Logo
image

হিন্দুস্তান জিন্দাবাদ... সন্ত্ৰাসবাদৰ বিৰুদ্ধে হোজাইত মাদ্ৰাছা শিক্ষাৰ্থীৰ সমদল

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদক, ১৫ নৱেম্বৰঃ  দেশৰ ৰাজধানী দিল্লী আৰু জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদীৰ কুটাঘাতমূলক কাৰ্যৰ বিৰুদ্ধে আজি হোজাইৰ ৰাজপথ উত্তাল কৰি তুলিলে মাদ্ৰাছা ছাত্ৰই৷ অসমৰ ঐতিহ্যমণ্ডিত ইছলামী আৰু আধুনিক শিক্ষাৰ প্ৰাণকেন্দ্ৰ হোজাই জিলাৰ জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ সহস্ৰাধিক শিক্ষাৰ্থীয়ে হাতে হাতে প্লেকাৰ্ড, বেনাৰ আৰু জাতীয় পতাকা লৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়৷ মাদ্ৰাছাৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত ছাত্ৰসকলে সন্ত্ৰাসবাদ নিপাত যাওক, সন্ত্ৰাসবাদ মুৰ্দাবাদ, হিন্দুস্তান জিন্দাবাদ, পাকিস্তান মুৰ্দাবাদ আদি ধবনিৰে অঞ্চলটোৰ আকাশ-বতাহ কঁপাই তোলে৷ তিনি কিলোমিটাৰ পথ সমদল  কৰি মাদ্ৰাছা ছাত্ৰসকলে সন্ত্ৰাসবাদবিৰোধী এই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জামিয়া অসম দাৰুল হাদীছ জয়নগৰ মাদ্ৰাছা পৰিচালনা সমিতি, শিক্ষক সমাজে হোজাই জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক-পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ স্মাৰক-পত্ৰখনত ১০ নৱেম্বৰত দেশৰ ৰাজধানী চহৰ দিল্লীত সন্ত্ৰাসবাদীয়ে যি ভয়াৱহ বোমা বিস্ফোৰণ সংঘটিত কৰিলে, সেই বিভৎস কাণ্ডৰ জামিয়া কতৃৰ্পক্ষই তীব্ৰভাৱে নিন্দা জনায়৷


এই বৰ্বৰ ঘটনাত নিহত হোৱাসকলৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনায়৷ আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে৷ সন্ত্ৰাসবাদৰ দৰে বিভৎস কোনো কাণ্ড ইছলামে গ্ৰহণ নকৰে৷ আনকি ইছলামত সন্ত্ৰাসৰ দৰে জঘন্য কাণ্ডৰ কোনো স্থান নাই বুলি স্মাৰক-পত্ৰখনত উল্লেখ কৰে জামিয়া কতৃৰ্পক্ষই৷ ইছলামৰ নাম লৈ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰা এনে বৰ্বৰহঁতৰ বাবে মুছলমান সমাজখনো আক্ৰান্ত হৈছে বুলি জামিয়া কতৃৰ্পক্ষই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰখনত উল্লেখ কৰে৷ আজিৰ প্ৰতিবাদী সমদলৰ অন্তত মাদ্ৰাছাৰ সম্পাদক মৌলানা তৈয়বুৰ ৰহমান কাছিমী, সহ সম্পাদক মৌলানা বাহাৰ উদ্দিন বাহাৰ, অধ্যক্ষ মৌলানা ছামচুল হকসহ মাদ্ৰাছাৰ প্ৰচাৰ বিভাগৰ আহ৩ায়ক জমিৰ উদ্দিন তালুকদাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপক তীব্ৰ গৰিহণা জনায়৷