Logo
image

জাতিগত বৈষম্য নে শিক্ষাৰ চাপ

আ ই আই টিৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পৰাটো বহু শিক্ষাৰ্থীৰ বাবে এটা সপোন৷ সেই সপোন পূৰণ কৰিবলৈ তেওঁলোকে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰে৷ কিন্তু দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান এখনত প্ৰৱেশ কৰাৰ পাছতো যদি এজন শিক্ষাৰ্থীয়ে অসহায় অনুভৱ কৰে, তেন্তে কিছুমান ব্যৱস্থাগত সাল-সলনিৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি৷ 

১৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে আই আই টি বোম্বেত দ্বিতীয় বৰ্ষৰ বি টেকৰ শিক্ষাৰ্থী সাহিল ৱাকোডেৰ মৃত্যু ঘটে৷ পৰীক্ষাগৃহত মোবাইল ফোন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ কেইঘণ্টামান পাছতেই তেওঁক হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়৷ শিক্ষানুষ্ঠানখনৰ প্ৰাৰম্ভিক বক্তব্য অনুসৰি, সাহিলে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ChatGPt ব্যৱহাৰ কৰিছিল৷ অৱশ্যে তেওঁৰ মৃত্যুৰ পৰিস্থিতি আৰু ইয়াৰ সৈতে জড়িত অভিযোগসমূহৰ তদন্ত এতিয়াও চলি আছে৷ 

ঘটনাটোৰ পাছত সাহিলৰ পিতৃ-মাতৃয়ে তেওঁৰ ওপৰত জাতিগত বৈষম্য আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিছে৷ আনহাতে, আই আই টি বোম্বে কতৃৰ্পক্ষই জানিবলৈ দিছে যে সাহিলে তেওঁলোকৰ ওচৰত বা শিক্ষানুষ্ঠানখনৰ অনুসূচিত জাতি-জনজাতি কোষত জাতিগত বৈষম্যৰ কোনো অভিযোগ দাখিল কৰা নাছিল৷ বৰ্তমান গোচৰটোৰ তদন্ত মুম্বাইৰ ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হৈছে৷ 

এই ঘটনাই আমাৰ সন্মুখত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে৷  জাতিগত বৈষম্যৰ অভিযোগক কেনেদৰে বিচাৰ কৰা উচিত আৰু এজন শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যক এই শিক্ষানুষ্ঠানবোৰত কিমান গুৰুত্বসহকাৰে লোৱা হয়? পৰীক্ষাত নকল কৰাৰ দৰে কাৰ্যকলাপৰ শাস্তি কেনেকুৱা হোৱা উচিত? 

সাহিলৰ মৃত্যুৰ পাছত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি [অত্যাচাৰ প্ৰতিৰোধ] আইন, ১৯৮৯ বা SC/ST Act-ৰ অধীনত অভিযোগ ৰুজু হোৱাটোৱে ঘটনাটোক লৈ আন এক বিতৰ্কৰো সৃষ্টি কৰিছে৷ ভাৰতীয় সমাজত জাতিগত বৈষম্যৰ এক দীঘলীয়া ইতিহাস আছে যাক নস্যাৎ কৰিব নোৱাৰি৷ শিক্ষাৰ সুযোগ লাভ কৰিলেই এজন ব্যক্তি সকলোধৰণৰ সামাজিক বৈষম্যৰ পৰা মুক্ত হৈ যায় বুলি ধৰি ল’ব নোৱাৰি৷ উচ্ছশিক্ষাৰ ক্ষেত্ৰতো বৈষম্যৰ অভিযোগ গুৰুত্বসহকাৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে৷ এই আইনখনৰ উদ্দেশ্যই হৈছে অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলক তেওঁলোকৰ সামাজিক পৰিচয়ৰ বাবে সংঘটিত অত্যাচাৰৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰা৷ কিন্তু সাহিলৰ ক্ষেত্ৰত জাতিগত বৈষম্য সংঘটিত হৈছিল নে নাই, সেয়া এতিয়াও তদন্তৰ বিষয়৷ তেওঁৰ পৰিয়ালে জাতিগত অপমান আৰু নিৰ্যাতনৰ অভিযোগ কৰিছে৷ আনহাতে, সংবাদ মাধ্যমৰ আগত একাংশ শিক্ষাৰ্থীয়ে তেওঁলোকে শিক্ষানুষ্ঠানখনত তেনে বৈষম্য প্ৰত্যক্ষ কৰা নাই বুলি জনাইছে আৰু শিক্ষাৰ চাপ তথা মানসিক স্বাস্থ্যৰ বিষয়টোত তেওঁলোকে গুৰুত্ব দিছে৷ সাহিলৰ ঘটনাত কোনবোৰ ধাৰা প্ৰযোজ্য আৰু অভিযোগসমূহৰ সমৰ্থনত কি প্ৰমাণ আছে, সেয়া তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ জৰিয়তেহে নিৰ্ণয় হ’ব৷ 

আই আই টি বোম্বেৰ ফ’ৰামে অধ্যাপক সূৰ্যনাৰায়ণ দুল্লাৰ সমৰ্থনত বক্তব্য ৰাখি কৈছে যে– তেওঁ শৈক্ষিক নিয়ম অনুসৰি নিজৰ দায়িত্ব পালন কৰিছিল৷ আনহাতে, প্ৰতিবাদী শিক্ষাৰ্থীসকলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ তদন্তত জাতিগত বৈষম্য, শৈক্ষিক চাপ বা প্ৰশাসনিক আচৰণৰ ভূমিকা আছিল নে নাই, সেয়া নিৰ্ণয় কৰাটো যথেষ্ট প্ৰয়োজনীয়৷ 

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি, ২০২৩ চনত ভাৰতত ১৩,৮৯২ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যাজনিত মৃত্যু নথিভুক্ত হৈছিল৷ ২০২৪ চনত এই সংখ্যা বৃদ্ধি পাই ১৪,৪৮জ্জ্ব হয়৷  ২০২৪ চনত দেশত নথিভুক্ত মুঠ আত্মহত্যাজনিত মৃত্যুৰ প্ৰায় জ্জ্ব.প্ত শতাংশই আছিল শিক্ষাৰ্থী৷ এই পৰিসংখ্যাই শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ বিষয়টো কিমান গুৰুত্বপূৰ্ণ তাক দেখুৱাইছে৷ সাহিলৰ ক্ষেত্ৰত ই এক জাতিগত অত্যাচাৰ আছিল নে শিক্ষানুষ্ঠানখনৰ পৰিবেশৰ শৈক্ষিক চাপ আছিল তাৰ ওপৰত উচিত তদন্ত হোৱা উচিত আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় তাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাও আছে৷ জাতিগত বৈষম্যৰ অভিযোগে বিষয়টো অধিক স্পৰ্শকাতৰ কৰি তুলিছে লগতে উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যক উপেক্ষা কৰাৰ পৰিণতি যে বিপজ্জনক হ’ব পাৰে শেহতীয়া ঘটনাবোৰে তাকেই প্ৰমাণ কৰিছে৷