসমৰে দেৱজিৎ শইকীয়া৷ বৃহস্পতিবাৰে দেৱজিৎ শইকীয়া ক’ত আছিল, দেশত নে বিদেশত; সেয়া ডাঙৰ কথা নহয়, বি চি চি আইৰ সচিব হিচাপে তেওঁৰ ফোন সকলো সময়তে খোলা থাকে৷ আৰু ষ্টেডিয়ামৰ বতাহত শুনা যায়– তৰংগ গগৈ তেওঁৰেই ‘প্ৰক্সি’ সভাপতি৷ এতিয়া দোষটো দেৱজিৎ শইকীয়াৰে বুলি ভাবিবই পাৰি৷ তথাপি তেওঁ নাপালে উমা চেত্ৰী ঘৰলৈ উভতি অহাৰ খবৰ৷ এসময়ৰ এচিএৰ পিয়ন আলীতকৈয়ো সভাপতিৰ ওচৰত অসম ক্ৰিকেটৰ খবৰ কম থাকে, পুতৌ লগা অৱস্থা৷
উমা চেত্ৰী অসমীয়া নহয়, নেপালী হোৱাৰ বাবেহে তেওঁক আদৰণি নজনালে বুলি গোৰ্খা ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াই অভিযোগ কৰিছে৷ ভাগ ভাগ হৈ পৰা অসমত সেয়া গুৰুতৰ অভিযোগেই৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমায়ে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা কৰি তেওঁলোকে উমা চেত্ৰীক আদৰণি জনাব নোৱাৰাটো দোষ বুলি স্বীকাৰ কৰি লৈছে৷ তেওঁ ৰাজহুৱাভাৱে কৰা ক্ষমা প্ৰাৰ্থনাৰে পৰোক্ষভাৱে ‘ক্ৰীড়াপ্ৰেমী’ চৰকাৰ, চৰকাৰৰ ক্ৰীড়া বিভাগ, ক্ৰীড়ামন্ত্ৰী আৰু অন্যান্য দল সংগঠনলৈ এটা প্ৰত্যাহ৩ানেই এৰি দিলে৷ এচিএৰ সভাপতিয়ে বি চি চি আইলৈ দোষ ঠেলাৰ সময়ত এতিয়া দায়িত্বশীল সকলোৱে এয়া এটা ডাঙৰ ভুল বুলি ক্ষমা বিচাৰিবনে– সেই প্ৰশ্নও উঠিছে৷
এতিয়া অৱশ্যে চৰকাৰে তাৎক্ষণিকভাৱে ‘ডেমেজ কণ্ট্ৰল’ত নামি পৰিছে৷ শুকুৰবাৰে উমা চেত্ৰীৰ বোকাখাতৰ ঘৰত ভি আই পি-ভি ভি আই পিৰ লানি নিছিগা সোঁত৷ কাৰোবাৰ নিৰ্দেশত প্ৰথমেই উমা চেত্ৰীৰ ঘৰত গোলাঘাটৰ ডিচি-এছপি৷ দেৰিকৈ গৈ উপস্থিত হ’ল ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছাও৷ পিছে আচৰিত কথা এয়াই–ছ’চিয়েল মিডিয়াত বহু নেটিজেনে লিখিছে, আজিহে নন্দিতা গাৰ্লোছা অসমৰ ক্ৰীড়া মন্ত্ৰী বুলি তেওঁলোকে জানিলে৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, গুৱাহাটীৰ সাংসদ বিজুলি কলিতা মেধিয়ে ‘টাইপ’ অভিনেতাৰ দৰে উত্তৰ দিলে–খবৰেই নাপালে, পালে বিমানবন্দৰলৈ গ’লহেঁতেন৷ বিমানবন্দৰত সেৰেঙা ভিৰৰ মাজেৰে ওলাই ভাৰাগাড়ীত উঠি ঘৰলৈ গ’লেও বোকাখাতৰ ঘৰত কিন্তু উমা চেত্ৰীৰ সাফল্য ভাগ বটোৱাৰা কৰি লোৱা ‘প্ৰকৃত’ অনুৰাগীৰ অভাৱ নাই৷ দুই এদিনৰ পাছত হয়তো বিজেপি চৰকাৰে উমা চেত্ৰীক বিপুল সম্বৰ্ধনা জনাব৷ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, ৰাজনাথ সিঙক বিদায় দি লৈ বিজেপি চৰকাৰে উমা চেত্ৰীৰ ‘প্ৰকৃত’ অনুৰাগী আৰু ‘নকল’ অনুৰাগী ভাগ কৰাৰো আশংকা নথকা নহয়৷ সকলোৱে অসমৰ সকলো সমস্যা, ঘটনাতে সাংবাদিকক দোষ দি থাকে৷ উমা চেত্ৰীৰ আদৰণিত কিন্তু বিমানবন্দৰত মাজনিশা হাতত কেমেৰা-বুম লৈ সাংবাদিকেহে অপেক্ষা কৰি আছিল৷ তেতিয়া তাৰ পৰা ২০ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিষয়া সকলো ব্যস্ত আছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অনুষ্ঠানৰ শেষ প্ৰস্তুতিত৷ সাদৰী মাক, গাঁওবাসীৰ মৰমৰ মাজত কিন্তু উমা চেত্ৰী আনন্দতে আছে৷ তেওঁ যি বিৰাট সন্মান লাভ কৰিছে, তাৰ তুলনাত এই সকলো চৰকাৰী ‘পেচ’ প্ৰকৃততে তেনেই তুচ্ছ৷ তৰংগ গগৈৰ নাম হয়তো ভৱিষ্যতে এচিএ অফিচৰ এখন কাঠৰ বৰ্ডত প্ৰাক্তন সভাপতি হিচাপে লিখা থাকিব৷ কিন্তু বিশ্ব চেম্পিয়ন হিচাপে উমা চেত্ৰীৰ নাম লিখা থাকিব ক্ৰিকেটৰ বাইবেল উইজডেনত৷
স্বগৃহত উমা চেত্ৰী, বিপুল আদৰণি
‘আমাৰ অসম’ৰ নুমলীগড়ৰ প্ৰতিবেদকঃ ক্ৰিকেটৰ বিশ্বজয়ী উমা চেত্ৰী আজি নিজ ঘৰত উপস্থিত হয়৷ বোকাখাত কান্ধূলিমাৰীৰ নিজা ঘৰৰ পৰা উমাই ঐতিহ্যমণ্ডিত চিকন আটা থানত বন্তি প্ৰজ্বলনৰে ভগৱানৰ ওচৰত সেৱা লয়৷ কান্ধূলিমাৰীৰ উমাৰ ঘৰ হৈ পৰে লোকাৰণ্য৷ থানৰ পৰা ঘৰ পোৱাৰ লগে লগেই গোলাঘাটৰ জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত, জিলা আৰক্ষী বিষয়া ৰাজেন সিং, বোকাখাত সমজিলা আয়ুক্ত শিৱানী জেৰ্ণগল, অসম ক্ৰিকেট সন্থাৰ টেকনিকেল সমিতিৰ সদস্য পৰীক্ষিত দত্ত, সমজিলা আৰক্ষী বিষয়া ৱাৰ্ডি বড়ো, বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাগজ্যোতি বুঢ়াগোহাঁই, চক্ৰ বিষয়া দেবাহুতি ডেকাকে ধৰি বিষয়া সকলে বিশ্বজয়ী মহিলা ক্ৰিকেটাৰ গৰাকীক চেলেং, গামোচা, ফুলাম জাপি, সঁফুৰা, মিঠাইৰ টোপোলাৰে বিপুল শুভেচ্ছা জ্ঞাপন কৰে৷ বোকাখাত মহকুমা সাংবাদিক সন্থা, প্ৰেছ ক্লাৱ, ইমজাকে ধৰি সাংবাদিক সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক, জিলা আৰু স্থানীয় নেতৃত্বই অংগ বস্ত্ৰৰে শুভেচ্ছা জনায়৷ শুভেচ্ছা জ্ঞাপন কৰে কাজিৰঙা অৰ্কিড পাৰ্ক, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ বোকাখাত ক্ৰীড়া সন্থায়ো জনায় শুভেচ্ছা৷ উল্লেখযোগ্য যে কালি সন্ধিয়া গুৱাহাটী বিমানবন্দৰত অবতৰণ কৰাৰ সময়ত অসম চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীয়ে আদৰণি নজনোৱা, নিৰাপত্তা নোহোৱাকৈ অকলেই ঘৰলৈ পথোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বোকাখাত একাংশ সংগঠনে৷ কোনো নিৰাপত্তা ব্যৱস্থা নথকাকৈ নিশা এখন গাড়ীৰে গুৱাহাটীৰ পৰা আহি তেওঁ ঘৰত উপস্থিত হৈছিল৷
বিচিচিআইয়ে উমা চেত্ৰী অহাৰ সঠিক সময় জনোৱা নাছিল এচিএক
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ মহিলা বিশ্বকাপত বিশ্বজয় কৰি মাতৃভূমিত উপস্থিত হোৱা অসম কন্যা উমা ছেত্ৰীক উপেক্ষা কৰা বুলি চলি থকা বিতৰ্কৰ মাজতে মুখ খুলিছে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে৷ বিচিচিআইয়ে এচিএক উমা ছেত্ৰীৰ অসম আগমণৰ বিষয়ে আগতীয়াকৈ অৱগত নকৰাৰ বাবে সম্বৰ্ধনা জনাবলৈ পৰিকল্পনা কৰিব পৰা নাছিল অসম ক্ৰিকেট সন্থাই৷ আজি সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত বিধায়ক তথা অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, উমা ছেত্ৰী আমাৰ বাবে কেতিয়াও গোৰ্খা সম্প্ৰদায়ৰ খেলুৱৈ নাছিল৷ প্ৰথম অসমীয়া পৰিচয়েৰে ভাৰতীয় ক্ৰিকেট দলত খেলাৰ সুযোগ লাভ কৰিছে৷ একেটা প্ৰসংগত তৰংগ গগৈয়ে লগতে কয় যে, উমা ছেত্ৰী বিচিচিআইৰ অধীনত আছিল৷ বিচিচিআই নিজৰ কাৰ্যসূচীমতে চলে৷ বিচিচিআইয়ে আমাক জনোৱা নাছিল উমা ছেত্ৰীৰ আগমণৰ কাৰ্যসূচী৷ উমা ছেত্ৰীয়ে আনকি নিজেও গম পোৱা নাছিল ওভতনি যাত্ৰাৰ বিষয়ে৷ উমাই আমাক ৬ নৱেম্বৰৰ সন্ধিয়া ৭ বজাত বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ অহাৰ কথা জনাইছিল৷ তাই নিশা বৰঝাৰত উপস্থিত হৈছিল নিশা ১১ বজাত৷ বিমানবন্দৰৰ পৰা ওলাই আহিছিল ১১.৩০ বজাত৷ নিশাৰ ভাগত এচিএৰ বিষয়ববীয়াসকলক মাতি সম্বৰ্ধনা জনোৱাটো আমাৰ বাবে সম্ভৱপৰ নাছিল৷ নিশাৰ ভাগত ৰে’লী কৰিব নোৱাৰোঁ৷ নিশা সেই পৰিৱেশ নাছিল৷ অৱশ্যে এচিএৰ বিষয়ববীয়াসকলে প্ৰথমে সম্বৰ্ধনা জনাইছিল৷ উমাই আমাক নিজেই ঘৰলৈ যাবলৈ ইচ্ছাৰ কথা জনাইছিল৷ দুদিনৰ কাৰণে ঘৰলৈ আহিছে৷ ৯ নৱেম্বৰত সম্বৰ্ধনা জনোৱা হ’ব৷ আমি পৰিকল্পনা কৰিছিলোঁ৷ ইফালে উমা ছেত্ৰীক লৈ ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনাই ক্ৰিকেট সন্থাৰ সভাপতিজনে আৰু কয়, এচিএয়ে ২০২৩ চনত ৫ লাখ টকা পঠাইছিল৷ যথেষ্ট সহযোগিতা আগবঢ়োৱা হৈছে উমা ছেত্ৰীক৷ আমি দিনৰ পোহৰত সন্মান জনাব বিচাৰিছোঁ৷
অসন্তুষ্ট অসম জাতীয় পৰিষদ
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ বিশ্বকাপ জয়ী উমা চেত্ৰীক অসম চৰকাৰে আদৰণি নজনোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে৷ আজি এক সংবাদমেলত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়– ‘উমা চেত্ৰীক অসম চৰকাৰে আদৰণি নজনোৱাটো অসমৰ বাবে জাতীয় লজ্জা৷ ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে বিশ্বকাপ জয় কৰিছে৷ এনে এক গৌৰৱময় ক্ষণত মহিলা সবলীকৰণৰ কথা কৈ থকা অসম চৰকাৰখনে উমা চেত্ৰীক আদৰণি নজনালে কিয়? মহিলাৰ আসন সংৰক্ষণৰ কথা কোৱা চৰকাৰখনৰ বিশ্বজয়ী অসমৰ এগৰাকী খেলুৱৈক আদৰিবলৈ মনকাণ নহ’ল৷ তেওঁলোকে হেনো খবৰেই নাপায়৷ এচিএ-ই খবৰেই নাপালে৷ এয়া জাতীয় লজ্জা৷ মুখ্যমন্ত্ৰীৰ বাবেও চূড়ান্ত ব্যৰ্থতা৷ কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে এওঁলোকে৷ ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত উমা চেত্ৰীৰ দৰে খেলুৱৈক উপেক্ষা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা৷ উমা চেত্ৰীক আদৰণি জনোৱাটো চৰকাৰৰ মৌলিক দায়িত্ব আছিল৷ এই দায়িত্ব পালনত চৰকাৰ আৰু এচিএ চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷’






