মিত্ৰতা! কংগ্ৰেছক দিয়া সময়সীমা শেষ, আজি সিদ্ধান্ত ৰাইজৰ দলৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জানুৱাৰীঃ কি হ’ব কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা! বিজেপিক ভেটিবলৈ ‘তিনি গগৈ’ৰ ফৰ্মূলা কামত আহিব নে! নে পৃথকে পৃথকে নিৰ্বাচনী যুঁজত অবতীৰ্ণ হ’ব তিনি গগৈ অৰ্থাৎ গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ! ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে কংগ্ৰেছক বান্ধি দিয়া ‘ডেড লাইন’ পাৰ হ’বলৈ কেইটামান ক্ষণ বাকী থকাৰ মাজতে এইবোৰ প্ৰশ্নক লৈ চৰ্চা হৈছে৷ ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে আসনৰ ভাগ বাটোৱাৰা কৰাৰ বাবে ৩১ জানুৱাৰী ‘ডেডলাইন’ ধৰি দিছিল কংগ্ৰেছক৷ কিন্তু কংগ্ৰেছে এই পৰ্যন্ত অখিল গগৈৰ ‘ডেড লাইন’ক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াই কয়–মিত্ৰতাৰ ক্ষেত্ৰত অসমবাসীৰ কথা ভাবি বিৰোধী দলসমূহে অলপ এৰা ধৰা কৰিবই লাগিব৷ আসন বিতৰণ সঠিকভাৱে আগবাঢ়িবলৈ সকলোৱে ধৈৰ্য ধৰিব লাগিব৷ পূৰ্বে মিত্ৰতাক লৈ সামান্য খেলিমেলিৰ বাবে আমি ২০-২৫খন হেৰুৱালগীয়া হৈছিল৷
এইবাৰ যাতে এনে নহয় তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হৈছে৷ ইফালে ৰাইজৰ দলে কাইলৈ দেওবাৰে আহ্বান জনাইছে এখন জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ৷ হয়তো এই সভাতে কংগ্ৰেছৰে মিত্ৰজোঁটত থাকিব নে নাই ৰাইজৰ দল সেই সন্দৰ্ভত সিদ্ধান্ত হ’ব৷ এই সভাতে ৰাইজৰ দলে প্ৰাৰ্থী তালিকাও চূড়ান্ত কৰিব পাৰে বুলি চৰ্চা হৈছে৷ উল্লেখ্য, বিজেপিক ৰোধ কৰিবলৈ ৰাজ্যৰ ১২ টা ৰাষ্ট্ৰীয় আঞ্চলিক দল ঐক্যবদ্ধ হৈছে যদিও ৰাইজৰ দলৰ ভূমিকা আৰম্ভণিৰ পৰাই সন্দেহজনক হৈ আছে৷






