Logo
image

আলফা চুক্তি ৰূপায়ণৰ বাবে ৫০০ কোটি টকাৰ প্ৰস্তাৱ নিৰ্মলাৰ

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১ ফেব্ৰুৱাৰীঃ  ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সৰ্বাংগীনভাৱে উত্তৰ-পূব ভাৰতক বিকশিত কৰি তোলাৰ অংগীকাৰ কৰে৷ প্ৰধানমন্ত্ৰীৰ ‘অষ্টলক্ষ্মী’ মডেলৰ উপস্থাপন কৰিবলৈ গৈ বিত্তমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ জৰিয়তে আধ্যাত্মিক পৰ্যটন আৰু অৰ্থনৈতিক বিকাশৰ এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই পদক্ষেপৰ বিষয়ে আলোকপাত কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ মূল লক্ষ্য হৈছে কৃষি উৎপাদন বৃদ্ধি কৰা, উদ্যমশীলতাক সহায় কৰা, যুৱপ্ৰজন্মক সৱলীকৰণ কৰা আৰু উত্তৰ-পূবৰ লগতে ভাৰতৰ অন্যান্য অনগ্ৰসৰ অঞ্চলসমূহৰ উন্নয়ন ত্বৰান্বিত কৰা৷ আজিৰ বাজেটৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে দেশৰ ‘বুদ্ধিষ্ট চাৰ্কিট’ক অসম, অৰুণাচল প্ৰদেশ, ছিকিম, মিজোৰাম আৰু ত্ৰিপুৰালৈ সম্প্ৰসাৰিত কৰা৷ আন্তৰ্জাতিক পৰ্যটকক আকৰ্ষণ কৰিবলৈ চৰকাৰে বিশ্বমানৰ তীৰ্থযাত্ৰীৰ সুবিধা, ধ্যান কেন্দ্ৰ আৰু ডিজিটেল ঐতিহ্য নিৰ্মাণৰ বাবে পুঁজিৰ যোগান ধৰিব, যিয়ে উত্তৰ-পূবক বুদ্ধগয়া আৰু সাৰনাথৰ দৰে ৰাষ্ট্ৰীয় বৌদ্ধ চাৰ্কিটৰ সৈতে সংযোগ কৰিব৷ পৰ্যটন আৰু বাণিজ্যৰ সুবিধাৰ্থে বাৰাণসী-শিলিগুৰি হাই-স্পীড ৰে’ল কৰিডৰত অনুমোদন জনোৱা হৈছে, যাক বিত্তমন্ত্ৰীগৰাকীয়ে ‘উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ’ বুলি অভিহিত কৰিছে৷ এই প্ৰকল্পই যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰাৰ লগতে পূব সীমান্তৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি আশা কৰা হৈছে৷ আনহাতে কৃষিখণ্ডত সাঁচি গছৰ দৰে উচ্চ মূল্যৰ খেতিৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে অসমৰ ৫০০ জলাশয়ৰ মীন পালনৰ বাবে বিকাশ ঘটোৱাৰ কথা বাজেটত প্ৰকাশ পাইছে৷ স্বাস্থ্যখণ্ডত তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক ‘ৰিজিঅনেল এপেক্স ইনষ্টিটিউট’লৈ উন্নীত কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷ লক্ষণীয়ভাৱে এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন শীতানত সৰ্বমুঠ ১,০৮,৩৩৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ ২০২৬-২৭ বৰ্ষৰ বাজেটত ধাৰ্য কৰা হৈছিল ১,০৫,৮৩৩.২৮ কোটি টকা৷ অৰ্থাৎ যোৱাবাৰতকৈ মাত্ৰ ২,৫০২.১৪ কোটি টকাৰ আবণ্টনহে বৃদ্ধি কৰা হৈছে৷ উত্তৰ-পূবৰ বাবে উৎসৰ্গিত কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰালয়ৰ বাজেট ৫,৭৬২.৩৪ কোটি টকাৰ পৰা ৬,৬৩৬.১১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ লক্ষণীয়ভাৱে বাজেটত পূৰ্বৰ বাজেটতকৈ কেইবাটাও বিভাগৰ পুঁজি বৃদ্ধি কৰা হৈছে৷ যাৰ ভিতৰত কৃষি আৰু কৃষক উন্নয়নৰ বাবে ১৩,৬৮৫.২০ কোটি টকা, কৃষি গৱেষণাৰ বাবে ৬৬৮.০৬ কোটি, প্ৰতিৰক্ষা আন্তঃগাঁথনিৰ বাবে ৭৪২.৭৩ কোটি, বিদ্যালয় শিক্ষাৰ বাবে ৭,৯৬০.৪৮ কোটি আৰু উচ্চ শিক্ষাৰ বাবে ৪,৪২৪.১৬ কোটি টকা ধাৰ্য কৰা হৈছে৷ লগতে পৰিৱেশ আৰু বন বিভাগত ১৮৮.৭০ কোটি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ৭,৩৭১.১৭ কোটি, স্বাস্থ্য গৱেষণাত ১৮৪.২৫ কোটি, খোৱাপানী আৰু অনাময় বিভাগত ৭,৩৮২.৯০ কোটি, এমএছএমই খণ্ডত ২,৪০৩.৯৩ কোটি, নতুন আৰু নৱীকৰণযোগ্য শক্তিত ৩,০৯৯.৯২ কোটি, বন্দৰ আৰু জাহাজ পৰিবহণত ৫৪০ কোটি, শক্তি বিভাগত ২,৯১৯.০১ কোটি, গ্ৰামোন্নয়নত ১০,০৭৮.৮৪ কোটি, দক্ষতা বিকাশত ৮৯৪.৫০ কোটি, জনজাতি পৰিক্ৰমাত ১,৭৯৯.৭৬ কোটি আৰু নাৰী তথা শিশু কল্যাণত ২,৭৯৭.২১ কোটি টকা ধাৰ্য কৰা হৈছে৷ আনহাতে পুঁজিৰ আবণ্টন হ্ৰাস কৰা বিভাগসমূহৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ বিভাগটো হৈছে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ৷ বিভাগটোৰ বিত্তীয় আবণ্টন যোৱাবাৰৰ ১৯,৪৯৯.০৯ কোটি টকাৰ পৰা এইবাৰ ১৮,৩৬১ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ অনুৰূপভাৱে যোগাযোগ খণ্ডত অসামৰিক বিমান পৰিবহণৰ বাজেট ২৩৯.৯৭ কোটি টকাৰ পৰা ১২৯.৯৭ কোটিলৈ হ্ৰাস কৰা হৈছে৷ বাণিজ্য [২৫৫.৮১ কোটি], উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য [৮৬২.২৪ কোটি], দূৰসঞ্চাৰ [২,৫১৭.৫০ কোটি], খাদ্য আৰু ৰাজহুৱা বিতৰণ [৫৮৯.৬৬ কোটি], ইলেক্ট্ৰৰনিক আৰু তথ্য প্ৰযুক্তি [১,৫৭৬.৮৬ কোটি], খাদ্য সংশাধন [২৬১.৫০ কোটি], শ্ৰম আৰু কৰ্মসংস্থান [৩,১৯৮.৭৬ কোটি], আইন আৰু ন্যায় [২০১.২০ কোটি], পৰ্যটন [২৩৩.৬০ কোটি] আৰু ক্ৰীড়া বিভাগৰ [৩৩৭.২৩ কোটি] পুঁজিৰ আবণ্টনো উল্লেখযোগ্যভাৱে হ্ৰাস কৰা হৈছে৷ বান সমস্যাত জৰ্জৰিত অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ জলসম্পদ আৰু নদী উন্নয়নৰ বাজেটো ৪৯৭.৮৮ কোটি টকাৰ পৰা ৪২৯.১০ কোটি টকালৈ হ্ৰাস কৰা হৈছে৷ আনহাতে বিশেষ পেকেজসমূহৰ ভিতৰত প্ৰথমবাৰৰ বাবে আলফা চুক্তি মৰ্মে আজিৰ কেন্দ্ৰীয় বাজেটত ৫০০ কোটি টকা ধাৰ্য কৰা হৈছে৷ উত্তৰ-পূব পৰিষদৰ বাবে ৮২৫ কোটি, উত্তৰপূৱ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ বাবে ২,৫০০ কোটি আৰু পিএম-ডিভাইন আঁচনিৰ বাবে ২,৩০৬ কোটি টকা ধাৰ্য কৰা হৈছে৷ বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ পেকেজ ১৫৬ কোটি আৰু কাৰ্বি আংলঙৰ বাবে ২০০ কোটি টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে সুকীয়া পেকেজ নাথাকিলেও ডিমাছা লোকৰ উন্নয়নৰ বাবে ৭০ কোটি টকা আগবঢ়োৱা হৈছে৷ ইয়াৰ উপৰি উত্তৰ-পূব হস্তশিল্প নিগমৰ বাবে ৫৫.৭৫ কোটি আৰু নেডফিৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰা হৈছে৷


নিৰ্বাচনমুখী পশ্চিমবংগ এলাগী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  যোৱা দুটা বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিহাৰৰ বাবে কল্পতৰু সদৃশ আছিল মোদী চৰকাৰ৷ অনেকেই ধাৰণা কৰিছিল যে বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবেই ইমান দৰদ দেখুৱাইছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ সেই সূত্ৰে কৌতুহল আছিল ভোটমুখী পশ্চিমবংগৰ বাবে কি দিব মোদী চৰকাৰে৷ কিন্তু দেওবাৰে দাখিল কৰা বাজেটতত দেখা গ’ল পশ্চিমবংগৰ বাবে মাত্ৰ তিনিটা আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প৷ এই তিনি প্ৰকল্প হ’ল–শিলিগুৰি-বাৰাণসীৰ মাজত হাই স্পীড ৰে’ল কৰিডৰ৷ কলকাতাৰ ডাংকিনীপৰা গুজৰাটৰ চুৰটলৈ ফ্ৰেইট কৰিড’ৰ দুৰ্গাপুৰত ইষ্ট কষ্ট ইণ্ডাষ্টিয়েল কৰিড’ৰ৷ প্ৰত্যাশিতভাৱেই নিৰ্মলাৰ বাজেটক হাম্পটি-ডাম্পটি বুলি কটাক্ষ কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ কয়– ‘এই বাজেট হৈছে গাৰ্বেজ অফ লাই৷ গোটেই দেশতে একটাই কৰ কাঠামো, জিএছটি৷ পশ্চিমবংগৰ পৰা চব টকালৈ গৈছে, এটা টকাও ঘূৰাই দিয়া নাই৷ যি টকাৰ কথা কোৱা হৈছে৷ চব আমাৰো টকা৷ পশ্চিমবংগক বঞ্চনা কৰিছে মোদী চৰকাৰে৷’

উন্নীত কৰা হ’ব তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান 

‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ  কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি অৰ্থনৈতিক পৰিসংখ্যা আৰু চৰকাৰৰ উন্নয়নমূলক পৰিকল্পনাসহ আগবঢ়োৱা কেন্দ্ৰীয় বাজেটৰ অসমৰ বাবে নিৰ্ধাৰিত বাজেটত মানসিক স্বাস্থ্য ক্ষেত্ৰৰ শ্ৰীবৃদ্ধিৰ কথা উল্লেখ কৰি তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানক উন্নীতকৰণৰ প্ৰস্তাৱ দাঙি ধৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে মানসিক স্বাস্থ্য ক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠানখনক বেংগালুৰুস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সমপৰ্যায়ৰ স্তৰলৈ উন্নীতকৰণৰ প্ৰস্তাৱে ৰাজ্যখনৰ মানসিক স্বাস্থ্য বিভাগলৈ কঢ়িয়াইছে আশাৰ বতৰা৷ ১৮৭৬ চনতে আৰম্ভ হোৱা এই ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠানখনে অহা এপ্ৰিল মাহৰ ১ তাৰিখে গৌৰৱোজ্জল ১৫০ বছৰ সম্পূৰ্ণ কৰিব৷ সম্প্ৰতি প্ৰতিষ্ঠানখনত চাইকিয়াত্ৰিক নাৰ্ছিং, চাইকিয়াত্ৰিক ছ’চিয়েল ৱৰ্ক, ক্লিনিকেল চাইকলজী, চাইকিয়াত্ৰি, মাষ্টাৰ্ছ ইন মেডিকেল লেবৰেটৰী চায়েঞ্চ আদি শৈক্ষিক বিষয়সহ এডিকচন মেডিচিন, চাইল্ড এণ্ড এডলোচেণ্ট চাইকিয়াত্ৰি, ৰিহাবিলিতেচন ছাৰ্ভিচ, চাইকথেৰাপী, ফেমিলি থেৰাপী, পেথলজী, মাইক্ৰবায়’লজি আদি বিভাগ সন্নিবিষ্ট আছে৷ ভাৰতৰ বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰিবলৈ সকলো খণ্ড আৰু মন্ত্ৰালয়লৈ পৰ্যাপ্ত আবণ্টন দিয়াৰ ধাৰণা দাঙি ধৰা হৈছে৷ ২০২৬ চনৰ বাজেট প্ৰস্তুত কৰাৰ পূৰ্বে বিত্তমন্ত্ৰী সীতাৰমণে বিভিন্ন খণ্ডৰ প্ৰতিনিধিৰ লগতে শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বিশেষজ্ঞ আৰু প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হৈছিল৷