‘ছাৰ’ৰ প্ৰভাৱত বংগত বাদ পৰিল ৫৮ লাখ ভোটাৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ অৱশেষত সকলো জল্পনা-কল্পনা অৱসান ঘটনা দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে পশ্চিমবংগৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনী চমুকৈ ‘ছাৰ’ৰ খচৰা তালিকা৷ বিহাৰৰ দৰেই চুবুৰীয়া পশ্চিমবংগতো ‘ছাৰ’ৰ খচৰা তালিকাত নাম বাদ পৰিল ৫৮ লাখ ভোটাৰৰ৷ নিৰ্বাচন আয়োগে মঙলবাৰে প্ৰকাশ কৰা ‘ছাৰ’ৰ খচৰা তালিকা অনুসৰি নাম বাদ পৰা বংগৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫৮ লাখ ২০ হাজাৰ ৮৯৮ জন৷ বিগত ২৭ অক্টোবৰত নিৰ্বাচন আয়োগে ‘ছাৰ’ৰ দিন ঘোষণা কৰাৰ সময়ত বংগৰ ভোটাৰ তালিকাত নাম থকা ভোটাৰৰ সংখ্যা আছিল সৰ্বমুঠ ৭ কোটি ৬৬ লাখ ৩৭ হাজাৰ ৫২৯ জন৷ সেই অনুসৰি মঙলবাৰে প্ৰকাশ কৰা খচৰা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ৭ কোটি ৮ লাখ ১৬ হাজাৰ ৬৩১ জন ভোটাৰৰ৷ অৰ্থাৎ বিভিন্ন কাৰণত প্ৰায় ৫৮ লাখৰো অধিক ভোটাৰত নাম ‘ছাৰ’ৰ খচৰা তালিকাৰ পৰা বাদ পৰিছে৷ অৱশ্যে ৭.০৮ কোটি ভোটাৰে এনুমাৰেচন প-পত্ৰ পূৰণ কৰিলেও ইয়াৰে প্ৰায় ৰ কোটি ৯৮ লাখ ৮ হাজাৰ ১৮৪ জন ভোটাৰৰ নাগৰিকত্বক লৈ সন্দেহ প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে৷
ইয়াৰ ভিতৰত ৩০ লাখ ভোটাৰক ন’ মেপিং শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে আয়োগে৷ অৰ্থাৎ আয়োগে ২০০২ চনৰ ভোটাৰ তালিকাক ভিত্তি কৰি ‘ছাৰ’ প্ৰক্ৰিয়া অব্যাহত যদিও উক্ত ৩০ লাখ ভোটাৰৰ সৈতে ২০০২ চনৰ ভোটাৰ তালিকাৰে কোনো যোগসূত্ৰ বিচাৰি পোৱা নাই৷ নতুন এই সকল ভোটাৰ নিৰ্বাচন আয়োগৰ শুনানিৰ সন্মুখীন হোৱাৰ লগতে নিজৰ নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব৷ ইয়াৰোপৰি ন’ মেপিং শ্ৰেণীত আয়োগে বিভিন্ন বিসংগতিৰ বাবে আন ৰ কোটি ৬৭ লাখ ভোটাৰকো তালিকাভুক্ত কৰিছে৷ এইসকলৰ ভোটাৰৰ কোনোবা জনৰ পিতৃ-মাতৃৰ সৈতে বয়সৰ ব্যৱধান ১৫ বছৰতকৈ কম৷ কাৰোবাৰ আকৌ ককাক-আইতাকৰ বয়সৰ ব্যৱধান মাত্ৰ ৪০ বছৰ৷ কোনো ভোটাৰৰ পিতৃ-মাতৃৰ সৈতে বয়সৰ ব্যৱধান ৫০ বছৰতকৈ অধিক৷ এইসকল ভোটাৰক সন্দেহজনক ভোটাৰ হিচাপে চিহ্নিত কৰিছে নিৰ্বাচন আয়োগে৷ অৱশ্যে চূড়ান্ত তালিকাতহে বংগৰ ‘ছাৰ’ত কিমান ভোটাৰৰ নাম বাদ পলি সেয়া স্পষ্ট হ’ব৷






