Logo
image

ভেক্‌চিনৰ নাটনি, হিমন্ত নামিল অক্সিজেন-অভিযানত

আমাৰ অসম, ১ মে': ৰাজ্যত এতিয়া জোৰা-টাপলি মাৰি চলি আছে ক’ভিডৰ ভেক্‌চিন অভিযান৷ অসমত বৰ্তমান ৪৫ ঊধবৰ্ৰ ব্যক্তিৰ বাবে মাত্ৰ ৫ দিনৰ বাবেহে ভেক্‌চিন মজুত আছে যদিও পহিলা মে’ৰ পৰা দিব লগা ১৮ বছৰ ঊধবৰ্ৰ আৰু ৪৫ বছৰ অনূধবৰ্ৰ ব্যক্তিয়ে লাভ নকৰে কোনো ভেক্‌চিন৷ কিয়নো অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ভেক্‌চিন যোগান ধৰিবলৈ ভাৰত বায়’টেক আৰু ছিৰাম ইনষ্টিটিউটক বাৰম্বাৰ অনুৰোধ জনাইছে যদিও কেন্দ্ৰীয় চৰকাৰে অসমলৈ ভেক্‌চিন প্ৰদানৰ বাবে বৰ্তমানেও অনুমোদন জনোৱা নাই৷ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পহিলা মে’ৰ পৰা ১৮ বছৰ ঊধবৰ্ৰ সকলো ব্যক্তিক বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল যদিও ১৮ ঊধবৰ্ৰ ব্যক্তিয়ে ভেক্‌চিন লাভৰ কোনো সম্ভাৱনা নাই৷ আনকি কেন্দ্ৰীয় চৰকাৰৰ ‘CoWIN’ পৰ্টেলত ৰাজ্যৰ লাখ লাখ লোকে ভেক্‌চিনৰ বাবে নাম পঞ্জীয়ন কৰিলেও তেওঁলোকে কেতিয়া ভেক্‌চিন লাভ কৰিব সেয়া বৰ্তমান অনিশ্চিত৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিন্‌হাই ভেক্‌চিন বিচাৰি সঘনাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যদিও কেন্দ্ৰই কেতিয়ালৈ আৰু কিমান পৰিমাণৰ ভেক্‌চিন প্ৰেৰণ কৰিব, সেই সন্দৰ্ভত কোনো তথ্যই অৱগত কৰা নাই অসম চৰকাৰক৷ পহিলা মে’ বাদেই, অহা ৪-৫ দিনলৈ ১৮ বছৰ ঊধবৰ্ৰ ব্যক্তিয়ে ভেক্‌চিন লাভৰ সম্ভাৱনা নাই৷ আনহাতে, শুকুৰবাৰৰ দিনটোত ৰাজ্যত প্ৰায় ৰ লাখ লোকে ভেক্‌চিন গ্ৰহণ কৰে৷ বৰ্তমান স্বাস্থ্য বিভাগৰ হাতত মজুত আছে ৫,৫৩,৫২০ ড’জ ভেক্‌চিন৷ দৈনিক এক লাখ ড’জকৈ ভেক্‌চিন ব্যৱহাৰ হ’লে ৰাজ্যত আৰু ৫ দিনৰ বাবেহে ৪৫ ঊধবৰ্ৰ ব্যক্তিক ভেক্‌চিন প্ৰদান কৰিব পাৰিব স্বাস্থ্য বিভাগে৷ ইফালে, যি সময়ত জ্যেষ্ঠ নাগৰিকৰ বাবেই ভেক্‌চিনৰ নাটনিয়ে দেখা দিছে, ঠিক সেই সময়তে শুকুৰবাৰে অসম সাহিত্য সভা ভৱনত বিজেপি নেতা পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীৰ নেতৃত্বত অনুষ্ঠিত ভেক্‌চিন শিবিৰত ৪৫ বছৰ অনূধবৰ্ৰ ব্যক্তিক ভেক্‌চিন প্ৰদান কৰাৰ অভিযোগ উঠিছে৷ অৱশ্যে ৰাজ্যবাসীয়ে ভেক্‌চিনৰ বাবে অপেক্ষাৰত যদিও স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড ৰোগীৰ বাবে অক্সিজেনৰ সন্ধানত নামি পৰা দেখা গৈছে৷ শুকুৰবাৰে মন্ত্ৰী শৰ্মাক ধেমাজিৰ চিলাপথাৰত অক্সিজেন প্লাণ্টৰ নিৰ্মাণৰ বুজ লোৱা দেখা যায়৷ তদুপৰি পুৱাই গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ০.৯ মেট্ৰিকটন সামৰ্থ্যৰ এটা অক্সিজেন গোটৰ শুভাৰম্ভ কৰে মন্ত্ৰী শৰ্মাই৷