ন্যায় লাগে! পাহাৰে-ভৈয়ামে জুবিন বন্দনা
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১০ নৱেম্বৰঃ জুবিন গাৰ্গ বিহীন ৫২টা দিন অতিবাহিত কৰিলে অসমবাসীয়ে৷ এতিয়াও অসমবাসীয়ে প্ৰতি পলে পলে জুবিন গাৰ্গৰ অভাৱ অনুভৱ কৰি আছে৷ ছিগাংপুৰত ১৯ ছেপ্টেম্বৰত প্ৰকৃততে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৈতে প্ৰকৃততে কি হৈছিল সেইকথা জানিবলৈ অসমবাসী ব্যাকুল হৈ আছে৷ জুবিন গাৰ্গৰ মৃত্যু অস্বাভাৱিক বুলি জানিবলৈ পোৱাৰ পাছত সমগ্ৰ অসম তথা দেশ-বিদেশত থকা প্ৰবাসী অসমীয়াসকলেও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰিছে৷ প্ৰাণৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ পাছতহে আৰম্ভ হৈছে এটা ডিজিটেল আন্দোলন৷ জুবিন গাৰ্গৰ ন্যায় বিচৰা ডিজিটেল আন্দোলন৷ জনকণ্ঠ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও ‘জুবিন ক্ষেত্ৰ’ৰ পৰা অশ্ৰুসিক্ত নয়নেৰে ৰাইজক ডিজিটেল মাধ্যমৰ জৰিয়তে #JusticeForZubeen লিখিবলৈ অনুৰোধ জনাইছিল৷ প্ৰাণৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা জনাই আৰম্ভ হোৱা ডিজিটেল আন্দোলনে ইতিমধ্যে ৫ মিলিয়ন অতিক্ৰম কৰিলে৷ তথাপি তেওঁৰ অনুৰাগীসকল ভাগৰা নাই৷ প্ৰাণৰ শিল্পীজনক হেৰুৱাই কোটি কোটি অনুৰাগী আজিও মৰ্মাহত৷ জুবিন গাৰ্গক হেৰুৱাই অনুৰাগীসকলে আজিও চকুলো টুকে৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু আজিও তেওঁলোকে সহজভাৱে ল’ব পৰা নাই৷ এতিয়া পাহাৰে ভৈয়ামে কেৱল ন্যায়ৰ বাবে ডিজিটেল আন্দোলন৷ ন্যায় বিচাৰি সামাজিক মাধ্যমত এনেদৰে কৰা প্ৰতিবাদৰ ভিতৰত শীৰ্ষত আছে #JusticeForZubeenGarg শীৰ্ষক আন্দোলনটো৷ জুবিন বিহীন ৫২ দিন অতিবাহিত কৰিলে অসমে, অথচ তেওঁৰ অনুৰাগীসকলৰ বাবে আজিও সাঁথৰ হৈ আছে জুবিন গাৰ্গক কোনে, কিয় আৰু কিহৰ বাবে এনেদৰে মৃত্যুমুখলৈ ঠেলি দিলে? সেই সত্য জানিবলৈ দিনে নিশাই তেওঁৰ অনুৰাগী, গুণমুগ্ধসকলে ডিজিটেল আন্দোলনত যিমান পাৰি সিমানে লিখি গৈছে #JusticeForZubeenGarg জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ প্ৰায় তিনি দিনৰ পিছৰ পৰা আৰম্ভ হৈছিল জুবিন গাৰ্গক ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তৰ বাবে #justiceforzubeengarg শীৰ্ষক এক ডিজিটেল আন্দোলনৰ৷ সামাজিক মাধ্যম বিশেষকৈ ফেচবুকত #justiceforzubeengarg হেছটেগ ব্যৱহাৰ ২০২৫ চনৰ ২২ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল৷
এতিয়া দিন বাগৰাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যও বৃদ্ধি পাবলৈ ধৰিছে৷ মানুহৰ মনত এতিয়া উৎকণ্ঠা অধিক বৃদ্ধি পাবলৈ ধৰিছে৷ জুবিন গাৰ্গ জীৱিত কালত সদায়েই অন্যায়ৰ বিৰুদ্ধে আছিল শক্তিশালী কণ্ঠ৷ তেওঁ মৃত্যুৰ পাছতো বহুজনৰ মুখা খুলি গ’ল৷ মুখাৰ আঁৰৰ মুখ দেখি মানুহবোৰৰ মনত এতিয়া অধিক ক্ষোভে স্থান লৈছে৷ পৰিস্থিতি, পৰিৱেশ চাই আইনে কোনো সিদ্ধান্ত দিয়াৰ পূৰ্বেই ৰাইজে উপলদ্ধি কৰিলে যে, জুবিন গাৰ্গক ষড়যন্ত্ৰ কৰি মৃত্যু মুখলৈ ঠেলি দিয়া হৈছিল৷ যাৰফলত ডিজিটেলৰ যুগত ডিজিটেলী আৰম্ভ কৰা এই যুঁজখন আগবাঢ়িল৷ জুবিন গাৰ্গৰ জন্মই হৈছিল অভিলেখ সৃষ্টিৰ বাবে৷ এতিয়া জুবিন গাৰ্গৰ অবৰ্তমানত তেওঁৰ মৃত্যুৰ ন্যায় বিচৰা আন্দোলনে অভিলেখ গঢ়ি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ এতিয়া পাহাৰে-ভৈয়ামে কেৱল জুবিন বন্দনা চলিছে৷ এইবাৰ সমগ্ৰ ৰাজ্যৰ ৰাসথলীসমূহতো কেৱল জুবিনময় হৈ পৰিছে৷ প্ৰাণৰ শিল্পীজনক চিৰকাল জীয়াই ৰাখিবলৈ অসমবাসীয়ে হিয়াৰ কোণতে তেওঁৰ থাপনা পাতি থৈছে৷ ২৩ ছেপ্টেম্বৰৰ পৰা জুবিন গাৰ্গৰ সোণাপুৰৰ শেষ শয়নথলী ‘জুবিনক্ষেত্ৰ’ এতিয়াতীৰ্থস্থানত পৰিণত হৈছে৷ জুবিন ক্ষেত্ৰতো তেওঁৰ অনুৰাগীসকলে ডিজিটেল ন্যায় আন্দোলনক অধিক শক্তিশালী কৰি তুলিবলৈ দিনে ৰাতিয়ে সমবেত হৈছে৷ এতিয়া চলিছে ন্যায় বিচৰা জোৰদাৰ ডিজিটেল আন্দোলন৷ উল্লেখ্য এতিয়ালৈকে হেছটেগৰ ইতিহাসত কোনেও justice শব্দটো ইমান বৃহত সংখ্যক লোকে ব্যৱহাৰ কৰা নাই৷ justice শব্দটো ব্যৱহাৰ কৰি লিখা হেছটেগৰ ইতিহাসত প্ৰথমস্থানত আছে justiceforzubeengarg প্ৰাণৰ শিল্পীজনে ন্যায় নোপোৱালৈকে তেওঁৰ অনুৰাগীসকলে #JusticeForZubeenGarg লিখি যাবলৈ বদ্ধ পৰিকৰ৷






