Logo
image

অমিত শ্বাহে চূড়ান্ত কৰিব বিজেপি-অগপৰ আসন আৱণ্টন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জানুৱাৰীঃ  আমবাৰী বা বাজপেয়ী ভৱন নহয়, বিজেপি আৰু ইয়াৰ মিত্ৰদল অগপৰ  মাজত আসন আবণ্টন চূড়ান্ত হ’ব নতুন দিল্লীতহে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে চূড়ান্ত কৰিব অগপ-বিজেপিৰ আসন আবণ্টনৰ প্ৰক্ৰিয়া৷ মিত্ৰদল বিজেপিয়ে অগপক কেইখন আসন এৰি দিব বা অগপই কোন কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেই কথা চূড়ান্ত হ’ব অমিত শ্বাহৰে হ’বলগীয়া বৈঠকত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এই কথা সদৰি কৰি কয়–আমাৰ মাজত মোটামুটি বুজাবুজি হৈ গৈছে৷ দিলীপ শইকীয়া আৰু জয়ন্ত মল্ল বৰুৱাই অগপৰ লগত কথা পাতি আছে৷ প্ৰায় সম্পূৰ্ণ হৈ গৈছে৷


যিদিনাখনে অমিত শ্বাহে আপোনালোক আহক বুলি ক’ব সিদিনাখনে লগে লগে আসন বুজাবুজি শেষ হৈ যাব৷ প্ৰাথমিক বুজাবুজি ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ ১০৬ টা সমষ্টিত বিজেপি জিকিব পাৰে৷ কিন্তু মানুহেতো জিকাব লাগিব৷ যদি মানুহে জিকাম বুলি ভাবে ১০৬ লৈকে জিকাব পাৰে৷ তাৰ ওপৰত নোৱাৰে৷ অগপ, আমি, কাৰ্বি, বড়ো, ডিমাছা সকলো মিলিই ১০৬ টা লৈকে আমি জিকিব পাৰো৷ আগত যিদৰে আছিল তেনেদৰে থাকিব আসন৷ সমষ্টি অলপ সাল-সলনি হ’ব৷ কোনোবা সমষ্টিত আমি উঠিম আমাৰ সমষ্টিত তেওঁলোক উঠিব৷ অদল বদল হ’ব৷ সংখ্যা প্ৰায় একে থাকিব৷ এখন দুখন বাঢ়িবও পাৰে৷ এইটোত কোনো কাজিয়াৰ কথা নাই৷ ঘৰুৱাভাৱে সকলো হৈ যাব৷