Logo
image

তথাগতৰ মন্তব্যত তুমুল বাক-বিতণ্ডা

আমাৰ অসম, ৬ মে’: পশ্চিম বংগৰ জ্যেষ্ঠ বিজেপি নেতা তথা ত্ৰিপুৰা আৰু মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰায়ে ৰাজ্যৰ শেহতীয়া নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা টলীউদৰ মোহময়ী অভিনেত্ৰীক নগৰৰ নটী বা নগৰৰ নৰ্তকী আখ্যা দিয়াৰ বিষয়টোৱে তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে৷ লক্ষ্যণীয়ভাৱে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব কিম্বা ৰাজ্যিক নেতৃত্ব এই অশালীন মন্তব্যৰ প্ৰতি মৌন৷ ইয়াৰ বিপৰীতে ৰাজ্যৰ শিল্পীসকল, আনকি তৃণমূল কংগ্ৰেছত যোগদান কৰি বিধায়ক নিৰ্বাচিত হোৱা শিল্পীয়েও এই মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে৷ বিজেপিৰ প্ৰবীণ নেতাৰ সন্মানহানিকৰ মন্তব্যৰ বিৰুদ্ধে এই পৰ্যন্ত সুন্দৰী অভিনেত্ৰী শ্ৰাবন্তী চেটাৰ্জী আৰু তনুশ্ৰীয়ে আপত্তি উত্থাপন কৰিছে৷ শ্ৰাবন্তীয়ে তথাগতৰ অভিযোগৰ প্ৰমাণ বিচাৰিছে আৰু তনুশ্ৰীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এই বিষয়ত আলোচনা কৰিব বুলি ভাবুকি দিছে৷ পায়েল সৰকাৰেও তথাগতৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে৷

উল্লেখ্য, মঙলবাৰে বিতৰ্কিত টুইটাৰ পোষ্টটোত তথাগত ৰায়ে লিখিছিল– পায়েল, শ্ৰাবন্তী, পাৰ্নো ইত্যাদি নগৰৰ নটীকেইজনীয়ে নিৰ্বাচনৰ টকা লৈ কেলি কৰি ঘূৰি আছে আৰু মদন মিত্ৰৰ সৈতে নৌকাবিলাস কৰি ছেল্‌ফি তুলি আছে [আৰু হাৰি ভূত হৈছে]৷ সিহঁতক টিকট কোনে দিছিলঞ্জ কিয় দিছিলঞ্জ দিলীপ-কৈলাশ-শিৱপ্ৰকাশ-অৰবিন্দ প্ৰভূসকলে অলপ আলোকপাত কৰিব নেকিঞ্জ উল্লেখ্য, পাছত তথাগতই পাৰ্নোৰ স্থানত তনুশ্ৰী চক্ৰৱৰ্তীৰ নাম সংশোধন কৰি অন্তৰ্ভুক্ত কৰে৷ 

শ্ৰাবন্তী আৰু পায়েলৰ পাছত আজি তথাগত ৰায়ক উভতি ধৰি তনুশ্ৰী চক্ৰৱৰ্তীয়ে এই বিষয়টো ৰাজ্য সভাপতি দিলীপ ঘোষৰ উপৰি নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আদিৰ সন্মুখত উত্থাপন কৰিব বুলি মন্তব্য কৰিছে৷ তেওঁ কয়– ‘পৰাজিত হ’লেও আমি এতিয়াও দলীয় সদস্য৷ সেই দলৰ নেতাই কৰা এনে মন্তব্যত আমি অপমানিত, আহত৷ ব্যক্তিগত আৰু নীতিগতভাৱে মই বিচ্যুৎ হোৱা নাই৷ স্মৃতিজী আৰু সুষমাজীও এই দলত আছিল বা আছে৷ তেওঁলোকেও কি এনে কটাক্ষ কৰিবলগীয়া হৈছেঞ্জ’ আনহাতে, পায়েল সৰকাৰে এটা টুইটত কয়– ‘অভিনয় পেছা হ’লেও ৰাজনীতি মোৰ নিচা৷ আপুনিও প্ৰথম দিনাৰ পৰা ৰাজনীতি কৰিব পৰা নাছিল৷’