Logo
image

বিমান সংস্থাৰ মনোপলী

আপুনি ঘৰলৈ যাবলৈ কেইবামাহ আগতে বিমানৰ টিকট বুক  কৰিলে, আপোনাৰ ভ্ৰমণসূচী স্পষ্ট, হাতত টিকট৷ তথাপি আপুনি টাৰ্মিনেলত ভৰি দিয়াৰ লগে লগে আপোনাক কোৱা হ’ল ফ্লাইট কেঞ্চেল হ’ল৷ এইটো ইণ্ডিগো বিমানৰ কাহিনী৷ অলপতে তেওঁলোকৰ বিমানবোৰ এনেকৈ কেঞ্চেল কৰা হৈছিল৷ ইণ্ডিগোৰ কাহিনীলৈ অহাৰ আগতে এয়াৰ ইণ্ডিয়াৰ কিছু কথা ক’ব লাগিব৷ হয়তো ইণ্ডিগোৰ মনোপলী বা একাধিপত্যত বাকীবোৰ এয়াৰলাইন্সৰ ভুল আছে৷ যিসকলে এয়াৰ ইণ্ডিয়াত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰিছে, যদি ভাগ্য ভাল নাথাকে তেন্তে তেওঁলোকে হয়তো পাব পাৰে, বিমানৰ কৰ্মচাৰীৰ পৰা কঠোৰ ব্যৱহাৰ৷ ইন ফ্লাইট মনোৰঞ্জন ছিষ্টেম কাম নকৰাকৈ ১৫ঘণ্টা এয়াৰ ইণ্ডিয়াত অহা মানুহে দ্বিতীয়বাৰ এই এয়াৰলাইন্সৰ সেৱা ল’বনে নে বেলেগ দেশৰ এটিহাদ, কাটাৰ ইত্যাদিৰ জৰিয়তে ট্ৰেভেল কৰিব? 

ভাৰতৰ আকাশত বছৰ বছৰ ধৰি এটা এয়াৰলাইন্সে আধিপত্য বিস্তাৰ কৰি আহিছে৷ সেয়া হৈছে ইণ্ডিগো,  যাৰ ঘৰুৱা বজাৰৰ অংশীদাৰিত্ব প্ৰায় ৬০-৬৫৷ সেই আধিপত্যৰ কাৰণ হয়তো বহুত থাকিব৷ ইণ্ডিগোই সৰল বিমানৰ মডেল, সু-শৃংখলিত কাৰ্যকলাপ, আৰু আওকাণ কৰিব নোৱাৰাকৈয়ে কম যেন লগা দামেৰে তেওঁলোকে যাত্ৰীসকলক নিজৰ প্ৰতি আকৃষ্ট কৰিছিল৷ কিন্তু এইধৰণৰ মনোপলীৰ সদায় এটা নেতিবাচক দিশ থাকে৷ 

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে পাইলটৰ ক্লান্তি ৰোধ কৰিবলৈ [Flight Duty Time Limitations] নামৰ সুৰক্ষা নিয়মসমূহ আপডেট কৰিলে– সাপ্তাহিকভাৱে দীঘলীয়া জিৰণি, ৰাতিৰ উৰণৰ কঠোৰ সীমা ইত্যাদি৷ বেছিভাগ বিমান সংস্থাই এই নিয়ম মানিলে, ইণ্ডিগোৰ বাদে৷ 

ক্ৰুৰ [বিমানৰ কৰ্মীসকল] সময়সূচী সালসলনি কৰি পৰ্যাপ্ত পাইলট নিয়োগ কৰাৰ পৰিৱৰ্তে তেওঁলোকে বিমানৰ পৰিকল্পনা আগবঢ়াই নিলে৷ প্ৰস্থান বৃদ্ধি কৰিলে কিন্তু যোগ্য ক্ৰু মেম্বাৰ নতুনকৈ নিযুক্তি নিদিলে৷ যেতিয়া নতুন নিয়ম আহিল, ইণ্ডিগোই বিমানত কৰ্মচাৰী নিযুক্তি দিব নোৱাৰিলে৷ ফলত হাজাৰ হাজাৰ বিমান বাতিল বা পলম হ’ল৷ কেৱল এদিনতে ১৬০০খন বিমান বাতিল কৰা হ’ল, বাতিলৰ সংখ্যা হাজাৰ হাজাৰ হ’ল আৰু লাখ লাখ মানুহ আবদ্ধ হৈ পৰিল৷  ডিজিচিএই যেন অৱশেষত সেও মানিলে আৰু নিয়মসমূহ প্ৰয়োগৰ সময়সীমা পিছুৱাই দিলে৷ কাৰণ যদি ইণ্ডিগোৰ সূচী সম্পূৰ্ণৰূপে বন্ধ কৰা হয়, তেন্তে দেশৰ সমগ্ৰ বিমান ভ্ৰমণ নেটৱৰ্কটো ভাঙি পৰিব পাৰে৷ কল্পনা কৰক যে আপুনি লাগেজ লৈ বিমানবন্দৰত আবদ্ধ হৈ আছে, বিমান নাই, আৰু পুনৰ বুকিং কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আৰু কোনো বিকল্প নায়েই৷ এটা সময়ত এয়াৰ এছিয়া আছিল, কিংফিছাৰ আছিল, স্পাইছজেট আছিল৷ সুস্থ প্ৰতিযোগিতা অবিহনে, মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰখন সমতল কৰাৰ কোনো প্ৰতিযোগিতা নাথাকেই, বিমান বাতিলৰ সময়ত কোনো বিকল্প নাথাকে, ইণ্ডিগোৰ ওপৰতো কোনো প্ৰকৃত হেঁচা নাছিল৷ এই বিমান সংস্থাসমূহক সাধাৰণ নাগৰিকে যথেষ্ট অতিৰিক্ত টকা দিয়ে এটা টিকটৰ নামত যেনেঃ অত্যাৱশ্যকীয় বস্তুবোৰ এড-অন হিচাপে৷ খাদ্য বিচাৰেনে? অতিৰিক্ত পইচা দিয়ক৷ এটা ভাল ছিট বিচাৰেনে? অতিৰিক্ত পইচা দিয়ক৷ ৰিফাণ্ড বা পৰিৱৰ্তন বিচাৰেনে? অতিৰিক্ত পইচা দিয়ক৷ আজিৰ দিনত দিল্লীৰ পৰা গুৱহাটীলৈ ভাড়াই চাগে ১২ হাজাৰৰো বেছি৷ আচলতে হয়তো এইটো কেৱল ইণ্ডিগোৰ সমস্যা নহয়৷ সংকটটো কেৱল এটা বিমান সংস্থাৰ নহয়৷ ই এটা গাঁথনিগত সমস্যা৷ বছৰ বছৰ ধৰি আৰ্থিক সংগ্ৰামৰ অন্তত অন্যান্য কেৰিয়াৰসমূহ পতনৰ ফলত ইণ্ডিগোৰ অংশীদাৰিত্ব নিয়ন্ত্ৰণহীন হৈ পৰিল৷ যেতিয়া এটা বিমান সংস্থাই মনোপলী আৰম্ভ কৰে তেতিয়া গোটেই ব্যৱস্থাটো ভংগুৰ হৈ পৰে৷ যেতিয়া বিকল্প দুৰ্বল হয়, তেতিয়া বিমান সংস্থাসমূহে অধিক দাম ল’বলৈ সুবিধা পায়৷ প্ৰতিযোগিতা দুৰ্বল আৰু বলবৎকৰণ শিথিল হ’লে বিমান সংস্থাসমূহে ভ্ৰমণকাৰীক অগ্ৰাধিকাৰ নিদিয়ে৷ যেতিয়ালৈকে ব্যৱস্থাটোৱে প্ৰকৃততে ক্ষেত্ৰখন সমতল নকৰে৷ যেতিয়ালৈকে সেৱা, মূল্য আৰু নিৰ্ভৰযোগ্যতাৰ ক্ষেত্ৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰা অধিক বিমান সংস্থাৰ বাবে দুৱাৰ মুকলি কৰি নিদিয়ে এই ধৰণৰ সংকট আকৌ অহাৰ সম্ভাৱনীয়তা সদায়েই থাকিব৷