মৃত্যুৰ সময়ত ক’ভিডত আক্ৰান্ত আছিল জুবিন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘হত্যা’ৰ গোচৰত এছ আই টিয়ে দাখিল কৰা অভিযোগনামাত কি কি তথ্য সন্নিবিষ্ট কৰা হৈছে তাক লৈ ৰাজ্যবাসী তথা শিল্পীজনৰ লাখ লাখ অনুৰাগীৰ মাজত বৰ্তমানো উৎসুকতাৰ অন্ত নাই৷ ইতিমধ্যে এছ আই টিয়ে জুবিনৰ মৃত্যুৰ গোচৰটোত ধৃত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তসহ ৭জনকে অভিযুক্ত কৰি কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে৷ আই পি এছ মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বাধীন এছ আই টিয়ে দাখিল কৰা অভিযোগনামাৰ বিস্ফোৰক তথ্য আহি পৰিছে ‘আমাৰ অসম’ৰ হাতত৷ এছ আই টিয়ে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা মতে মৃত্যুৰ সময়ত হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ দেহত পোৱা গৈছিল ক’ভিড-১৯ পজিটিভ৷ ছিংগাপুৰ হেলথ ছায়েন্স ইনষ্টিটিউটে প্ৰদান কৰা চাৰ্টিফিকেটত ২০ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ তথ্য উল্লেখ কৰিছে৷ অৱশ্যে ছিংগাপুৰ হাস্পতালৰ নথিত কেতিয়াৰ পৰা জুবিন ক’ভিডত আক্ৰান্ত হৈ আছিল, সেই সন্দৰ্ভত কোনো তথ্য উল্লেখ কৰা নাই৷ উল্লেখ্য, বিগত ১২ ডিচেম্বৰত এছ আই টিয়ে দাখিল কৰিছিল জুবিনৰ মৃত্যুৰ গোচৰৰ ১২,০০০ পৃষ্ঠাৰ অভিযোগনামা৷ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছ আই টিয়ে প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা বুলি সদৰী কৰিছিল৷ কিন্তু ‘আমাৰ অসম’ৰ হাতত পৰা তথ্য অনুসৰি অভিযোগনামাৰ ফাইনেল ৰিপ’ৰ্ট সন্নিবিষ্ট কৰা হৈছে ৩০৫ পৃষ্ঠাৰ৷ ফাইনেল ৰিপ’ৰ্টৰ পাতে পাতে কি দৰে আৰু কি উদ্দেশ্যেৰে সিদ্ধাৰ্থ-শ্যামকানু বাহিনীয়ে অসমীয়াৰ আৱেগ জুবিন গাৰ্গক পৰিকল্পিতভাৱে ‘হত্যা’ তথা মৃত্যুৰ মুখলৈ ঠেলি দিছিল তাৰ¸ সবিশেষ উল্লেখ কৰিছে৷ অভিযোগনামাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ হত্যাৰ ধাৰা আৰোপ কৰা হৈছে৷ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বি এন এছৰ ৩ [৬]/৩[৭]/৩[8]/১০৩[১]/৩১৬[৫] ধাৰা আৰোপ কৰাৰ বিপৰীতে শ্যামকানু মহন্তৰ বিৰুদ্ধে বি এন এছৰ ৩[৬]/৩[৭]/৩[৮]/১০৩/[১]/৩১৮ ধাৰা আৰোপ কৰিছে৷ ইয়াৰে ১০৩[১] ধাৰা হৈছে হত্যা, ৩১৬[৫] ধাৰা বিশ্বাসঘাটকতা আৰু ৩১৮ ধাৰা হৈছে প্ৰৱঞ্চনাজনিত অপৰাধ৷ অভিযোগনামাত সিদ্ধাৰ্থ শৰ্মাই হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গক কি উদ্দেশ্যেৰে আৰু কেনেকৈ হত্যা কৰিছিল তাৰ সবিশেষ বৰ্ণনা কৰিছে৷ সেই অনুসৰি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক অত্যধিক সুৰাপান কৰিবলৈ দি নিচাসক্ত অৱস্থাত সাগৰত সাঁতুৰিবলৈ এৰি দিছিল৷ য’ত জুবিনৰ শৰীৰৰ ভাৰসাম্য নাছিল৷ তদুপৰি সিদ্ধাৰ্থ শৰ্মাই জুবিনক লাইফ জেকেট অবিহনেই সাঁতুৰিবলৈ দিছিল৷ জুবিন গাৰ্গৰ চিকিৎসক হিতেশ বৰুৱাই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জুবিন মৃগী ৰোগত আক্ৰান্ত থকাৰ কথা অৱগত কৰি জুই আৰু পানীৰ পৰা আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিয়াৰ পাছতো সিদ্ধাৰ্থ শৰ্মাই চিকিৎসকৰ পৰামৰ্শ অৱজ্ঞা কৰি সাগৰত শিল্পীজনক সাঁতুৰিবলৈ দিয়াৰ তথ্য প্ৰকাশ কৰিছে৷ ইয়াৰোপৰি মৃগী ৰোগত আক্ৰান্ত জুবিনক মেডিকেল ফিট্নেছ ৰিপ’ৰ্ট অবিহনেই বিদেশ ভ্ৰমণৰ ব্যৱস্থা কৰাৰো মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অভিযোগ কৰা হৈছে অভিযোগনামাখনত৷ লক্ষণীয়ভাৱে ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত জুবিন গাৰ্গে বমি কৰিছিল৷
সেই কথা ইতিমধ্যে সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগতো প্ৰকাশ কৰিছিল৷ কিন্তু বমি কৰাটো জুবিনৰ ‘চিজাৰ’ৰ লক্ষণ আছিল যদিও সেয়া গেষ্টিক বুলি কৈ মেনেজাৰ সিদ্ধাৰ্থই সাঁতুৰিবলৈ দিছিল শিল্পীজনক৷ জুবিন গাৰ্গক সিদ্ধাৰ্থই হত্যা কৰাৰ মূল উদ্দেশ্যটো জুবিনৰ টকা-পইচা আত্মসাৎ কৰা বুলিও অভিযোগনামাত উল্লেখ কৰিছে৷ জুবিনক চিৰদিনৰ বাবে শেষ কৰি সমষ্ট ধনৰাশি হস্তগত কৰাৰ পৰিকল্পনা আছিল সিদ্ধাৰ্থ শৰ্মাৰ৷ জুবিনৰ ধন হস্তগত কৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই নিজৰ খোৱা পানীৰ বটলিং ফেক্টৰী মহাবীৰ একুৱা, হোটেল হেৰিটেজ আৰু পৰিবহণ ব্যৱসায়ত বিনিয়োগ কৰিছিল৷ সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ মেনেজাৰ হিচাপে দায়িত্ব পালনত ব্যৰ্থ হোৱা বুলিও উল্লেখ কৰি জুবিন সাগৰত সাঁতুৰি ভাগৰি পৰাৰ পাছতো ‘যাব দে, যাব দে’ বুলি কৈ সাঁতুৰিবলৈ এৰি দিয়াৰ তথ্যও সন্নিবিষ্ট কৰিছে অভিযোগনামাত৷ অভিযোগনামাৰ ২৯২ নং পৃষ্ঠাৰ পৰা ৩০৫ নং পৃষ্ঠালৈ জুবিনৰ মৃত্যুক লৈ জ্জ অভিযুক্তৰ বিৰুদ্ধে এছ আই টিয়ে অভিযোগ সন্নিবিষ্ট কৰিছে৷ য’ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত শিল্পী জুবিন গাৰ্গৰ ‘হত্যা’ৰ ঘটনাত কিদৰে জড়িত তাৰ তথ্য দাঙি ধৰিছে৷ শ্যামকানু মহন্তৰ বিৰুদ্ধে অভিযোগনামাত উল্লেখ কৰা মতে বিপদৰ কথা জানিও শ্যামকানু মহন্তই শিল্পী জুবিন গাৰ্গক ঘটনাৰ আগ নিশা এবটল হুইস্কি পান কৰিবলৈ দিছিল৷ জুবিনৰ সৈতে যোৱা সহঃশিল্পী অমৃতপ্ৰভা মহন্তৰ বাবে হোটেলত কোনো সুকীয়া কোঠাৰ ব্যৱস্থা কৰা নাছিল শ্যমকানুৱে৷ বিপৰীতে জুবিনৰ সৈতে একেটা কোঠাতে থাকিবলৈ দি অমৃতপ্ৰভা মহন্তৰ জৰিয়তে শিল্পীজনক হুইস্কি পান কৰোৱাইছিল শ্যামকানু মহন্তই৷ ছিংগাপুৰৰ য়ট পাৰ্টীটোৰ আয়োজক ছিংগাপুৰ আছাম এছ’চিয়েশ্বনৰ বিষয়ববীয়াসকলকো জুবিনৰ অসুস্থতা তথা স্বাস্থ্যজনিত বিষয়টো অৱগত কৰা নাছিল শ্যামকানু মহন্তই৷ আনকি ছিংগাপুৰত য়ট পাৰ্টীটোত জুবিনৰ সুৰক্ষা-নিৰাপত্তাক লৈয়ো নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তই কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাছিল৷ য়ট পাৰ্টীটোত জুবিনৰ সংগী হিচাপে আছাম এছ’চিয়েশ্বন ছিংগাপুৰৰ সভাপতিজনক প্ৰেৰণ কৰিছিল যদিও জুবিনৰ স্বাস্থ্যজনিত বিষয়টোৰ পৰিপ্ৰেক্ষিতত এবাৰলৈয়ো পাৰ্টী আয়োজন কৰাত শ্যামকানু মহন্তই বাধা দিয়া নাছিল৷ আনকি জুবিন মৃগী ৰোগত আক্ৰান্ত হৈ থকাৰ কথাও জনোৱা নাছিল৷ সাগৰত অসুস্থ হৈ পৰাৰ পাছত জুবিনে ৭৫ মিনিট পৰ্যন্ত কোনো চিকিৎসা লাভ কৰা নাছিল৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ৰোগীৰ বাবে ‘গ’ল্ডেন আৱাৰ’ বুলি কোৱা সময়খিনিত অৰ্থাৎ ঘটনাৰ পাছৰ এই ৭৫ মিনিটত আয়োজক শ্যামকানু মহন্তই শিল্পীজনক প্ৰয়োজনীয় চিকিৎসাৰ বাবে এম্বুলেন্স এখনৰো ব্যৱস্থা কৰা নাছিল৷ কেৱল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই নহয়, আন ৫ অভিযুক্ত ক্ৰমে শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধেও অভিযোগনামাত সবিশেষ উল্লেখ কৰিছে এছ আই টিয়ে৷ ইফালে অভিযোগনামাৰ সৈতে এছ আই টিয়ে ছিংগাপুৰত কৰা তদন্তৰ তথ্য-প্ৰমাণো সংলগ্ন কৰিছে৷ সেই অনুসৰি জুবিন গাৰ্গ হত্যাৰ বলি হোৱা ঘটনাস্থলীৰ অৰ্থাৎ সাগৰৰ ভিডিঅ’ ৰেকৰ্ডিং দাখিল কৰিছে৷ ভিডিঅ’ ৰেকৰ্ডিঙৰ ভিত্তিত ঘটনাস্থলীৰ মেপিঙো দাখিল কৰিছে এছ আই টিয়ে৷ তদুপৰি এছ আই টিয়ে জুবিনৰ মৃত্যু হোৱা স্থানৰ সাগৰৰ আধা লিটাৰ অৰ্থাৎ ৫০০ মিলি লিটাৰ পানীও সংগ্ৰহ কৰি আদালতত জমা কৰিছে৷ ছিংগাপুৰৰ সাগৰৰ পৰা সংগ্ৰহ কৰা পানী আৰু জুবিনৰ পেটৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ সময়ত সংগৃহীত পানীৰ ফৰেনছিক প্ৰতিবেদনো দাখিল কৰিছে৷ অৱশ্যে, জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোত অভিযুক্তসকলক দোষী সাব্যস্ত কৰিব পৰাকৈ এছ আই টিয়ে তথ্য-প্ৰমাণ দাখিল কৰা বুলি দাবী কৰা হৈছে যদিও ছিংগাপুৰৰ পৰা সংগৃহীত তথ্য-প্ৰমাণৰ নমুনাসমূহ কিমান আইনসংগতভাৱে সংগ্ৰহ কৰিছে, সেয়া গোচৰটোৰ শুনানিৰ সময়তহে স্পষ্ট হ’ব৷






