Logo
image

নিশা কাৰ্যালয়তে কটাই পুৱা চিপ লৈছিল ৰিতুমণিয়ে

আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৪ নৱেম্বৰঃ  গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ পৰ্টেলৰ কাৰ্যালয়তে নিশাটো কটাই পুৱতি নিশা যুৱতী সাংবাদিক ৰিতুমণি ৰয়ে চিপ লৈ আত্মহত্যা কৰিছিল৷ ৰিতুমণিয়ে বিয়াৰ ১০ দিন পূৰ্বে বন্ধুক কৈছিল কেতিয়াও বিয়া নাপাতিবি৷ এইবোৰ তথ্য লাভ কৰাৰ পাছতো দিছপুৰ আৰক্ষীয়ে প্ৰতিভাসম্পন্ন সাংবাদিক ৰিতুমণি ৰয়ৰ মৃত্যুৰ তিনিটা দিন অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে মৃত্যুৰ ৰহস্য উদ্‌ঘাটন কৰিবলৈ সক্ষম হোৱা নাইআনকি, পৰিয়াল আৰুসচ্ছ দ্য ৰিয়েলিটীনামৰ পৰ্টেলৰ কতৃৰ্পক্ষই সাংবাদিক ৰিতুমণি ৰয়ৰ ৰাহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এতিয়ালৈকে এজাহাৰ দাখিল নকৰাত সমস্ত ঘটনাপ্ৰৱাহ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছেমূলতঃ সাংবাদিক ৰিতুমণি ৰয়ৰ মৃত্যুৰ ঘটনা আজিও ৰহস্যৰ মাজত সোমাই পৰিছেচি চি টিভি কেমেৰাৰ তথ্য অনুসৰি দেওবাৰে নিশা ১০ বাজি ৪০ মিনিটত সাংবাদিক ৰিতুমনি ৰয়ে পৰ্টেলৰ অফিচত প্ৰৱেশ কৰিছিলঅফিচত প্ৰৱেশ কৰিয়েই ৰিতুমনি ৰয়ে কাৰ্যালয়টো এফালৰ পৰা ভালদৰে চাই গৈছিলৰিতুমনিয়ে অফিচত সোমায়েই বাথৰুমলৈ গৈছিলসাংবাদিক গৰাকীয়ে নিজৰ বেগটো টেবুলত থৈ ইয়াৰ ভিতৰৰ পৰা এডাল ৰছী উলিয়াইছিলতাৰ পাছত সাংবাদিকগৰাকীয়ে নিউজ ডেস্কলৈ গৈ তাতেই বহি ঋতুমণিয়ে এখন আত্মহত্যাৰ টোকা লিখিছিলআত্মহত্যাৰ টোকা লিখি যুৱতীগৰাকীয়ে প্ৰায় ৩০ মিনিট সময় নিউজ ডেস্কত বহি কান্দিছিলনিউজ ডেস্কৰ পৰা ওলাই আহি ৰিতুমণিয়ে ষ্টুডিঅ’লৈ গৈছিলবহু সময় ৰিতুমণিয়ে ষ্টুডিঅ’তে শুই মোবাইল ফোনত ৰিল্‌ছ চাই আছিলআনকি ৰিতুমণিয়ে ষ্টুডিঅত বহি বহু সময় কান্দিছিলপ্ৰথমে ষ্টুডিঅ’ৰ ভিতৰৰ লাইটত আত্মহত্যাৰ চেষ্টা কৰিছিল যদিও যুৱতী গৰাকীয়ে বিফল হৈছিলষ্টুডিঅ’ৰ ভিতৰৰ পৰা ওলাই আহি ৰিতুমণিয়ে আন এটা কোঠাটোলৈ গৈছিল আৰু তাতেই নিশা ১১ বাজি ৫৯ মিনিটত আত্মহত্যা কৰিছিলৰিতুমণিৰ মৃত্যুৰ পিছত বিভিন্ন প্ৰশ্ন অৱতৰণা হৈছেগুৱাহাটীত ঘৰ থকাৰ পাছতো কিয় ঘৰৰ পৰা আঁতৰি আছিল ঋতুমণি? ঋতুমণিৰ বায়েকে কৈ থকা ১লাখ টকাৰ ৰহস্য কি? কিয় ঋতুমণিয়ে আত্মহত্যাৰ বাবে কিয় বাছি ললে সংবাদ মাধ্যমৰ কাৰ্যালয়টো? এই সকলোবোৰ এতিয়াও ৰহস্য হৈ আছেইফালে, ৰিতুমণি ৰয়ৰ মৃত্যু ৰহস্যজনক বুলি আৰক্ষীৰে এটা সূত্ৰই সদৰী কৰিছেইয়াৰ সমৰ্থনত সূত্ৰটোৱে কয় যে ৰিতুমণিৰ জ্যেষ্ঠ ভগ্নীৰ ভাষ্য, তেওঁ চাকৰি কৰা প’ৰ্টেলৰ মালিক আৰু তেওঁৰ প্ৰেমিকৰ সৈতে থকা তেওঁৰ সম্পৰ্কই এই ঘটনাৰ আঁৰত ৰহস্য লুকাই থকাৰ সম্ভাৱনা নুই কৰা নাইলক্ষণীয়ভাৱে ৰিতুমণিৰ জ্যেষ্ঠ ভগ্নীয়ে এই ঘটনাৰ বাবে দোষাৰোপ কৰিছে পিতৃকতেওঁ পিতৃককেৱল টকা লাগে তোকজাতীয় শব্দ ব্যৱহাৰ কৰি গালি পৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছেআনহাতে, যুৱতীগৰাকীয়ে কাম কৰা নিউজ প’ৰ্টেলটোৰ স্বত্বাধিকাৰী শুভম আগৰৱালাৰ সৈতে যুৱতীগৰাকীৰ সম্পৰ্কক লৈও চৰ্চা হৈছেইপিনে, ঘটনাৰ আগনিশা যুৱতীগৰাকী তেওঁৰ প্ৰেমিকৰ সৈতে ক’ৰবালৈ ভাত খাবলৈ যোৱাৰ তথ্য আৰক্ষীয়ে সংগ্ৰহ কৰিছেলক্ষণীয়ভাৱে একেখন ঘৰলৈ ভাত খাবলৈ যোৱা প্ৰেমিক-প্ৰেমিকা উভতি অহাৰ সময়ত বেলেগে বেলেগে অহা বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছেকাজেই সকলো বিষয় সামৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছেউল্লেখ্য যে, সোমবাৰে মহানগৰীৰ পৰ্টেলৰ আত্মঘাতী হৈছিল ৰিতুমনি ৰয় নামৰ এগৰাকী যুৱতী সাংবাদিকগুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকাসচ্ছ দ্য ৰিয়েলিটিনামৰ নিউজ প’ৰ্টেলটোৰ কাৰ্যালয়ত সোমবাৰে পুৱা উদ্ধাৰ হৈছিল ৰিতুমণি ৰয় নামৰ সাংবাদিকগৰাকীৰ মৃতদেহকাৰ্যালয়ৰ ভিতৰৰ চিলিং ফেনত চিপ লৈ ওলমি থকা অৱস্থাত পোৱা গৈছিল ৰিতুমণিকএই ঘটনাই স্বাভাৱিকতেই সাংবাদিক মহলতো শোকৰ ছাঁ পেলাইছেবিয়াৰ ১০ দিন পূৰ্বে ৰিতুমণি ৰয়ে তেওঁ কৰ্মৰত নিউজ প’ৰ্টেলত আত্মঘাতী হোৱা ঘটনাই স্বাভাৱিকতেই সৃষ্টি কৰিছে ৰহস্যৰঅহাডিচেম্বৰত দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে বিয়াৰ দিন ঠিক হৈছিলপৰিয়ালৰ লোকে বিয়াৰ বাবে আলহী-অতিথিক নিমন্ত্ৰণ জনাইছিলৰিতুমণিয়ে নিজেও কইনাৰ সাজ পিন্ধিবলৈ প্ৰস্তুতি চলাইছিলদেওবাৰে নিশা সহকৰ্মী এগৰাকীৰ ঘৰত নিমন্ত্ৰণো ৰক্ষা কৰিছিল ৰিতুমণিয়েবিয়াৰ পূৰ্বে সহকৰ্মীয়ে ভাত খাবলৈ মাতিছিল যুৱতী সাংবাদিকগৰাকীকনিশা সতীৰ্থৰ ঘৰত ভাত খাই নিজৰ স্কুটিৰে খ্ৰীষ্টানবস্তিত থকা কাৰ্যালয়লৈ আহিছিল ৰিতুমণিতলত থকা ছিকিউৰিটি গাৰ্ডৰ পৰা কাৰ্যালয়ৰ চাবি সংগ্ৰহ কৰি প্ৰৱেশ কৰিছিল তেওঁ


নিশা ১১ বজালৈ প্ৰেমিক দীপজ্যোতি বৰাৰ সৈতেও স্বাভাৱিকভাবেই ম’বাইলত কথা পাতিছিল ৰিতুমণিয়ে৷ কিন্তু নিশা প্ৰায় ১২বজাৰ পিচত ৰিতুমণিৰ সৈতে তেওঁৰ প্ৰেমিক তথা আত্মীয়ই যোগাযোগ কৰিব পৰা নাছিল৷ সোমবাৰে পুৱা নিউজ প’ৰ্টেলটোৰ অন্যান্য সাংবাদিক, সংবাদকৰ্মীসকল কাৰ্যালয়ত উপস্থিত হৈ দুৱাৰ খুলিব নোৱৰাত হাহাকাৰ লাগে৷ সেই সময়তে কোনোবাই প্ৰত্যক্ষ কৰে কাৰ্যালয়ৰ তলত ৰখাই থোৱা ৰিতুমণিৰ স্কুটিখনদৰ্জা খুলিব নোৱাৰি নিউজ প’ৰ্টেলটোৰ মালিক শুভম আগৰৱালাৰ সৈতে যোগাযোগ কৰে সংবাদকৰ্মীসকলে৷ বিদেশত থকা শুভম আগৰৱালাই তেতিয়া চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি ৰিতুমণিক কাৰ্যালয়ৰ ভিতৰত শুই থকা যেন প্ৰত্যক্ষ কৰে৷ ইয়াৰ পিচতে দুৱাৰ ভাঙি কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰে সংবাদকৰ্মীসকল৷ একে সময়তে ৰিতুমণিৰ প্ৰেমিক দীপজ্যোতি বৰাও নিউজ প’ৰ্টেলটোৰ কাৰ্যালয়ত উপস্থিত হয়৷ প্ৰেমিক দীপজ্যোতিয়ে ৰিতুমণিৰ ডিঙিৰ ৰছী কাটি মৃতদেহটো নমায়৷ নগাঁৱৰ দীপজ্যোতি কৰ্মসূত্ৰে গুৱাহাটীৰ বেলতলাত বাস কৰে৷ সাংবাদিকগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিচতে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে৷ ৰিতুমণিৰ ঘৰ গুৱাহাটীৰ কাহিলীপাৰাত৷ দেউতাক শৈলেন ৰয় কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ কনিষ্টবল৷ বেটেলিয়নৰ কোৱাৰ্টাৰতে থাকে শৈলেন ৰয়ৰ পৰিয়াল৷ পিচে ৰিতুমণিয়ে পিতৃ-মাতৃৰ সৈতে ঘৰত থকাৰ পৰিবৰ্তে এগৰাকী বান্ধৱীৰ সৈতে ছাৰ্ভেৰ অজন্তা পথত ঘৰ ভাড়া কৰি আছিল৷ হয়তো কিবা পাৰিবাৰিক কাৰণতে পৰিয়ালৰ পৰা নিলগত আছিল ৰিতুমণি৷ সোমবাৰে ৰিতুমণিৰ মৃতদেহ উদ্ধাৰৰ পিচত নিউজ প’ৰ্টেলটোৰ কাৰ্যালয়ত উপস্থিত হোৱা তেওঁৰ পিতৃৰ আচৰণ আছিল মন কৰিবলগীয়াৰিতুমণিৰ বায়েকে কাৰ্যালয়টোত কান্দি কান্দি দেউতাকক উদ্দেশ্যি ১লাখ টকা দিব লাগে বুলি কোৱা প্ৰসংগ এটাৰ অৱতাৰণা কৰা দেখা যায়ইয়াৰ বিপৰীতে দেউতাকেও জ্যেষ্ঠ কন্যাক সেই স্থানতে গালি-গালাজ কৰে৷ কন্যাক হেৰুওৱাৰ শোক দেখা যোৱা নাছিল পিতৃৰ দুচকুতৰিতুমণিৰ ঘনিষ্ঠ মহলে জানিবলৈ দিয়া মতে বিয়াৰ দিন চূড়ান্ত হোৱাৰ পিচত তেওঁ নিজ পৰিয়াল তথা হ’বলগীয়া স্বামী গৃহৰ পৰাও বিশেষ সহযোগিতা লাভ কৰা নাছিল৷ বৰং দুয়োপক্ষৰ পৰাই ৰিতুমণিয়ে প্ৰচণ্ড মানসিক চাপ সহিবলগা হৈছিল৷ বিয়াৰ বাবে তেওঁ বন্ধু-বান্ধৱী, সতীৰ্থসকলক নিমন্ত্ৰণ জনাইছিল যদিও হয়তো নিজৰ ভিতৰতে এক মানসিক যুঁজ অব্যাহত ৰাখিছিল৷ যিখন যুঁজত পৰাজিত হৈ দেওবাৰে নিশা নিজৰ কৰ্মক্ষেত্ৰতে আত্মঘাতী হয় ৰিতুমণি৷ সোমবাৰে দিছপুৰ থানাৰ আৰক্ষীয়ে ৰিতুমণিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়েবিয়লি নৱগ্ৰহ শ্মশানত ৰিতুমণিৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ প্ৰতিভাৱান যুৱতীগৰাকীয়ে, আত্মঘাতী হোৱাৰ ৰহস্য উদ্‌ঘাটন কৰি ইয়াৰ বাবে জগৰীয়াসকলক উচিত শাস্তি বিহিবলৈ তেওঁৰ সতীৰ্থ সাংবাদিক, সংবাদকৰ্মীসকলে দাবী জনাইছে৷