৯১ পাৰ হ’ল টকা, গুৱাহাটীত সোণৰ দাম দহ গ্ৰামত ১.৫ লাখ
নতুন দিল্লী, ২২ জানুৱাৰীঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক সন্ত্ৰাসে অস্থিৰ কৰি তুলিছে টকা আৰু সোণৰ মূল্যক৷ প্ৰায় দৈনিক উঠা-নমা হৈছে মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য৷ বৃহস্পতিবাৰে এক মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্যই ৯১ টকা অতিক্ৰম কৰিছে৷ সমান্তৰালভাৱে বঢ়া-টুটা হৈ আছে সোণ-ৰূপৰ মূল্যও৷ অৱশ্যে, বিগত কেইবাদিন ধৰি সোণৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ পাছত বৃহস্পতিবাৰে অলপ হ’লেও এইক্ষেত্ৰত স্বস্তি লাভ কৰিছে মধ্যবিত্তসকলে৷ বিগত দিনসমূহত অভিলেখ হাৰত দাম বৃদ্ধিৰ পাছত বৃহস্পতিবাৰে একেদিনাই সোণৰ দাম ২৩ হাজাৰ টকা হ্ৰাস পায়৷ ইপিনে সোণৰ লগতে ৰূপৰ দামো একেকোবে বহুখিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ সেই অনুসৰি বৃহস্পতিবাৰৰ দিনটোত ২৪ কেৰেটৰ ৰ গ্ৰাম সোণৰ দামত ২২৯ টকা হ্ৰাস পাই হয় ১৫ হাজাৰ ৪৩১ টকা৷ ১০ গ্ৰামত ২,২৯০ টকা কমি হয় ৰ লাখ ৫৫ হাজাৰ ৩১০ টকা৷ আনহাতে ২৪ কেৰেটৰ ১০০ গ্ৰাম সোণৰ দামত ২২ হাজাৰ ৯০০ টকা হ্ৰাস পাই হয় ১৫ লাখ ৪৩ হাজাৰ ১০০ টকা৷ সেইদৰে ২২ কেৰেটৰ ৰ গ্ৰাম সোণৰ দাম বৃহস্পতিবাৰে হয় ১৪ হাজাৰ ১৪৫ টকা৷ ১০ গ্ৰামত ১ লাখ ৪১ হাজাৰ ৪৫০ টকা আৰু ১০০ গ্ৰামত একেদিনাই ২১ হাজাৰ টকা হ্ৰাস পাই ১৪ লাখ ১৪ হাজাৰ ৫০০ টকা হয়৷ আনহাতে ১৮ কেৰেটৰ সোণৰ দামো হ্ৰাস পাই ৰ গ্ৰামত ১১ হাজাৰ ৫৭৩ টকা হোৱাৰ বিপৰীতে ১০ গ্ৰামত ৰ লাখ ১৫ হাজাৰ ৭৩০ টকা আৰু ১৮ কেৰেটৰ ১০০ গ্ৰাম সোণৰ দাম একেকোবে ১৭ হাজাৰ ২০০ টকা হ্ৰাস পাই ১১ লাখ ৫৭ হাজাৰ ৩০০ টকা হয়৷ তদুপৰি ৰূপৰ দামো একে কোবে ৫ হাজাৰ টকা হ্ৰাস পাই এক কিলোগ্ৰামত ৩ লাখ ২৫ হাজাৰ টকা হোৱাৰ বিপৰীতে বৃহস্পতিবাৰৰ দিনটোত ১০০ গ্ৰাম ৰূপৰ দাম হয় ৩২ হাজাৰ ৫০০ টকা৷ আনহাতে গুৱাহাটীত বৃহস্পতিবাৰৰ দিনটোত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১ লাখ ৫৬ হাজাৰ টকা হোৱাৰ বিপৰীতে ২২ কেৰেটৰ ১০ গ্ৰামত ৰ লাখ ৪৬ হাজাৰ আৰু ১৮ কেৰেটৰ ১০ গ্ৰামত ১ লাখ ২২ হাজাৰ টকা হয়৷
সেইদৰে সোণ আৰু ৰূপৰ দামৰ লগতে বৃহস্পতিবাৰৰ দিনটোত ভাৰতীয় টকাৰ মূল্যও অভাৱনীয়ভাৱে পতন হয়৷ সেই অনুসৰি এই দিনটোত এক মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হয় ৯১.৬৮ টকা৷ ভাৰতীয় মুদ্ৰাৰ মূল্যৰ এনে পতনক লৈ স্বাভাৱিকতে এতিয়া দেশৰ অৰ্থনীতিবিদসকলৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে এক মাৰ্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল ৯১.৩৮ টকা৷ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়া আৰোপ কৰা অতিৰিক্ত শুল্কৰ বাবেই টকাৰ মূল্যৰ এনে পতন হোৱাত স্বাভাৱিকতে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে দেশৰ শ্বেয়াৰ বজাৰসমূহত৷






