১০৩ আসনত প্ৰাৰ্থী দিব বিজেপিয়ে
‘আমাৰ অসম’ৰ হোজাইৰ প্ৰতিবেদক, ১৬ ডিচেম্বৰঃ নাৰী উদ্যোগীৰ সপোনক বাস্তৱ ৰূপ দিয়াটো হৈছে আমাৰ মূল লক্ষ্য৷ অহা বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যৰ ১০৩টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷ মহিলা প্ৰাৰ্থীৰ লগতে যুৱ প্ৰাৰ্থীক বিজেপিয়ে অগ্ৰাধিকাৰ দিব৷ আমাৰ প্ৰাৰ্থী প্ৰায় সাজু৷ ’২৬১ নিৰ্বাচনৰ বাবে আমাৰ কোনো অসুবিধা নাই৷ –এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি লামডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২৭,৩১০গৰাকী আত্মসহায়ক গোটৰ সদস্যালৈ ১০ হাজাৰ টকাকৈ চেক প্ৰদানৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কয়৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়– এই সমষ্টিৰ বহু মহিলাই আজি ‘লাখপতি বাইদেউ’ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ নাৰী শক্তিক আগবঢ়াই নি এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ আমাৰ চৰকাৰৰ এই যাত্ৰা অব্যাহত থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ৷ সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত আয়োজিত সভাৰ পৰা লামডিং বিধানসভা সমষ্টিত এখন প্ৰশাসনিক ভৱন, ক্ৰীড়া ক্ষেত্ৰ, জুৰা পুখুৰী চিভিল হাস্পতালৰ ৰক্ত কেন্দ্ৰ, ভেলৌগুৰীৰ স্বাস্থ্য কেন্দ্ৰ, সংহত গোটা আৰু জুলীয়া আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ, আৰ চি চি দলং আৰু পথ নিৰ্মাণসহ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ভাৰ্চুৱেলী উদ্বোধন তথা শিলান্যাস কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই প্ৰকল্পসমূহে বৃহত্তৰ অঞ্চলটিক ভিন্ন ধৰণে উপকৃত কৰিব বুলি নিজৰ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷ সভাত মুখ্যমন্ত্ৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ উপস্থিত থকা মহিলা সকলক আহ৩ান জনাই কয় আপোনালোক সকলোৱে বিজেপিক ভোট দিব৷ এই সভাত মুখ্যমন্ত্ৰীয়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰা কামৰ প্ৰশংসা কৰে৷
লগতে মুখ্যমন্ত্ৰীয়ে সভাত মহিলাক উদ্দেশ্য কৰি কয়– মন ঢিলা কৰি দিলে লাখপতি হ’ব নোৱাৰিব, মনটো টাইট কৰি ৰাখক লাখপতি হ’বই লাগিব৷ সভাত হাজাৰ হাজাৰ মহিলাক লাখপতি হ’বলৈ সাহস দিলে মুখ্যমন্ত্ৰীয়ে৷ লগতে ভাষণ প্ৰশংগত মুখ্যমন্ত্ৰীয়ে কয়– হিন্দু হওক বা মুছলমানেই হওক দুবাৰ বিয়া পাতিলে জে’ললৈ যাব লাগিব আৰু জ্জ বছৰ জে’লত থাকিব লাগিব৷ তেওঁ লগতে কয়-২০২২ চনত আমি এখন আইন আনিছিলোঁ, এতিয়া অসমত বাল্য বিবাহ নোহোৱা হৈছে৷ বৰ্তমান অসমৰ প্ৰায় ৫০টা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচঁনিৰ উদ্যোগত প্ৰায় ৩২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হৈছে৷ ইতিমধ্যে প্ৰায় ১২ শ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ বৰ্তমান চৰকাৰে অসমৰ মহিলাসকলৰ উন্নয়নৰ হকে যিমান কাম কৰিছে, বিগত সময়ত কোনো চৰকাৰে এনে কাম কৰা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে৷ আজি বিজেপি চৰকাৰে অসমৰ ছোৱালী সকলকো নিযুত মইনা আচঁনিৰ সহায়ত বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিছে৷ অহা ৰ জানুৱাৰীৰ পৰা অসমৰ ৰাইজে প্ৰতিগৰাকী ৰেচন কাৰ্ড হিতাধিকাৰীয়ে মাত্ৰ ১০০ টকাত এক কেজি দাইল, এক কেজি চেনি আৰু এক কেজি নিমখ লাভ কৰিব৷ এই বিশাল সভাত প্ৰায় ত্ৰিশ সহস্ৰাধিক লোকৰ সমাগম ঘটে৷ উল্লেখ্য, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ ভিতৰত মুখ্যমন্ত্ৰীৰ এই মহিলা উদ্যমিতা আচঁনিৰ প্ৰথম পৰ্যায়ৰ কাম সম্পন্ন হ’ব৷ উক্ত আচনিৰ লক্ষ্য হৈছে মহিলা সকলক শক্তিশালী কৰা৷ আজিৰ সভাত হোজাই জিলা আয়ুক্ত বিদু্যৎ বিকাশ ভাগৱতী, হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুণ্টি বৰা, বিজেপি জিলা সভাপতি দিলীপ ধৰ, অগপ জিলা সভাপতি আলহাজ মহাম্মদ আলী, প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱসহ অন্যান্য সকল উপস্থিত থাকে৷






