Logo
image

বাশ্বাৰ আল-আছাদক মৃত্যুদণ্ড, ছিৰিয়াত আছাদ যুগৰ বিৰুদ্ধে ঐতিহাসিক ৰায়

'আমাৰ অসম'ৰ ডিজিটেল সংবাদঃ ছিৰিয়াৰ ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাশ্বাৰ আল-আছাদক মৃত্যুদণ্ডৰ ৰায় দিছে ডামাস্কাছৰ এখন আদালতে। দেশখনৰ প্ৰায় ১৪ বছৰীয়া গৃহযুদ্ধৰ সময়ত সংঘটিত হত্যা, নিৰ্যাতন, বেপৰোৱাভাৱে গ্ৰেপ্তাৰ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত মঙলবাৰে আদালতে আছাদক দোষী সাব্যস্ত কৰে। তেওঁ বৰ্তমান ৰাছিয়াত আশ্ৰয় লৈ আছে যদিও তেওঁৰ অনুপস্থিতিতে এই ৰায় ঘোষণা কৰা হয়। 

আছাদৰ বিৰুদ্ধে কি অভিযোগ?

আদালতে বাশ্বাৰ আল-আছাদক পৰিকল্পিত হত্যা, নিৰ্যাতন, অবৈধভাৱে আটক আৰু মানৱতাৰ বিৰুদ্ধে সংঘটিত কৰা অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিছে। ২০১১ চনত গণতান্ত্ৰিক সংস্কাৰৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদ দমন কৰিবলৈ তেওঁৰ চৰকাৰে ব্যাপক হিংসা চলোৱাৰ অভিযোগ আছিল। সেই দমন-পীড়নেই পাছলৈ পূৰ্ণ পৰিসৰৰ গৃহযুদ্ধৰ ৰূপ লৈছিল। যুদ্ধখন প্ৰায় ১৪ বছৰ ধৰি চলিছিল। বিভিন্ন হিচাপ অনুসৰি এই সংঘাতত প্ৰায় ৫ লাখ লোকৰ মৃত্যু হৈছিল। লাখ লাখ লোক গৃহহীন হৈছে আৰু দেশখনৰ বৃহৎ অংশ ধ্বংসস্তূপত পৰিণত হৈছিল। 

ভাতৃ মাহেৰ আল-আছাদকো মৃত্যুদণ্ড

কেৱল বাশ্বাৰ আল-আছাদেই নহয়, তেওঁৰ ভাতৃ মাহেৰ আল-আছাদকো অনুপস্থিতিতে মৃত্যুদণ্ড দিয়া হৈছে। মাহেৰ আছিল আছাদ চৰকাৰৰ অন্যতম শক্তিশালী সামৰিক বিষয়া আৰু তেওঁ চতুৰ্থ আৰ্মড ডিভিজনৰ নেতৃত্বত আছিল। প্ৰতিবাদ দমন আৰু সাধাৰণ নাগৰিকৰ বিৰুদ্ধে হিংসাত্মক অভিযানত এই বাহিনীৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল বুলি অভিযোগ উত্থাপিত হৈছিল। 

আতেফ নাজিবৰ বিৰুদ্ধেও কঠোৰ ৰায়

আছাদৰ আত্মীয় তথা প্ৰাক্তন নিৰাপত্তা বিষয়া আতেফ নাজিবকো মৃত্যুদণ্ড দিয়া হৈছে। ২০১১ চনত দক্ষিণ ছিৰিয়াৰ দাৰাত ৰাজনৈতিক নিৰাপত্তা শাখাৰ দায়িত্বত আছিল নাজিব। গণতান্ত্ৰিক দাবীত প্ৰতিবাদ কৰা কিশোৰসকলক আটক আৰু নিৰ্যাতনৰ ঘটনাৰ সৈতে তেওঁৰ নাম জড়িত আছিল। এই ঘটনাই দাৰাত প্ৰতিবাদৰ জুই অধিক তীব্ৰ কৰি তুলিছিল আৰু পাছলৈ ছিৰিয়াৰ গৃহযুদ্ধৰ অন্যতম সূচনা হয়। 


আছাদ এতিয়া ক’ত?

২০২৪ চনৰ ডিচেম্বৰত বিদ্ৰোহী বাহিনীৰ আকস্মিক আক্ৰমণত আছাদ চৰকাৰৰ পতন ঘটিছিল। ডামাস্কাছ এৰি বাশ্বাৰ আৰু মাহেৰ আল-আছাদ ৰাছিয়ালৈ পলায়ন কৰে। ৰাছিয়াই তেওঁলোকক আশ্ৰয় প্ৰদান কৰিছে আৰু বৰ্তমান তেওঁলোক মস্কোত আছে। ছিৰিয়াৰ নতুন কৰ্তৃপক্ষই ৰাছিয়াৰ পৰা আছাদক ঘূৰাই দিয়াৰ দাবী কৰি আহিছে। 

কিন্তু মৃত্যুদণ্ড কাৰ্যকৰী হ’বনে?

এই মুহূৰ্তত মৃত্যুদণ্ড কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাই, কাৰণ অভিযুক্ত বাশ্বাৰ আৰু মাহেৰ দুয়োজনেই ছিৰিয়াৰ বাহিৰত, ৰাছিয়াত আছে। ৰাছিয়াই তেওঁলোকক ছিৰিয়াৰ হাতত গতাই নিদিলে ছিৰিয়াৰ আদালতৰ এই ৰায় বাস্তৱায়িত কৰাটো কঠিন। 

আছাদ পৰিয়ালৰ পাঁচ দশকৰ শাসনৰ পাছত প্ৰথম ডাঙৰ আইনী পদক্ষেপ

এই ৰায়ৰ ঐতিহাসিক গুৰুত্বও আছে। বাশ্বাৰ আল-আছাদৰ পিতৃ হাফেজ আল-আছাদে ১৯৭১ চনৰ পৰা ছিৰিয়া শাসন কৰিছিল আৰু ২০০০ চনত তেওঁৰ মৃত্যুৰ পাছত বাশ্বাৰে ক্ষমতা গ্ৰহণ কৰে। অৰ্থাৎ আছাদ পৰিয়ালৰ প্ৰায় পাঁচ দশকৰ শাসনৰ অন্ত পৰাৰ পাছত পৰিয়ালটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ছিৰিয়াত এয়া প্ৰথম গুৰুত্বপূৰ্ণ আদালতীয় ব্যৱস্থা। 

নতুন ছিৰিয়াৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

বাশ্বাৰ আল-আছাদৰ বিৰুদ্ধে এই বিচাৰ কেৱল এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক শাস্তি দিয়াৰ ঘটনা নহয়। নতুন ছিৰিয়াৰ বাবে ই ‘ট্ৰেঞ্জিচনেল জাষ্টিচ’ বা পৰিৱৰ্তনকালীন ন্যায় প্ৰতিষ্ঠাৰ এক পৰীক্ষা হিচাপেও বিবেচিত হৈছে। আছাদ চৰকাৰৰ সময়ত সংঘটিত হত্যা, নিৰ্যাতন, নিখোঁজ আৰু অন্যান্য গুৰুতৰ অপৰাধৰ বাবে দায়ী লোকসকলক আইনৰ আওতালৈ অনাৰ প্ৰতিশ্ৰুতি দিছিল নতুন নেতৃত্বই। 

অৱশ্যে এই বিচাৰক লৈ আন্তঃৰাষ্ট্ৰীয় আইন বিশেষজ্ঞসকলৰ মাজত প্ৰশ্নও আছে—আছাদ অনুপস্থিত, ৰাছিয়াত আশ্ৰয়প্ৰাপ্ত, আৰু মৃত্যুদণ্ডৰ ৰায় বাস্তৱত কাৰ্যকৰী কৰাৰ সামৰ্থ্য ছিৰিয়াৰ নতুন চৰকাৰৰ কিমান? সেই প্ৰশ্নৰ উত্তৰ এতিয়াও স্পষ্ট নহয়। অৰ্থাৎ, আদালতৰ ৰায়ে আছাদৰ শাসনৰ বিৰুদ্ধে আইনীভাৱে এক ডাঙৰ অধ্যায় মুকলি কৰিলে, কিন্তু বাশ্বাৰ আল-আছাদ ৰাছিয়াত থকালৈকে এই মৃত্যুদণ্ড বাস্তৱায়িত কৰাটো ছিৰিয়াৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ থাকিব।