প্ৰকৃতিৰ ৰুদ্ৰৰূপ
হিমালয়ৰ উচ্চ শিখৰৰ বৃহৎ হিমবাহস্খলনৰ ফলত নেপাল-তিব্বত সীমান্তত আকস্মিকভাৱে সৃষ্টি হোৱা অভূতপূৰ্ব বান আৰু ভূ-স্খলনে প্ৰকৃতিৰ প্ৰচণ্ড ৰূপৰ সন্মুখত মানুহৰ চৰম অসহায় অৱস্থাক পুনৰবাৰ উদঙাই দেখুৱালে৷ ৪ আগষ্টত নেপালত সংঘটিত হোৱা প্ৰকৃতিৰ ভয়াৱহ তাণ্ডৱে সমগ্ৰ বিশ্বকে গোলকীয় উষ্ণতাৰ প্ৰাদুৰ্ভাৱক পুনৰাই সোঁৱৰাই দিলে৷ প্ৰাপ্ত তথ্য অনুসৰি, এক বৃহদাকায় হিমবাহ খহি পৰাৰ ফলত ভোটে কোশী নদীৰ এখন প্ৰধান উপনৈ লেন্দে খোলা নৈলৈ প্ৰচুৰ পৰিমাণৰ বৰফ আৰু শিলাখণ্ড বাগৰি আহে৷ ইয়াৰ ফলত নদীখনত হঠাতে প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয় আৰু এই ঢৌৰ প্ৰবল সোঁতে পানীৰ লগতে পলস আৰু বৃহৎ পাথৰ তীব্ৰবেগেৰে নামনি অংশলৈ তড়িৎ গতিৰে বোৱাই আনে৷ কেৱল প্ৰায় ৩০ মিনিটৰ ভিতৰতে লেন্দে খোলা নদীৰ নামনি অংশত পানীৰ স্তৰ ৭১ পৰা ৯ মিটাৰলৈ বৃদ্ধি পোৱাত বৃহৎসংখ্যক গাঁও, দলং আৰু দেশখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ জলবিদু্যৎ প্ৰকল্পক নিমিষতে নিশ্চিহ্ন কৰি পেলায়৷ এই অভূতপূৰ্ব প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰায় ৰ,০০০জন লোকৰ প্ৰাণনাশ হোৱাৰ লগতে এতিয়াও কেইবা হাজাৰ লোক সন্ধানহীন হৈ আছে৷ তদুপৰি এই অকল্পনীয় বানে দেশখনৰ কেইবা লাখ লোকক চকুৰ পচাৰতে গৃহহীন কৰি পেলায়৷ হিমালয়ৰ পাদদেশত অৱস্থিত এই দেশখনৰ বহুকেইটা চৰকাৰী সংস্থাৰ লগতে ভাৰত, চীন আদি চুবুৰীয়া ৰাষ্ট্ৰৰ সহযোগিতাৰে এই দুৰ্যোগৰ মোকাবিলা কৰি প্ৰচেষ্টা চলাই থকাৰ সময়তে জলবায়ুৰ ব্যাপক পৰিৱৰ্তনে কিদৰে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি ভয়াৱহতা কঢ়িয়াই আনিছে, সেই সন্দৰ্ভতো নতুন নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ নেপালৰ বান বিভীষিকা অত্যধিক বৰষুণৰ ফলত সৃষ্টি হোৱা সাধাৰণ বান নাছিল৷ পৰিৱেশ বিজ্ঞানীসকলৰ ভাষাত ই আছিল ‘শ্ৰেণীবদ্ধ বিপৰ্যয়’৷ অৰ্থাৎ এটা প্ৰাৰম্ভিক ঘটনাই ইটোৰ পাছত সিটো ভয়াৱহ পৰিঘটনাৰ শৃংখল সৃষ্টি কৰে, যিয়ে এটা সময়ত বৃহৎ দুৰ্যোগৰ ৰূপ লয়৷ নেপালৰ এই ঘটনাই প্ৰমাণ কৰি দিলে যে, এনে শ্ৰেণীবদ্ধ দুৰ্যোগৰ পূৰ্বাভাস দিয়া, ইয়াক প্ৰতিহত কৰা আৰু আত্মৰক্ষা কৰাটো কিমান প্ৰত্যাহ৩ানজনক৷ জলবায়ু পৰিৱৰ্তনৰ ফলত হিন্দুকুশ হিমালয় অঞ্চলত থূপীকৃত হিমবাহসমূহ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে৷ অতিপাত গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ ফলত বিগত ৩০ বছৰতকৈও অধিক সময়ত নেপালৰ বৰফাচ্ছন্ন পৰ্বতসমূহে ইয়াৰ মুঠ বৰফৰ এক তৃতীয়াংশ পৰিমাণৰ বৰফ হেৰুৱাই পেলাইছে৷
ৰাষ্ট্ৰসংঘৰ ২০২৩ চনৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে দুখন বৃহৎ কাৰ্বন নিৰ্গমনকাৰী দেশ– ভাৰত আৰু চীনৰ মাজত অৱস্থিত নেপালৰ হিমবাহসমূহ বিগত দশকটোত ইয়াৰ পূৰ্বৰ দশকসমূহৰ তুলনাত ৬৫ শতাংশ দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰিছে৷ ক্ৰমাৎ বৃদ্ধি পোৱা উত্তাপ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে হিমালয়ৰ বৰফ আৰু বৰফাবৃত্ত ভূমি গলি যোৱাৰ বিষয়ে পৰিৱেশ বিজ্ঞানীসকলে বহু বছৰৰ পৰাই সতৰ্কবাণী প্ৰদান কৰি আহিছে৷ শেহতীয়া বছৰবোৰত ভাৰত, ছুইজাৰলেণ্ড আৰু ইটালীত এনেধৰণৰ হিমবাহস্খলনৰ ফলত বহু প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ ২০২১ চনত উত্তৰাখণ্ডৰ চামোলী উপত্যকাত হিমালয়ৰ বৃহৎ বৰফ এটুকুৰা খহি পৰাৰ ফলত হোৱা বানে ২০০জন লোকৰ প্ৰাণ কাঢ়ি নিছিল৷ বিজ্ঞানীসকলৰ মতে, সেই হিমবাহস্খলনৰ প্ৰভাৱ আছিল ১৫টা পাৰমাণৱিক বোমা বিস্ফোৰণৰ সমতুল্য৷ আনকি যোৱা বছৰতো নেপালত তিব্বতৰ এটা হিমবাহসৃষ্ট হ্ৰদৰ বিস্ফোৰণৰ ফলত সেই একেটা অঞ্চলতে ভয়াৱহ বানৰ সৃষ্টি হৈছিল৷ পৃথিৱীৰ বৰফাচ্ছন্ন অঞ্চলসমূহত এনে দুৰ্যোগৰ পুনৰাবৃত্তি পূৰ্বতকৈ বহু বেছি পৰিমাণে হোৱা পৰিলক্ষিত হৈছে৷ পাৰিপাশ্বিৰ্ক পৰিৱৰ্তনৰ গতি ইমানেই তীব্ৰ হৈছে যে, বৰ্তমানৰ সুৰক্ষা ব্যৱস্থাই ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে৷ নেপালৰ এই আকস্মিক বিধবংসী বানে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা জলবায়ুৰ সমস্যাৰ লগত মোকাবিলা কৰিবলৈ আঞ্চলিক তথা গোলকীয় সহযোগিতাৰ প্ৰয়োজনীয়তাক পুনৰ প্ৰমাণ কৰি দিলে৷ এই বিপৰ্যয়ে জলবায়ুজনিত আশংকা হ্ৰাস কৰিবলৈ আৰু সমগ্ৰ অঞ্চলটোত প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সামূহিক পদক্ষেপ, দুৰ্যোগ নিবাৰণৰ বাবে শক্তিশালী প্ৰস্তুতি আৰু বহনক্ষম আঞ্চলিক সহযোগিতাৰ গুৰুত্বক অতি লক্ষণীয়ভাৱে দাঙি ধৰিছে৷






