ঢাকাৰ হোটেলত পৰেশ বৰুৱা, বাংলাদেশৰ সেনা বিষয়াৰে বাৰ্তালাপ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ ম্যানমাৰৰ টাগা কেম্পৰ পাছত অতি সংগোপনে এইবাৰ ঢাকা ভ্ৰমণ কৰিলে অসমৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই৷ বিগত কেইবাদিনো ধৰি বাংলাদেশত বাহৰ পাতি মৌলবাদী সংগঠন জামাত-ই-ইছলামিৰে সু-সম্পৰ্ক থকা বাংলাদেশৰ একাধিক শীৰ্ষ সেনা বিষয়াৰ সৈতে বৈঠক অব্যাহত ৰাখিছে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ অন্যতম জ্যেষ্ঠ শীৰ্ষ নেতাজনে৷ আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই বাংলাদেশ ভ্ৰমণৰ এই গোপন তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থাই৷ দীৰ্ঘ বিৰতিৰ অন্তত পৰেশ বৰুৱাৰ ঢাকা ভ্ৰমণৰ এই খবৰক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পৰেশ বৰুৱাক আলোচনাৰ বাবে ঢাকালৈ আমন্ত্ৰণ কৰি নিয়া অৰ্থ হৈছে উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহী সংগঠনক শক্তিশালী কৰি তোলাৰ লগতে ভাৰতৰ উত্তৰ-পূব অংশক অধিক অশান্ত কৰি তোলা৷ সুতৰাং-শিলিগুৰি কৰিডৰ সামৰি ‘ছেভেন ছিষ্টাৰ্ছ’ নামে উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্যক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া বাংলাদেশৰ একাংশ প্ৰাক্তন সেনা বিষয়া তথা ইছলামিক মৌলবাদী সংগঠনৰ সপোন বাস্তৱ কৰাৰ বাবেও পৰেশ বৰুৱাৰ ঢাকা ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷
প্ৰকাশিত বাতৰি অনুসৰি পৰেশ বৰুৱাই ম্যানমাৰ সীমান্তৰ চীনৰ ইউনান প্ৰদেশত আশ্ৰয় লৈ আছে৷ এতিয়াও আলফাৰ মুৰব্বীজনে ম্যানমাৰৰ চীন ৰাজ্যত উগ্ৰপন্থীক অস্ত্ৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই দাবী কৰা মতে, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পৰেশ বৰুৱাক চীনৰ পৰা টেকনাফ হৈ বাংলাদেশলৈ লৈ যোৱা হয়৷ তাৰ পৰা তেওঁক ছট্টগ্ৰামলৈ লৈ গৈ বাংলাদেশৰ চোৰাংচোৱা সঞ্চালকৰ কাৰ্যালয়ৰ সমীপৰ জি ই চি ছেক্সনত থকা ‘হাৰ্বাৰ ভিউ’ নামৰ বিলাসী হোটেলখনত ৰখা হয়৷ দেওবাৰে পৰেশ বৰুৱাক হোটেলখনৰ পৰা ঢাকালৈ লৈ যোৱা হয়৷ ঢকাৰ¸ বনানীৰ ৫নং পথত বাংলাদেশ চোৰাংচোৱা সংস্থাৰ নজৰবন্দী নিৰাপত্তা বেহুৰ মাজত ৰখা হয় অসমৰ বিদ্ৰোহী সংগঠনটোৰ মুৰব্বীজনক৷ উক্ত স্থানতে পৰেশ বৰুৱাৰ সৈতে বৈঠকত মিলিত হয় গোলাম আজমৰ পুত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল অৱসৰপ্ৰাপ্ত আব্দুল্লাহিল আমান আজমী আৰু মেজৰ জেনেৰেল ৰেজ্জাকুল হাইদৰ চৌধুৰীয়ে৷ উল্লেখ্য, ৰেজ্জাকুল হাইদৰ চৌধুৰী হৈছে চীনৰ পৰা বাংলাদেশলৈ আলফাই অস্ত্ৰ সৰবৰাহ কৰা কাণ্ডৰ অন্যতম মূল সহযোগকাৰী৷ ১০ খন ট্ৰাকত আলফাই অস্ত্ৰ সৰবৰাহ কৰাৰ গোচৰটোত ৰেজ্জাকুল হাইদৰক ইতিপূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা চৰকাৰে কাৰাদণ্ড বিহিছিল৷ অৱশ্যে, মহম্মদ ইউনুছ চৰকাৰে দায়িত্ব লোৱাৰ পাছতেই শেহতীয়াকৈ ৰেজ্জাকুল হাইদৰক দোষমুক্ত ঘোষণা কৰা হৈছিল৷ স্বাভাৱিকতেই প্ৰাক্তন শীৰ্ষ সেনা বিষয়া ৰেজ্জাকুল হাইদৰৰ সৈতে পৰেশ বৰুৱাৰ এই বৈঠকক লৈ এতিয়া চিন্তিত হৈ পৰিছে নতুন দিল্লী৷ বাংলাদেশৰ অস্ত্ৰ সৰবৰাহ গোচৰত দোষী সাব্যস্ত হোৱা পলাতক অপৰাধী পৰেশ বৰুৱাক নিৰাপত্তাৰ মাজেৰে ঢাকা ভ্ৰমণৰ অনুমতি দিয়া কাৰ্যক মহম্মদ ইউনুছ চৰকাৰৰ ভাৰত বিৰোধী প্ৰৰোচনাৰ অংশ বুলিও ভাৰতীয় চোৰাংচোৱা সংস্থাই অভিযোগ কৰিছে৷






