কৃত্ৰিম বুদ্ধিমত্তা আৰু মানৱ সভ্যতাৰ বিলুপ্তিৰ বিতৰ্ক
প্ৰতিটো যুগেই নিজৰ বাবে একোটা প্ৰলয় বা ধবংসৰ ছবি আঁকে৷ বিংশ শতিকাৰ মাজভাগত এই ভয় আছিল পাৰমাণৱিক যুদ্ধৰ, একবিংশ শতিকাৰ আৰম্ভণিত এইটো হৈ পৰিল পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়৷ আজিৰ সময়ত সৰ্বাধিক চৰ্চিত অস্তিত্বৰ সংকট হৈছে ডিজিটেল জগতৰ এক সম্ভাৱনা, মানুহৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ ওলাই কৃত্ৰিম বুদ্ধিমত্তাই মানৱ সভ্যতা নিঃশেষ কৰি দিয়াৰ আশংকা৷ কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা মানৱ সভ্যতা ধবংস হোৱাৰ কোনো আসন্ন ভাবুকি সঁচাকৈয়ে আছেনে, নে আমি বাস্তৱিক আৰু তাৎক্ষণিক ক্ষতিক আওকাণ কৰি কোনো সুদূৰ ভৱিষ্যতৰ কাল্পনিক ভয়ত ব্যতিব্যস্ত হৈ আছোঁ? চাঞ্চল্যকৰ প্ৰচাৰ আৰু ৰূপালী পৰ্দাৰ কল্পবিজ্ঞানক আঁতৰাই এই জৰুৰী প্ৰশ্নটোক চালিজাৰি চোৱাৰ প্ৰয়োজন হৈছে৷
উল্লেখ্য যে, অস্তিত্বৰ সংকট বা ‘x-risk’-ৰ ধাৰণাটো যন্ত্ৰই মানুহৰ প্ৰতি বিদ্বেষ বা শত্ৰুভাৱ পোষণ কৰাৰ ওপৰত নিৰ্ভৰশীল নহয়৷ বৰং ই গাণিতিক দক্ষতা আৰু মানৱীয় লক্ষ্যৰ সৈতে তাৰ অমিলৰ [misalignment] ওপৰতহে নিৰ্ভৰ কৰে৷ নিক বষ্ট্ৰম বা জেফ্ৰি হিKI×নৰ দৰে বিশিষ্ট চিন্তাবিদ, গৱেষকৰ উদ্বেগৰ মূল কাৰণ হ’ল যদিহে কৃত্ৰিম বুদ্ধিমত্তা মডেলসমূহৰ স্বতঃস্ফূৰ্ত বিকাশ এইদৰেই চলি থাকে, তেন্তে ই অতি সোনকালে মানৱীয় ধীশক্তি অতিক্ৰম কৰি এক স্বতন্ত্ৰ ছুপাৰ-ইেKI×লিজেKI× ব্যৱস্থাত পৰিণত হ’ব পাৰে আৰু যান্ত্ৰিক সীমাবদ্ধতা তথা নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব৷ যাৰ ফলত যিকোনো মুক্ত বা অনিৰ্দিষ্ট লক্ষ্য পূৰণ কৰিবলৈ এআইয়ে স্বাভাৱিকভাৱেই নিজৰ অস্তিত্ব ৰক্ষা, ক্ষমতা বৃদ্ধি আৰু সম্পদ আহৰণৰ চেষ্টা কৰিব পাৰে৷ তদুপৰি নিউৰেল নেটৱৰ্কত মানুহৰ নৈতিকতা, উদ্দেশ্য আৰু সংবেদনশীলতা নিখুঁতভাৱে প্ৰতিষ্ঠা কৰাটো আজিও সম্ভৱ হোৱা নাই৷ গতিকে ভৱিষ্যতে যদি কোনো স্বতন্ত্ৰ ছুপাৰ ইেKI×লিজেKI× ব্যৱস্থাক অস্পষ্ট লক্ষ্য দিয়া হয়, তেন্তে সেই লক্ষ্য পূৰণৰ বাটত মানুহ নিজেই এক বাধা হিচাপে চিহ্নিত হ’ব পাৰে৷ আনহাতে এই সতৰ্কবাণী প্ৰদানকাৰীসকলৰ মতে, যেতিয়ালৈকে এনে এক স্বতন্ত্ৰ ব্যৱস্থা কোনো বিপজ্জনক পদক্ষেপ ল’বলৈ সক্ষম হৈ উঠিব, তেতিয়ালৈকে মানুহৰ হাতত হয়তো তাক প্ৰতিহত কৰাৰ বা নিয়ন্ত্ৰণ কৰাৰ কোনো উপায় নাথাকিবও পাৰে৷
কিন্তু বহু সতৰ্কবাণী সত্ত্বেও য়ান লেকুন বা টিমনিট গেব্ৰুৰ দৰে বহু কম্পিউটাৰ বিজ্ঞানী আৰু সমাজবিজ্ঞানীয়ে সভ্যতা বিলুপ্তিৰ এই আশংকা অতিৰঞ্জিত আৰু মূল সমস্যাৰ পৰা দৃষ্টি আঁতৰোৱা এক কৌশল বুলি গণ্য কৰে৷ তেওঁলোকৰ মতে বৰ্তমানৰ এআই মডেলসমূহ মূলতঃ সম্ভাৱনীয়তাভিত্তিক সংখ্যাগত পূৰ্বানুমানকাৰী৷ এআইৰ ভাষিক পাৰদৰ্শিতা থাকিলেও চেতনা, প্ৰবৃত্তি বা ভৌতিক শক্তি নাই৷ পৰৱৰ্তী শব্দটো কি হ’ব সেয়া অনুমান কৰা মানে বিশ্ব জয় কৰাৰ হাবিয়াস নহয়৷ আনহাতে, বুদ্ধিমত্তাই কেতিয়াও স্বয়ংক্ৰিয়ভাৱে শক্তিৰ সমতুল্য হৈ নেযায়৷ বাস্তৱ জগতৰ বিদু্যৎ গ্ৰিড, যাতায়াত, উৎপাদন বা গৱেষণাগাৰ পৰিচালনাৰ বাবে ভৌতিক স্পৰ্শ, ৰক্ষণাবেক্ষণ, শক্তি আৰু যোগান শৃংখলৰ প্ৰয়োজন হয়৷ চফ্টৱেৰৰ পৰা পৃথিৱী শাসনলৈ এআইৰ এই কাল্পনিক জাঁপটোৱে ভৌতিক বিজ্ঞানৰ নিয়মক আওকাণ কৰে৷হ্লসমালোচকসকলৰ মতে, সুদূৰ ভৱিষ্যতৰ এই কাল্পনিক প্ৰলয়ৰ ওপৰত অলাগতিয়াল গুৰুত্ব প্ৰদান কৰাৰ মূল উদ্দেশ্য হ’ল বৰ্তমানৰ প্ৰকৃত আৰু ক্ষতিকাৰক আৰ্থ-সামাজিক আৰু পৰিৱেশতান্ত্ৰিক সমস্যাবোৰৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰি কৰা৷হ্ল
গতিকে, কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা কিবা আসন্ন ধবংস নামি অহাৰ সম্ভাৱনা আছেনে? অৰ্থাৎ কালিলৈ বা অহা বছৰতেই পৃথিৱী ধবংস হোৱাৰ দৰে কোনো ঘটনা ঘটিব নেকি? তথ্য আৰু বিজ্ঞানে কয়– নাই৷ বৰ্তমানৰ এআই ব্যৱস্থাসমূহ মানুহৰ ওপৰত, তথ্যৰ ওপৰত আৰু শক্তিৰ ওপৰত গভীৰভাৱে নিৰ্ভৰশীল; ইহঁতৰ কোনো স্বতন্ত্ৰ ইচ্ছা নাই৷ কিন্তু, বিপদ কেৱল কোনো ডিজিটেল একনায়কত্বৰ পৰাই আহিব লাগিব বুলি কথা নাই৷ আমাৰ সমাজৰ সংবেদনশীল ব্যৱস্থাসমূহ– যেনে শক্তি পৰিকাঠামো, বিত্তীয় ব্যৱস্থা, আৰু নিৰাপত্তা ব্যৱস্থা– যদি মানুহে সম্পূৰ্ণৰূপে বুজি নোপোৱা স্বয়ংক্ৰিয় সঁজুলিৰ হাতত সঁপি দিয়ে, তেন্তে এক বৃহৎ অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে৷ গতিকে অযথা আতংক বা অন্ধ আশাবাদ– কোনোটোৱেই ইয়াৰ সমাধান নহয়৷ বৰ্তমানৰ ক্ষতিকাৰক প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰাৰ সমান্তৰালকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ ভেটি যাতে মানৱ সমাজৰ কল্যাণ আৰু নিয়ন্ত্ৰণতেই থাকে, সেয়া নিশ্চিত কৰাটোহে প্ৰকৃত প্ৰত্যাহ৩ান৷






