Logo
image

নগাঁও-গুৱাহাটী অহা-যোৱা কৰিলেই ভৰিব লাগিব ৫৪০ টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ মাৰ্চঃ  কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অসমবাসীৰ মূৰৰ ওপৰত পুনৰ মাধমাৰ শোধোৱাৰ বাবে সাজু হৈছে৷ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৬০ টকাকৈ বৃদ্ধি কৰাৰ পাছত এইবাৰ বিজেপি চৰকাৰে অসমবাসীক টোল কৰ বৃদ্ধিৰে আন এক বোজা জাপি দিয়াৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ টোল গেটৰ মাচুল বৃদ্ধিৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতিখন টোলগেটতে ৫-১০ শতাংশ পৰ্যন্ত টোল কৰ বৃদ্ধি কৰা হৈছে৷ টোল কৰ বৃদ্ধিৰ সন্দৰ্ভত ইতিমধ্যে এন এইচ এ আইৰ ফালৰ পৰা ৰাজহুৱা জাননী জাৰি কৰিছে৷ মদনপুৰ, নাজিৰাখাট, ৰহা, মিকিৰআটি, গলিয়া, মান্দাৰদিছা, দঁতালপাৰা, পাটগাঁৱৰ লগতে ৰঙামাটি, চুলুং টোলগেটৰে মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ নতুন টোল মাচুল অনুসৰি এতিয়া গুৱাহাটী-নগাঁৱৰ মাজত যাতায়াত কৰোতে লঘু যান-বাহনৰ গৰাকীয়ে ৪০৫ টকাৰ পৰা ৫৪০টকা পৰ্যন্ত টোল কৰ আদায় দিব লাগিব৷ উল্লেখ্য, গুৱাহাটী আৰু নগাঁৱৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিলে সোণাপুৰৰ নাজিৰাঘাট আৰু নগাঁৱৰ ৰহা টোল গেট পাৰ হ’ব লাগিব৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰহা টোল গেটত চাৰিচকীয়া লঘু বাহনৰ এবাৰত ১২৫ টকা আৰু অহা-যোৱাৰ বাবে ১৮৫ টকালৈ মাচুল বৃদ্ধি কৰিছে৷ একেদৰে নাজিৰাখাট টোল গেচত এবাৰত ১২৫ টকা আৰু অহা যোৱাৰ বাবদ ২২০ টকা টোল কৰ নতুনকৈ নিৰ্ধাৰণ কৰিছে৷ সেই অনুসৰি গুৱাহাটী আৰু নগাঁৱৰ মাজত যাতায়াত কৰা বাহনৰ গৰাকীয়ে একেদিনাই অহা-যোৱা কৰিলে ৪০৫ টকা পৰ্যন্ত কৰ পৰিশোধ কৰিব লাগিব৷ তদুপৰি পিছদিনা উভতি গ’লে টোল কৰ আদায় দিব লাগিব ৫৪০ টকা৷ উল্লেখ্য, ৰাজ্যত বৰ্তমান টোল গেটৰ সংখ্যা ১২ খন যদিও বিশ্বনাথৰ ৰটোৱা টোল গেটতো শীঘ্ৰে মাচুল সংগ্ৰহ কৰিবলৈ সাজু হৈছে চৰকাৰ৷ তদুপৰি অসমত সৰ্বমুঠ ২১ খন টোলগেট নিৰ্মাণৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ টোল গেটৰ নতুন নিৰিখ অনুসৰি, কামৰূপ জিলাৰ মদনপুৰ টোল গে’টত পহিলা এপ্ৰিলৰ পৰা লঘু যান-বাহনৰ এবাৰৰ যাত্ৰাৰ নতুন মাচুল ধাৰ্য কৰা হৈছে ১৪০ টকা৷ বৰ্তমান এই মাচুল হৈছে ১৩০ টকা৷


এদিনতে উভতি আহিলে একেখন বাহনৰ পৰা পূৰ্বে ২০৫ টকা অহা-যোৱাৰ বিনিময়ত আদায় কৰা হৈছিল৷ যদিও পহিলা এপ্ৰিলৰ পৰা এই নিৰিখ হ’ব ২১০ টকা৷ একেদৰে লঘু বাণিজ্যিক বাহনৰ এবাৰৰ নিৰিখ বৰ্তমানৰ ২২০ টকাৰ ঠাইত ২২৫ টকা আৰু একেটা দিনত উভতি আহিলে বৰ্তমানৰ ৩৩০ টকাৰ ঠাইত ৩৪০ টকা আদায় দিব লাগিব৷  মদনপুৰ টোল গেটত দুই এক্সেলযুক্ত বাছ-ট্ৰাকৰ বৰ্তমানৰ নিৰিখ হ’ল ৪৪০ টকা৷ পহিলা এপ্ৰিলৰ পৰা এই নিৰিখ হ’ব ৪৭৫ টকা৷ তিনি এক্সেলযুক্ত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত বৰ্তমানৰ ৫০৫ টকাৰ টোল কৰ পহিলা এপ্ৰিলৰ পৰা হ’ব ৫১৫ টকা৷ একেদৰে নগাঁৱৰ চুলুং টোল গেটত লঘু বাণিজ্যিক বাহনৰ টোল কৰ ২০০ টকাৰ পৰা ২০৫ টকা, দুই এক্সেলযুক্ত বাছ-ট্ৰাকৰ টোল কৰ ৪২০ টকাৰ পৰা ৪৩০ টকা, একেদিনাই অহা-যোৱা কৰা বাছ-ট্ৰাকৰ ক্ষেত্ৰত বৰ্তমানৰ ৬৩০ টকাৰ পৰা ৬৪৫ টকা, তিনি এক্সেলযুক্ত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত টোল কৰ ৪৬০ টকাৰ পৰা ৪৭০ টকালৈ বৃদ্ধি কৰা হৈছে৷ তাতোকৈ গধুৰ যান-বাহনৰ ক্ষেত্ৰত টোল কৰ ৬৬০ টকাৰ পৰা ৬৭৫ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইফালে, কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ নাজিৰাখাট টোল গেটত লঘু যান-বাহনৰ একেটা দিনতে অহা-যোৱা কৰা মাচুল পূৰ্বৰ ২১৫ টকাৰ পৰা ২২০ টকা, লঘু বাণিজ্যিক বাহনৰ মাচুল ২৩০ টকাৰ পৰা ২৩৫ টকা, একেটা দিনতে অহা-যোৱা কৰা লঘু বাণিজ্যিক বাহনৰ মাচুল ৩৪৫ টকাৰ পৰা ৩৫৫ টকা, দুই এক্সেলযুক্ত বাছ-ট্ৰাকৰ ক্ষেত্ৰত এবাৰৰ মাচুল ৪৮৫ টকাৰ পৰা ৪৯৫ টকা, একেটা দিনতে অহা-যোৱা কৰা এনে বাহনৰ ক্ষেত্ৰত মাচুল বৰ্তমানৰ ৭২৫ টকাৰ পৰা ৭৪০ টকা, তিনি এক্সেলযুক্ত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এবাৰৰ মাচুল ৫২৫ টকাৰ পৰা ৫৪০ টকালৈ বৃদ্ধি কৰা হৈছে৷ তাতোকৈ গধুৰ যান-বাহনৰ ক্ষেত্ৰত এবাৰৰ মাচুল বৰ্তমানৰ ৭৬০ টকাৰ পৰা ৭১৫ টকা হ’ব৷ অনুৰূপ ধৰণে ৰহা টোল গেট, নুমলীগড়ৰ ৰঙামাটি টোল গেট, হোজাই জিলাৰ ডবকা টোল গেটতো লঘু যান-বাহন, বাণিজ্যিক যান-বাহন আদিৰ মাচুল বৃদ্ধি কৰা হৈছে৷ বিশ্বনাথ জিলাৰ ৰটোৱা টোল গেটখনৰ নিৰিখো নিৰ্ধাৰণ কৰিছে পথ পৰিবহণ মন্ত্ৰণালয়ে৷ শীঘ্ৰে বিশ্বানাথৰ বিহালীৰ ৰটোৱা টোল গেটতো আৰম্ভ হ’ব মাচুল সংগ্ৰহৰ প্ৰক্ৰিয়া৷