Logo
image

উক্তি-বক্ৰোক্তি

অসম ক্ৰিকেট সন্থাই ২০০ মানুহ লৈ যাব লাগিব বুলি কোনো কথা নাই৷ উমা চেত্ৰীক সম্বৰ্ধনা বা আদৰণিৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাৰ কোনো দোষ নাই৷ উমা চেত্ৰীয়ে নিজেও জনা নাছিল তেওঁ কোনদিনা ঘৰ পাবগৈ৷ অহাৰ আগে আগেহে তেওঁ জানিব পাৰিছিল৷ 

– বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া

সামাজিক মাধ্যমত কি চলি আছে আমি অনুসৰণ কৰি থকা নাই৷ উমা চেত্ৰী আমাৰেই জীয়ৰী৷ গুৱাহাটীত বিশ্বকাপ হৈছে সেইটো অসমৰ বাবে ডাঙৰ কথা৷ সংবাদ মাধ্যমে গুৱাহাটীত বিশ্বকাপ আয়োজন কৰা কথাটো প্ৰশংসা কৰিব লাগিব৷ 

– অসমৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোছা

অসমৰ বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ অসমৰ গৌৰৱ উমা চেত্ৰীক বিমান বন্দৰত আদৰণি আৰু সম্বৰ্ধনা জনাবলৈ নোযোৱাটো আমাৰ ভুল আছিল৷ তাৰ বাবে খেলুৱৈগৰাকীৰ ওচৰত এজন অসমীয়া হিচাপে মই ক্ষমা বিচাৰিছোঁ৷ কিন্তু একেটা ভুল কংগ্ৰেছ, ৰাইজৰ দল, অজাপকে ধৰি সকলো ৰাজনৈতিক দলেও কৰিলে৷ লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈ, অখিল গগৈ ডাঙৰীয়া আপোনালোকে নিজেওটো উমা চেত্ৰীক আদৰিবলৈ নগ’ল৷ আপোনালোকেও উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাৱেনে? 

– মন্ত্ৰী পীয়ূষ হাজৰিকা


ফাইনেলৰ আগদিনা নিশা শচীন তেণ্ডুলকাৰে মোলৈ ফোন কৰিছিল৷ তেওঁ কৈছিল, মেচখন যদি খুব দ্ৰুতগতিত আগবাঢ়ি যায়, তেন্তে সেই ক্ষেত্ৰত আমি মেচৰ গতি কমাব লাগিব৷ গতিৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগিব৷ নহ’লে তীব্ৰ গতিৰ মেচত বহু ভুল হৈ যাব পাৰে৷ ফাইনেলত তেনে ভুলৰ শুধৰণি কৰা অসম্ভৱ৷ শচীন তেণ্ডুলকাৰৰ এই পৰামৰ্শই আমাক বিশ্বকাপত চেম্পিয়ন হোৱাত সহায় কৰিছিল৷ 

– মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ

প্ৰায় এক দশক হৈ গ’ল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছোঁ৷ ২০১৭ আৰু ২০২০ ত আমাৰ হূদয় ভাগি গৈছিল৷ ইয়াৰ পাছতো আমি দুবাৰমান ছেমি ফাইনেলত হাৰিছোঁ৷ যিবোৰ মেচ প্ৰকৃততে আমি জিকিব পাৰিলোঁহেঁতেন৷ যিমানবাৰ এনে হয়, প্ৰত্যেকবাৰে মনত এটা চাপ থাকি যায়৷ এইবাৰ সেই সকলো চাপ আঁতৰাই আমি খেলিব পাৰিলোঁ আৰু সেই বাবেই বিশ্ব চেম্পিয়ন হ’লো৷ 

 – মহিলা ক্ৰিকেট দলৰ সহ-অধিনায়ক স্মৃতি মন্ধানা

আজি বিশ্ব চেম্পিয়ন ক্ৰিকেটাৰ উমা চেত্ৰীৰ বোকাখাতৰ কান্ধুলীমাৰি গাঁৱৰ ঘৰত পুৱাৰ আহাৰ কৰিলোঁ৷ তেওঁক চৰকাৰে আৰু অসম ক্ৰিকেট সন্থাই যিদৰে অৱহেলা কৰিলে তেনে হোৱা অনুচিত আছিল৷ 

– অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ