Logo
image

যন্তৰ-মন্তৰত পেলেট গান ব্যৱহাৰৰ দায়িত্ব ল’লে জিপি সিঙে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ জুলাইঃ   জনতাৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী বা সুৰক্ষা বাহিনীয়ে ‘কেৱল ব্যতিক্ৰমী পৰিস্থিতিতহে’ পেলেট গান ব্যৱহাৰ কৰিব পাৰে৷– কক্‌ৰোচ  জনতা পাৰ্টীৰ প্ৰতিবাদ দমনৰ নামত ৰেপিড একশ্বন ফ’ৰ্চে পেলেট গান ব্যৱহাৰ কৰাক লৈ দেশ উত্তাল হৈ থকাৰ মাজতে বৃহস্পতিবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে৷ সৰ্বোচ্চ ন্যায়ালয়ে লগতে দিল্লীৰ যন্তৰ মন্তৰত নীট প্ৰশ্নকাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে চলা আন্দোলনৰ সময়ত মোতায়েন থকা ৰেপিড একশ্বন ফ’ৰ্চ-ৰ হাতত কি কি কাৰ্তুজ আছিল, তাৰ সমস্ত হিচাপ সুৰক্ষিতভাৱে সংৰক্ষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে৷ উল্লেখ্য, বিগত ২০ জুলাইত ককৰোচ জনতা পাৰ্টীৰ উদ্যোগত আয়োজিত ‘সংসদ চলো’ কাৰ্যসূচীৰ সময়ত সুৰক্ষা বাহিনীয়ে ছাত্ৰ-প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চলোৱাৰ অভিযোগ উঠিছিল৷ এই ঘটনাত কেইবাজনো ছাত্ৰ গুৰুতৰভাৱে জখম হৈছিল৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে প্ৰতিবাদ নিয়ন্ত্ৰণৰ নামত পেলেট গানৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰাৰ দাবীৰে উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছিল৷ কেন্দ্ৰীয় তথ্য আয়োগৰ প্ৰাক্তন আয়ুক্ত তথা অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া যশৱৰ্ধন আজাদ আৰু আন্দোলনত পেলেটৰ আঘাতত জখম হোৱা প্ৰশান্ত কৰ্মকাৰ আৰু শ্বেখ ইৰছাদ মনচুৰী নামৰ দুই ভুক্তভোগীয়ে যৌথভাৱে এই আবেদন দাখিল কৰিছিল৷ বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠত গোচৰটো শুনানিৰ বাবে উঠে৷ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জয়মাল্য বাগচীয়ে স্পষ্ট কৰি দিয়ে যে, বৰ্তমানৰ নিয়মৱালী অনুসৰি ব্যতিক্ৰমী পৰিস্থিতিত পেলেট গান ব্যৱহাৰ কৰাৰ কতৃৰ্ত্ব আৰক্ষীক দিয়া হৈছে৷ পেলেট গান ব্যৱহাৰ সম্পৰ্কীয় মূল আইনী নিয়মসমূহক প্ৰত্যাহ্বান নজনোৱাকৈ আদালতে এনে সঁজুলিৰ ওপৰত সৰ্বাত্মক বা সম্পূৰ্ণ নিষেধাজ্ঞা দিব নোৱাৰে৷ আদালতে আৰু মন্তব্য কৰে যে, ‘কোনো শান্তিপূৰ্ণ প্ৰতিবাদত অসামাজিক উপাদানৰ অনুপ্ৰৱেশ ঘটি ই যিকোনো সময়তে হিংসাত্মক হৈ পৰিব পাৰে৷ এনে অতিৰিক্ত হিংসাত্মক পৰিস্থিতি চম্ভালিবলৈ লাঠিচালনা বা কন্দুৱা গেছ ব্যৰ্থ হ’লে আইন প্ৰয়োগকাৰী সংস্থাসমূহক ‘ক্ৰমান্বয়ে লোৱা সঁহাৰি’ [graded response]-ৰ প্ৰয়োজন হ’ব পাৰে৷’ আদালতে প্ৰশ্ন তোলে যে অত্যন্ত হিংসাত্মক পৰিস্থিতিত যদি আৰক্ষীক প্ৰকৃত গুলী চলাবলৈ অনুমতি দিয়া হয়, তেন্তে ক্ৰমান্বয়ে বলপ্ৰয়োগৰ অংশ হিচাপে পেলেট গান ব্যৱহাৰত কেনেকৈ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিব পৰা যাব?


যদিও বিচাৰপীঠে এই পৰ্যায়ত সমগ্ৰ দেশতে পেলেট গান নিষিদ্ধ কৰাৰ অন্তৱৰ্তীকালীন সুৰক্ষা মঞ্জুৰ কৰিবলৈ অস্বীকাৰ কৰে, তথাপিও আদালতে আহত প্ৰতিবাদকাৰীসকলৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ উচ্চতম ন্যায়ালয়ৰ দিল্লী চৰকাৰক জখম হোৱা আবেদনকাৰী আৰু অন্যান্য প্ৰতিবাদকাৰীসকলক কোনো বিলম্বনকৰাকৈ উপযুক্ত আৰু পৰ্যাপ্ত চিকিৎসা প্ৰদান নিশ্চিত কৰিবলৈ অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰে৷ শুনানিৰ সময়ত উপস্থিত থকা কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাকো আহতসকলৰ চিকিৎসা সুনিশ্চিত কৰিবলৈ আদালতে মৌখিক নিৰ্দেশ দিয়ে৷ ইফালে আবেদনকাৰীসকলৰ হৈ অধিবক্তা বৃন্দা গ্ৰোভাৰে আদালতত যুক্তি দৰ্শাই কয় - ‘আমি আৰ এ এফ-ৰ অস্ত্ৰাগাৰত পেলেট গান থকাৰ বিৰোধিতা কৰা নাই৷ কিন্তু ইয়াত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত ধাতুৰে তৈয়াৰী পেলেট ব্যৱহাৰ কৰা হৈছে, যিবোৰ তেওঁলোকৰ শৰীৰৰ পৰা অস্ত্ৰোপচাৰ কৰি উলিওৱা হৈছে৷ পাম্প একশ্বন গানৰ পৰা এৰি দিয়া এই ধাতৱ পেলেটবোৰে এক বিশাল এলেকা আৱৰি লয়, যাৰ ফলত ১৯ বছৰীয়া ছাহিল লোচাব নামৰ এজন যুৱকৰ চকুত গুৰুতৰ আঘাত লাগে৷’  অধিবক্তা গ্ৰোভাৰে অভিযোগ কৰে যে দিল্লী আৰক্ষীৰ এনে কোনো স্থায়ী নিৰ্দেশ নাই, যিয়ে পেলেট ব্যৱহাৰৰ অনুমতি দিয়ে৷ বি আৰ পি ডি-ৰ ২০১৬ চনৰ নিৰ্দেশনা অনুসৰিও এনে অ-মাৰাত্মক অস্ত্ৰৰ ব্যৱহাৰ এক নিয়ন্ত্ৰিত প্ৰক্ৰিয়া হ’ব লাগে৷ ইফালে, চি আৰ পি এফৰ এক আভ্যন্তৰীণ পৰ্যালোচনাত দাবী কৰা হৈছে যে ২০ জুলাইৰ ঘটনাটোত আৰ এ এফে সকলো ধৰণৰ মানক কাৰ্যপদ্ধতি আৰু সংঘৰ্ষ বিৰোধী নিয়ম মানি চলিছিল৷ প্ৰথমে মাইকত ঘোষণা, তাৰ পাছত কন্দুৱা গেছ আৰু লাঠিচালনা ব্যৰ্থ হোৱাৰ পাছতহে পাম্প একশ্বন গান ব্যৱহাৰ কৰা হৈছিল৷ এই সংঘৰ্ষত ৩-৫জন প্ৰতিবাদকাৰীৰ উপৰিও ৪৭জন আৰ এ এফ জোৱান আহত হয়, যাৰ ভিতৰত ৬ জনৰ মূৰত গুৰুতৰ আঘাত লাগে৷ লক্ষণীয়ভাৱে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী আৰু ৰেপিড একশ্বন ফ’ৰ্চে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগৰ মাজতে চিআৰপিএফৰ সঞ্চালক প্ৰধান জিপি সিঙে বাহিনীৰ জোৱানসকলক উদ্দেশ্য কৰি স্পষ্ট বাৰ্তা দিছে যে কৰ্তব্য পালনৰ সময়ত গ্ৰহণ কৰা সকলো সিদ্ধান্ত আৰু ব্যৱস্থাৰ দায়িত্ব তেওঁ নিজেই বহন কৰিব৷ চিআৰপিএফৰ এটা অনুষ্ঠানত ভাষণ দি ডিজি জিপি সিঙে কয়- ‘কৰ্তব্য পালনৰ সময়ত আপোনালোকে যি সিদ্ধান্ত লৈছে, তাৰ সকলো দায়িত্ব মই লৈছোঁ৷ কোনো দ্বিধাবোধ নাৰাখি নিৰ্ভীকভাৱে নিজৰ দায়িত্ব পালন কৰক৷ যদি কোনো সিদ্ধান্তৰ দায়িত্ব ল’ব লাগে, সেয়া মই ল’ম৷’ একে সময়তে তেওঁ জনাই যে সমগ্ৰ ঘটনাটোৰ ওপৰত ‘প’ষ্ট-ইভেণ্ট এছেছমেণ্ট’ চলি আছে আৰু সেই প্ৰতিবেদন লাভ কৰাৰ পাছতহে বাহিনীৰ চূড়ান্ত স্থিতি প্ৰকাশ কৰা হ’ব৷ আনহাতে, এই সমগ্ৰ গোচৰটোক লৈ ৰাজনৈতিক উত্তাপো বৃদ্ধি পাইছে৷ ককৰোচ জনতা পাৰ্টীৰ সদস্য সৌৰভ দাসে সামাজিক মাধ্যম ‘এক্স-ত উচ্চতম ন্যায়ালয়ৰ মন্তব্যক ‘কঠোৰভাৱে’ বুলি সমালোচনা কৰে৷ উল্লেখ্য, দিল্লী আৰক্ষীয়ে এই হিংসাত্মক ঘটনাৰ সন্দৰ্ভত ১৩খন এজাহাৰ পঞ্জীয়ন কৰিছে৷ দিল্লী আৰক্ষীয়ে প্ৰথম অৱস্থাত পেলেট গান ব্যৱহাৰৰ অভিযোগ অস্বীকাৰ কৰিছিল যদিও পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাৰ জেনেৰেল ডায়েৰীৰ তথ্যত দিল্লী আৰক্ষী মিথ্যাচাৰ পোহৰলৈ আহে৷ সেই নথি অনুসৰি, দিল্লী আৰক্ষীৰ ডিচিপিৰ নিৰ্দেশত ৰেপিড একশ্বন ফ’ৰ্চৰ ডেপুটি কমাণ্ডেণ্টে পেলেট গানেৰে দুই ৰাউণ্ড গুলী চলাইছিল৷ একে সময়তে ৫৫ ৰাউণ্ড নন-ইলেক্টিªকেল চেল, ১৫ ৰাউণ্ড ইলেক্টিªকেল চেল আৰু পাঁচটা কন্দুৱা গেছ গ্ৰেনেড ব্যৱহাৰ কৰা হৈছিল৷ আৰপিএফৰ অভ্যন্তৰীণ পৰ্যালোচনাত কনট প্লেচৰ পালিকা বজাৰ অঞ্চলতো পেলেট গান ব্যৱহাৰৰ তথ্য উন্মোচিত হৈছে৷ যদিও অভিযোগৰ কেন্দ্ৰবিন্দুত থকা আৰক্ষী বিষয়াজনে ঘটনাস্থলীত উপস্থিত নাছিল বুলি দাবী কৰিছে, দিল্লী আৰক্ষীয়ে ঘটনাটোৰ পৃথক তদন্ত অব্যাহত ৰাখিছে৷ পেলেট গানৰ গুলীৰ আঘাতত অতি কমেও পাঁচজন লোক গুৰুতৰভাৱে আহত হৈছে৷ ইয়াৰ ভিতৰত ১৯ বছৰীয়া ছাহিল লোচাবৰ চকুত গুলীয়ে আঘাত কৰাৰ ফলত দৃষ্টিশক্তি হেৰুওৱাৰ আশংকা কৰা হৈছে৷ আন আহতসকলৰ ভিতৰত শ্বেখ ইৰছাদ মনচুৰী, নূতন টোপ্পো, প্ৰশান্ত সিং আৰু এগৰাকী সাংবাদিক আছে৷ অৱশ্যে সৰ্বোচ্ছ ন্যায়ালয়ে দিল্লী আৰক্ষীক পেলেট গান ব্যৱহাৰৰ এছ অ’ পি জমা দিবলৈ নিৰ্দেশ দি গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে৷