২০৩০ চনলৈকে ৰুছ-ভাৰত বাণিজ্যৰ ৰোডমেপ সাজু
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ ডিচেম্বৰঃ আলট্ৰা মডাৰ্ন, উগ্ৰ প্ৰসাধনধন্যা, চৌখিন যুৱতীৰ সৈতে এজন নীতিনিষ্ঠ, সাত্বিক প্ৰেমিকৰ সম্পৰ্ক আৰু ডেটিঙৰ মাজতে পোৱা-নোপোৱাক লৈ হোৱা ব্ৰেক-আপ যেনেধৰণৰ হয়, আমেৰিকা আৰু ভাৰতৰ সম্পৰ্ক ঠিক তেনে৷ আনহাতে, ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক দুই পুৰণি প্ৰেমিক-প্ৰেমিকাৰ দৰে, প্ৰাচীন আৰু সনাতন৷ জৱাহৰলাল নেহৰুৰ দিনৰ পৰা সূচনা হৈ ইন্দিৰা গান্ধী-লিওনিড ব্ৰেজনেভৰ পৰা এতিয়া মোদী-পুটিনলৈ– ৰাছিয়াৰ সৈতে ভাৰতৰ মৈত্ৰীৰ সম্পৰ্কৰ বান্ধোন দৃঢ়৷ তাকেই প্ৰতিপন্ন কৰি শুকুৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন ২৩সংখ্যক ইণ্ডো-ৰাছিয়া শীৰ্ষ দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ নতুন দিল্লীৰ হায়দৰাবাদ ভ্ৰমণত অনুষ্ঠিত এই দ্বিপাক্ষিক শীৰ্ষ বৈঠকত পুটিনে ভাৰতক নিৰৱচ্ছিন্নভাৱে খাৰুৱা তেল যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ আমেৰিকাৰ প্ৰবল বাধা সত্ত্বেও পুটিনে আগবঢ়োৱা এই প্ৰতিশ্ৰুতিয়ে কেৱল ড’নাল্ড ট্ৰাম্পকে নহয়, ৰাছিয়াৰ বিৰুদ্ধে আগ্ৰাসী মনোভাৱেৰে নিষেধাজ্ঞা আৰোপ কৰি ৰখা পশ্চিমৰ সকলো নাটো সদস্য দেশেই সচকিত হৈ উঠিব৷ মোদী-পুটিনৰ উপস্থিতিত দুয়োখন দেশৰ মাজত পাৰস্পৰিক কৰ্মসংস্থান, স্বাস্থ্যক্ষেত্ৰৰ সহযোগিতা আৰু প্ৰতিৰক্ষা আৰু ৰসায়নিক সামগ্ৰীৰ বিনিময় চুক্তি সম্পাদিত হয়৷ অৱশ্যে ৰাজনৈতিক বিশ্লেষকৰ মতে এই দ্বিপাক্ষিক শীৰ্ষ বৈঠক যিমান বাণিজ্যিক আৰু পাৰস্পৰিক সহযোগিতাৰ, ততোধিক এই বৈঠক ৰাজনৈতিকহে৷ আমেৰিকাৰ নেতৃত্বত পশ্চিমৰ শক্তিশালী দেশৰ বাবে অচ্যুৎ হৈ থকা ৰাছিয়া সাম্প্ৰতিক বিশ্ব ৰাজনীতিত প্ৰায় অকলশৰীয়া৷
ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছত ৰাছিয়া যিদৰে পশ্চিমৰ দেশৰ চকুৰ কূঁটা, দাঁতৰ শূল, যুদ্ধখনত জয়লাভেৰে এতিয়াও সামৰণি মাৰিব নোৱাৰি ভ্লাডিমিৰ পুটিন বিশ্ব দৰবাৰত বেছ শলঠেকত৷ এনে পৰিস্থিতিত এছিয়াৰ অন্যতম শক্তিশালী ভাৰতৰ সৈতে দৃঢ় মৈত্ৰী স্থাপন আৰু ভাৰতৰ বজাৰ নিজ দেশৰ বাণিজ্যৰ বাবে মুকলি কৰি লোৱাটোৱে পুটিনক পৃথক শক্তিৰ যোগান ধৰিব৷ মূলতঃ আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰা শুল্কৰ শাস্তি, এতিয়াও বাণিজ্য চুক্তি সম্পাদিত নোহোৱাত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক উত্তেজনাৰ মাজেৰে ক্ৰমশঃ নিৰুত্তাপ হৈ পৰাৰ সময়ত মোদী-পুটিনৰ বৈঠকে বিশ্ব কূটনীতি উষ্ণ কৰি তুলিছে৷ এই বৈঠকত সমানে লাভান্বিত হৈছে ভাৰত-ৰাছিয়া উভয়েই৷ নৱেম্বৰৰ শীতত, বিশ্বৰ সৰ্বাধিক প্ৰদূষিত চহৰ নতুন দিল্লীক মোদী আৰু পুটিনৰ বৈঠকে উজ্জ্বল কৰি তুলিছে৷ অৱশ্যে তাৰ মাজতে দুয়োখন দেশে ২০৩০ চন পৰ্যন্ত দ্বিপাক্ষিক বাণিজ্যৰ ১০০ বিলিয়ন ডলাৰৰ চুক্তি সম্পাদন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ উদ্যোগপতি-বিনিয়োগকাৰীক মেক ইন ইণ্ডিয়া আঁচনিত যুক্ত হ’বলৈ আমন্ত্ৰণ জনায়৷ পুটিনৰ সৈতে মোদীয়ে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ বাণিজ্যক প্ৰাধান্য দিলেও প্ৰব্ৰজন, সামুদ্ৰিক সহযোগিতা, পৰিবহণ, স্বাস্থ্য আৰু খাদ্য সুৰক্ষা, ৰসায়নিক সাৰ, শৈক্ষিক বিনিময়, মিডিয়া সহযোগিতা ইত্যাদিৰ ক্ষেত্ৰত দুয়ো দেশৰ মাজত ১০০ বিলিয়ন ডলাৰৰ চুক্তি হয়৷






