ফিল্মফেয়াৰ এৱাৰ্ড কিমান ফেয়াৰ আৰু বিশ্বাসযোগ্য?
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ বলীউডৰ ফিল্মফেয়াৰ এৱাৰ্ড আহিল অসমীয়া চিনেমা জগতলৈ৷ এয়া অসমৰ চিনেমা নিৰ্মাণৰ লগত জড়িত সকলোৰে বাবে আনন্দৰ কথা৷ প্ৰায় ১৬টাকৈ শিতানত ২০২৪-২৫ বৰ্ষৰ চিনেমাই সন্মান পালে৷ কিন্তু অসমৰ চলচ্চিত্ৰৰ লগত ওতপ্ৰোতভাৱে জড়িতসকল যেন সুখী হ’ব পৰা নাই৷ নাম প্ৰকাশত অনিচ্ছুক কেইগৰাকীমান চলচ্ছিত্ৰৰ বিভিন্ন দিশত কাম কৰি অহা ব্যক্তিৰ লগত কথা পাতি জানিব পাৰিলো এই অসন্তুষ্টিৰ কাৰণ–
১] বিচাৰক সকলে চিনেমাৰ মানদণ্ড নিৰূপণ কৰি শ্ৰেষ্ঠত্ব নিৰ্বাচন কৰিছে লেপটপত চাই৷ লেপটপত চিনেমা চাই চিনেমাৰ কাহিনী, চিত্ৰনাট্য-সংলাপ, সম্পাদনা আৰু অভিনয়হে ধৰিব পাৰি৷ কেমেৰা, মেক-আপ, কলা, সংগীত, শব্দ, কালাৰ আদিৰ শ্ৰেষ্ঠত্ব বিচাৰ কৰাটো সঠিক নহয়৷ দুই এক বিচাৰকে ক্ষোভ প্ৰকাশ কৰিছে, কেৱল লেপটপত চিনেমা চাই নিজৰ ভোট দিয়াৰ বাহিৰে আন আন বিচাৰকৰ ভোটৰ লগত আলোচনাৰ পৰা সম্পূৰ্ণ আঁতৰত ৰখা হৈছিল৷ অৰ্থাৎ বিচাৰকজনে তেওঁৰ ভোট দি সেই ভোটৰ সপক্ষে যুক্তি প্ৰদানো কৰিব পৰা নাই৷ যিটো অতি বিসংগতিপূৰ্ণ৷ সেই বাবেই সন্দেহৰ বীজ ৰোপণ হয়, বিচাৰকৰ বিচাৰৰ ওপৰত আয়োজকৰ কলম চলিব পাৰে নেকি? সাধাৰণতে চিনেমাৰ বিচাৰ প্ৰক্ৰিয়া খুব সংগোপনে কৰা হয়, চিনেমা হলত বহি মাত্ৰ বিচাৰকেহে চিনেমা চাব পাৰে৷ চিনেমা চোৱাৰ পাছত আটাইবোৰ বিচাৰকৰ যুক্তি-তৰ্কৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰি ৰিজাল্ট আটাইবোৰ বিচাৰকৰ স্বাক্ষৰ সহিতে এনভেলাপত ভৰাই ছীল কৰি দিয়া হয়৷ কিন্তু ফিল্মফেয়াৰৰ ক্ষেত্ৰত এয়া হোৱা নাই বুলি বিচাৰকে ইতিমধ্যেই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷ বিচাৰকৰ সুবিধা অনুসৰি চিনেমাবোৰ চাবলৈ দিয়া হৈছিল৷ প্ৰশ্ন হয় কিমান গোপনীয়তা ৰক্ষা কৰি বিচাৰকে চিনেমা চাই নিজৰ দায়িত্ব পালন কৰিছিল৷ জানিব পৰা মতে, এনেবোৰ কাৰণত ২০২৫ বৰ্ষৰ অন্যতম সফল চিনেমা ‘ভাইমনদা’ আৰু ইতিহাস গঢ়া চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰযোজকে এই প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিছিল৷ বিচাৰ প্ৰক্ৰিয়া আসোঁৱাহপূৰ্ণ নহ’লে ৰৈ ৰৈ বিনালেত কৰা অভিনয়ৰ বাবে জুবিন গাৰ্গ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰিলেহেঁতেন৷ হয়তো দুইখন চিনেমাই আটাইকেইটা শিতানত শ্ৰেষ্ঠ বঁটা বিজেতা হ’লহেঁতেন৷ লক্ষণীয়ভাৱে, ফিল্মফেয়াৰৰ দৰে এটা অনুষ্ঠান ন্যূনতম প্ৰচাৰ অবিহনেই পতা হ’ল৷ এটা নিৰ্দিষ্ট ব্যক্তিগত চেটেলাইট চেনেলৰ বাহিৰে কোনো চেনেলতেই এই অনুষ্ঠানৰ বিতং বাতৰি প্ৰচাৰ নহ’ল৷
আনকি বঁটা প্ৰদান অনুষ্ঠানত বিচাৰকক নিমন্ত্ৰণলৈকে দিয়া হোৱা নাছিল৷ আচৰিতজনকভাৱে বঁটা প্ৰদান অনুষ্ঠানৰ দিনা দিনৰ ৰ-৩০ মান বজাতহে ফিল্মফেয়াৰৰ ৱেবছাইটত বঁটাৰ নমিনেচন পোৱা সকলৰ নাম প্ৰকাশ কৰা হৈছিল৷ কিন্তু লক্ষণীয়ভাৱে বঁটা বিজেতাসকলক আগতীয়াকৈ জনোৱা হৈছিল বুলিও অভিযোগ উত্থাপন হৈছে৷ অসমীয়া চিনেমাত অনবদ্য অৱদানৰ বাবে অভিনেত্ৰী বিদ্যা ৰাওক জনোৱা হৈছিল জীৱন জোৰা সাধনা বটাঁ, অথচ স্ক্ৰীণত বজাই থোৱা অডিঅ’ ভিজুৱেলত হিন্দুঃস্থানী সংগীতৰ বিশিষ্ট শিল্পী বিদ্যা ৰাওৰ ফটোহে দেখা গ’ল৷ ইমান উপেক্ষা৷ এই লৈ সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
আন এক অভিযোগ, গ্ৰীণ ক্ৰোমা ব্যৱহাৰ কৰি অতি দৃষ্টিকটুভাৱে লণ্ডনত উপস্থাপন কৰা চিনেমা ‘চিকাৰ’ৰ বাবে শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইনৰ বটাঁ দিয়া হৈছে৷
বিভিন্ন শিতানত বঁটা প্ৰদান কৰা নহ’ল, মানে ৰূপ-সজ্জা, সাজ-সজ্জা, শব্দ-সজ্জা, ডি আই কালাৰ, কৰিঅ’গ্ৰাফী, ভি এফ এক্স, এক্সন আদি শিতানত বঁটা দিয়া নহ’ল৷ আমাৰ হাতত পৰা খবৰমতে, গোটেই ফিল্মফেয়াৰ এৱাৰ্ড এটা স্পনচৰছ শ্ব’৷ ‘দ্যা টাইমচ’ গ্ৰুপে ফিল্মফেয়াৰ অসম অনুষ্ঠানৰ নামত এক টকাও দিয়া নাই৷ কেৱল নাম আৰু বঁটাৰ ডিজাইনৰ অনুমতি প্ৰদান কৰিছে এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰ বিনিময়ত৷ ৰাচিত গুপ্তা আৰু অশ্বিনী পোটে নামৰ দুজন অসমৰ জীৱন ৰাম মুংগেৰী দেবী গোৱেংকা পাবলিক চেৰিটেবল ট্ৰাষ্টৰ সহযোগত অসমৰ চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ নাম ব্যৱহাৰ কৰি এই এৱাৰ্ড ইভেণ্ট পাতিছে৷ কিছু পইচা গোৱেংকা ট্ৰাষ্টৰ পৰা আহৰণ কৰি বাকীখিনি অসমৰ বজাৰৰ পৰা সংগ্ৰহ কৰি এই অনুষ্ঠান পাতিছে৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, নিৰ্বাচনৰ প্ৰাকক্ষণত কোনে দিৱ এনে অনুষ্ঠানৰ বাবে টকা? কাৰ লাভ হ’ব? বঁটা বিজয়ীৰ পৰাই এই টকা আহৰণ কৰাৰ আশংকা নুই কৰা নাই সচেতন মহলে৷ সেই কাৰণেই হয়তো বিচাৰকক নিমন্ত্ৰণ দিয়া নাই আয়োজকে৷ নিজৰ ভোটৰ বিপৰীতে বঁটা দিলে জাঙুৰ খাই উঠিব পাৰে সৎ বিচাৰক৷ ইফালে দৰ দাম মিলা নাছিল চাগে প্ৰযোজকৰ সৈতে, সেই বাবেই নমিনেচন লিষ্ট বঁটা প্ৰদান অনুষ্ঠানৰ দিনত প্ৰকাশ কৰিবলগীয়া হ’ল৷ ‘টাইমছ গ্ৰুপ’ৰ ফিল্মফেয়াৰ এৱাৰ্ড যে এটা ব্যৱসায় সেই কথা ফিল্মফেয়াৰ এৱাৰ্ডৰ ভু-ৰখাসকলে জানেই৷ কিন্তু নমিনেচন বহুদিনৰ আগতেই দিয়া হয়৷ আয়োজকে চিনেমাৰ বাবে আবেদন জাননী কেতিয়া আৰু ক’ত দিছিল? কিমান চিনেমাই আবেদন কৰিছিল, কিমান চিনেমাক প্ৰাথমিক পৰ্য্যায়ৰ বাবে নিৰ্বাচিত কৰা হৈছিল? আছেনে কিবা তথ্য? টাইমচ গ্ৰুপে জানে নে ইমান খেলিমেলিৰ কথা? নে এই ফিল্মফেয়াৰ বঁটা টাইমছ গ্ৰুপৰ মুল ফিল্মফেয়াৰ বঁটা অনুষ্ঠানৰ লগত কোনো ধৰণৰ গভীৰ সম্পৰ্ক নাই৷ যিদৰে সম্পৰ্ক নাই বহু পুৰণি আৰু সন্মানীয় দাদা চাহেব ফাল্কে সন্মানৰ সৈতে আজিকালি সামাজিক মাধ্যমত বিজ্ঞাপন আহি থকা, অসমৰ কিছু লোকে বঁটা বিজয়ী বুলি জহাই ফুৰা অন্য এটা দাদা চাহেব বঁটাৰ হোৱাই নোহোৱাই ফিল্ম ফেষ্টিভেল যিদৰে হৈছে, কোনোবাই একেটা ফেষ্টিভেলতে অগণন বঁটা পাইছে, অসমৰ ফিল্ম ফেয়াৰ এৱাৰ্ডো তেনে পাবত গজা নেকি? সেই বাবেই এতিয়া চিনেৰসিকৰ মনত প্ৰশ্ন– How fair is the Filmfare? প্ৰশ্ন আৰু সন্দেহ বহুত৷ সেইমতে উত্তৰো বিচৰাটো নিশ্চয় ন্যায়সংগত৷
উল্লেখ্য, বিশিষ্ট অভিনেতা-পৰিচালক বাহাৰুল ইছলামে দুখ আৰু ক্ষোভ প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত লিখিছে– ‘আজি হেনো ফিল্ম ফেয়াৰ এৱাৰ্ড দিছে৷ ময়ো বিচাৰক আছিলো৷ নেমাতিলে দেখোন৷’
আনহাতে, বিশিষ্ট চলচ্চিত্ৰ সমালোচক, পৰিচালক উৎপল বৰপূজাৰীয়ে বিষোদগাৰ প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত লিখিছে– ২০২৪-২৫ চনৰ ছবিক দুটা পৃথক জুৰীৰ দ্বাৰা পৃথকে পৃথকে বঁটা প্ৰদান কৰা ফিল্মফেয়াৰ এৱাৰ্ডছ [অসমীয়া] ২০২৬ৰ জুৰীত থকাটো যথেষ্ট আকৰ্ষণীয় আছিল৷ দুয়োটা বছৰ মই জুৰীত আছিলো৷ যথেষ্ট আকৰ্ষণীয়– কাৰণ জুৰীৰ সদস্যসকলক জুৰীত আৰু কোন কোন আছে সেই বিষয়ে কোৱা নহয়, আৰু জুৰীৰ সভাও নাথাকে৷ গুৱাহাটীত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত যিহেতু মই উপস্থিত নাছিলো, সেয়েহে জুৰীত আৰু কোন কোন আছিল সেয়া এতিয়াও আনুষ্ঠানিকভাৱে অৱগত হোৱা নাই৷ সদস্যসকলক ছবিসমূহ পঠিওৱা হয়, আৰু প্ৰত্যেকেই নিজৰ ব্যক্তিগত বিচাৰ অনুসৰি প্ৰতিটো শাখাৰ শীৰ্ষ ৫ গৰাকী প্ৰতিদ্বন্দ্বিক [১ৰ পৰা ৫ ৰেংকিং] স্থান দিব লাগে৷ পিছলৈ আয়োজকসকলে সকলো জুৰী সদস্যই প্ৰেৰণ কৰা ৰেংকিং গণনা কৰে আৰু শীৰ্ষত ওলাই অহাসকলক বিজয়ী ঘোষণা কৰা হয়৷ তেনেকৈয়ে ই এক অতি গণতান্ত্ৰিক প্ৰক্ৰিয়া, কিন্তু মই সদায় অনুভৱ কৰোঁ যে যিকোনো চলচ্চিত্ৰ প্ৰতিযোগিতাত জুৰীৰ সদস্যসকলৰ মাজত আলোচনাই অধিক আবেগিক সিদ্ধান্তৰ সূচনা কৰে, যিহেতু চিনেমাৰ বিচাৰ কৰাটো বস্তুনিষ্ঠ পদ্ধতিমুখী গণিততকৈ বিষয়ভিত্তিক প্ৰক্ৰিয়া৷ কিন্তু তাৰ পিছত, যিকোনো উৎসৱ বঁটাৰ বাবে আয়োজকসকলে নিয়ম নিৰ্ধাৰণ কৰে আৰু জুৰীয়ে ইয়াৰ দ্বাৰা যাব লাগে৷ সকলো বিজয়ীলৈ অভিনন্দন৷ বিভিন্ন ভাষাৰ চিনেমাৰ বঁটাৰ ভিতৰত অসমীয়াক অন্তৰ্ভুক্ত কৰাৰ বাবে ফিল্মফেয়াৰক ধন্যবাদ দিব লাগিব৷ বিশেষকৈ বহু বৃহৎ উজনি বা মাৰাঠী বা বঙালী উদ্যোগৰ তুলনাত ব্যৱসায়িক পৰিসৰৰ ক্ষেত্ৰত অসমীয়া চিনেমা এতিয়াও এক নৱজাত উদ্যোগ৷ কিন্তু দুবছৰৰ ভিতৰত মুক্তি পোৱা কেইখনমান ছবি জুৰীৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰা ছবিৰ ভিতৰত নাছিল বাবে আপাত দৃষ্টিত প্ৰৱেশ কৰা হোৱা নাছিল৷ সেই ছবিবোৰ যদি প্ৰক্ৰিয়াটোৰ অংশ হ’লহেঁতেন তেন্তে প্ৰতিযোগিতাখন হয়তো অধিক আকৰ্ষণীয় হ’লহেঁতেন৷






