Logo
image

৫ দিন অনুপস্থিত হ’লেই শিক্ষাৰ্থীৰ অভিভাৱকলৈ যাব এছএমএছ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৫ ডিচেম্বৰঃ  ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেবাটাও সংস্থাই কৰা জৰীপত অসমৰ বিদ্যালয়সমূহত আধাতে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা বুলি বুলি পূৰ্বৰে পৰা সদৰি কৰি আহিছিল৷ অবশেষত সেই দাবীৰ সত্যতা স্বীকাৰ কৰিছে ৰাজ্যৰ খোদ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ সোমবাৰে ডাঃ ৰণোজ পেগুৱে সদৰি কৰা অনুসৰি ৰাজ্যত স্কুল ড্ৰপ আউটৰ সংখ্যা বৃদ্ধি পাইছে৷ এইবাৰৰ পৰা বিদ্যালয়ত সন্তান অনুপস্থিত থাকিলে ম’বাইল ফোনত পৰিয়াললৈ শিক্ষা বিভাগৰ পৰা বাৰ্তা প্ৰেৰণ কৰা হ’ব৷ সন্তান বিদ্যালয়ত কেইদিন অনুপস্থিত আছিল তাকো জনাব উক্ত এছ এম এছ যোগে৷ একেলেথাৰিয়ে পাঁচদিন অনুপস্থিত থাকিলে যাব এই বাৰ্তা মেচেজ যোগে ম’বাইল ফোনলৈ প্ৰেৰণ কৰা হ’ব৷ বি টি চিত এই মেচেজ বড়ো  আৰু অসমীয়া এই দুটা ভাষাত প্ৰেৰণ কৰা হ’ব৷ প্ৰতিখন জিলাৰ ভাষিক দিশটোত গুৰুত্ব দিয়া হৈছে৷ তেনেদৰেই সেই ভাষাত প্ৰেৰণ কৰা হ’ব মেচেজ৷ বহুতে নিজৰ সন্তানক বিদ্যালয়ত ঠিকে নাম লগাই দিয়ে যদিও ইয়াৰে বহু শিক্ষাৰ্থীৰ ড্ৰপ আউট হয়৷ ড্ৰপ আউট ৰোধ কৰিবলৈ সমগ্ৰ শিক্ষাই লৈছে এই পদক্ষেপ৷ পাঁচটাকৈ ভাষাত প্ৰয়োজন অনুসৰি অভিভাৱক আৰু শিক্ষকলৈ যাব মেচেজ৷ মেচেজ প্ৰেৰণ কৰিবলগীয়া ভাষা কেইটা হ’ল ক্ৰমে– অসমীয়া, বড়ো, বঙালী, হিন্দী আৰু ইংৰাজী৷ জিলা অনুযায়ী বেলেগ বেলেগ ভাষাত প্ৰেৰণ কৰা হব মেচেজ৷ এই মেচেজ যোৱাৰ পাছতো যদি সেই শিক্ষাৰ্থী বা ছাত্ৰ-ছাত্ৰী বিদ্যালয়ত উপস্থিত নহয়, তেন্তে পুনৰ ১৫ দিনৰ পিছত মেচেজ প্ৰেৰণ কৰা হ’ব৷ মূলত ড্ৰপ আউটৰ সমস্যাটোৰ সমাধানৰ বাবে এই বিশেষ এছ এম এছ তথা মেচেজ সেৱা মুকলি কৰা হৈছে৷ ড্ৰপ আউটৰ হাৰ আমাৰ বেছি বাবে প্ৰথমেই অনুপস্থিতি ৰোধ কৰিব লাগিব৷ ইয়াৰ উপৰিও আৰু কেইবাটাও কাৰক আছে ড্ৰপ আউটৰ৷ শিক্ষাবৰ্ষ সলনি হ’ব নে নাই, সেয়া এতিয়াও পৰ্যালোচনা কৰি থকা হৈছে৷


চি বি এছ ই এ কি কৰিব তাৰ ওপৰতো বহুখিনী কথা নিৰ্ভৰ কৰিব৷ আমি একাংশৰ পৰা পৰামৰ্শ পাইছোঁ যে বৰ্তমানৰ শিক্ষাবৰ্ষ ঠিকে আছে৷ আন একাংশৰ পৰা পৰামৰ্শ লাভ কৰিছোঁ যে শিক্ষাবৰ্ষ সলনি হ’ব লাগে৷ সেয়ে বিষয়টো গুৰুত্বসহকাৰে লৈ বিবেচনা কৰি থকা হৈছে আৰু এই ক্ষেত্ৰত শিক্ষাবিদসকলৰ পৰামৰ্শ গ্ৰহণ কৰিহে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ অত্যধিক মাচুল সংগ্ৰহ কৰা ব্যক্তিগতখণ্ডৰ বিদ্যালয় সন্দৰ্ভতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এই সন্দৰ্ভত আমি এখন আইন আনিছোঁ৷ আমি ভাবো এই আইন সকলোৱে পঢ়িব লাগে৷ কিছুমান বিদ্যালয়ৰ শে¡ব বেলেগ বেলেগ থাকে৷ কাৰণ সকলো বিদ্যালয়ৰ সুবিধা একে নহয়৷ এ চি থকা বিদ্যালয় আৰু এ চি নথকা বিদ্যালয়ৰ মাচুলৰ পাৰ্থক্য থাকিব৷ লগতে কিছুমান বিদ্যালয়ৰ ছুইমিং, গীটাৰ বজোৱা আদি শিক্ষা দিয়া হয়৷ সেয়ে আন বিদ্যালয়তকৈ সেই বিদ্যালয়ৰ মাচুল স্বাভাৱিকতে বেলেগ হ’ব৷ উল্লেখ্য যে শিক্ষামন্ত্ৰীয়ে কৰা ঘোষণা যদি বাস্তৱত পৰিণত হয় তেন্তে সাধাৰণ ৰাইজেও বহুখিনী সকাহ লাভ কৰাটো নিশ্চিত৷