Logo
image

এন আৰ চি আৰু ‘কা’ৰ কি হ’ব?

এইবাৰ নিৰ্বাচনত কোনেও বিদেশী বহিষ্কাৰৰ কথা নক’লে৷ ২০১৬ চনৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৬ চনৰ ১৬ মে’ৰ পাছত বিদেশীয়ে টালি-টোপোলা বান্ধি অসম এৰিব লাগিব বুলি কৈছিল৷ সেই কথা কোৱা এতিয়া ৫ বছৰ হ’ব৷ বিদেশীয়ে টালি-টোপোলা লৈ অসম এৰাৰ সেই অতি প্ৰত্যাশিত দৃশ্যটো অসমৰ ৰাইজে নেদেখিলে৷ তাৰপাছত বিজেপি চৰকাৰে ‘কা’ আইন বলৱৎ কৰিলে৷ কোৱা হ’ল হিন্দু বিদেশী দৰকাৰী, মুছলমান বিদেশীহে সমস্যা৷ সমস্যাটোক বিদেশীৰ সমস্যাৰ পৰা মুছলমানৰ সমস্যালৈ ৰূপান্তৰিত কৰা হ’ল৷ তাৰপাছতো বিজেপিয়ে লাভ কৰা ৰাজনৈতিক সমৰ্থনৰ অকণো হীন-দেঢ়ি নঘটিল৷ ২০২১ৰ নিৰ্বাচনত বিদেশী সমস্যাৰ সমস্ত নেৰেটিভটোকেই সলনি কৰি পেলোৱা হ’ল৷ ‘মুছলমানৰ, মোগলৰ বিৰুদ্ধে সভ্যতা ৰক্ষাৰ যুঁজ৷’ ‘নামনি অসম ইতিমধ্যে গ’ল, মধ্য অসম যাওঁ যাওঁ, এতিয়া মাত্ৰ উজনি অসমহে বাকী আছে৷’ ২০২১ চনৰ বিধানসভা নিৰ্বাচনক দুটা সভ্যতাৰ মাজত সংঘাতৰূপে দাঙি ধৰা বিজেপিৰ নেৰেটিভটোৱে আটাইতকৈ অধিক সমৰ্থন আৰু ভোট লাভ কৰিলে৷ বিদেশী বহিষ্কাৰ নহয়৷ চিনাক্তকৰণ হ’ব পাৰেনে? এন আৰ চিৰ প্ৰক্ৰিয়াটোৱে দেখুৱাইছিল ১৯৭১ চনৰ পাছত অহাসকলক, ‘অবৈধ বিদেশীক’ চিনাক্ত কৰিব পাৰি৷ এন আৰ চিৰ প্ৰথমটো খচৰাত ৪০ লাখ অবৈধ বিদেশী চিনাক্ত হোৱাৰ পাছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে উৎফুল্লিত হৈ ঘোষণা কৰিছিল যে যিদৰে অসমৰ ‘ঘুচপেঠিয়া’বোৰক বিচাৰি উলিওৱা হ’ল তেনেদৰে সমগ্ৰ ভাৰতৰ ‘ঘুচপেঠিয়া’বোৰক বিচাৰি উলিওৱা হ’ব৷ তাৰ আগতে হিন্দু ‘ঘুচপেঠিযা’সকলক ‘কা’ বলৱৎ কৰি নাগৰিকত্ব দি লোৱা হ’ব৷ এন আৰ চিৰ চূড়ান্ত খচৰাত বিদেশীৰ সংখ্যা ১৯ লাখলৈ কমি আহিল, বিজেপিয়ে ‘কা’ৰে হিন্দুক নাগৰিকত্ব দিলে আৰু ভাৰতজুৰি এনআৰচি প্ৰস্তুত কৰাৰ কথা ক’লে৷ সমগ্ৰ ভাৰতৰ লগতে পৃথিৱীজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হ’ল৷ কেন্দ্ৰৰ বিজেপি চৰকাৰে ভাৰতজোৰা এনআৰচিৰ পৰিকল্পনা ত্যাগ কৰিবলৈ বাধ্য হ’ল আৰু ‘কা’ আইন বলৱৎ কৰাৰ বাবে প্ৰয়োজনীয় অধিনিয়মসমূহো আজিলৈ প্ৰণয়ন নকৰিলে৷ বাস্তৱক্ষেত্ৰত ‘কা’ও নহ’ল আৰু এন আৰ চিও নহ’ল৷ কিন্তু বিজেপি এই হিন্দুত্বৰ ৰাজনীতিৰ ফলত অসমৰ এন আৰ চিখন গেঁথেলা মাৰিলে৷ লগতে গেঁথেলা মাৰিলে অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ কুচকাৱাজে৷ 

সমগ্ৰ ভাৰতত এন আৰ চি হ’ব বুলি কোৱাৰ লগে লগে পশ্চিম বংগত এটা শ্লোগানে জনপ্ৰিয়তা লাভ কৰিছিল, সেইটো হ’ল– ‘কাগজ আমি দেবো না’ অৰ্থাৎ নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে কোনোধৰণৰ নথি-পত্ৰ মই জমা নিদিওঁ৷ সমগ্ৰ ভাৰতত এন আৰ চিবিৰোধীসকলে এই কথা কৈছিল যে নাগৰিকত্ব প্ৰমাণ  কৰাৰ বাবে কোনো নথিপত্ৰ আমি দাখিল নকৰোঁ৷ এনে এটা ধাৰণা সৃষ্টি হৈছিল যে এন আৰ চিৰ জৰিয়তে বিজেপি চৰকাৰে সংখ্যালঘুসকলক বিশেষকৈ মুছলমানসকলক হাৰাশাস্তি কৰাৰ আৰু তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰাৰ এটা ষড়যন্ত্ৰ মাত্ৰ৷ তেনেদৰে ‘কা’ হ’ল বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ ফচল মাথোন৷ এনেদৰে ‘কা’ আৰু এন আৰ চি বিৰোধিতাৰ মাজত অসমৰ এন আৰ চি যে এটা সম্পূৰ্ণ সুকীয়া প্ৰক্ৰিয়া সেই কথাটো তল পৰি গ’ল৷ বিজেপি-আৰ এছ এছ বিৰোধিতা মানেই ‘কা’ আৰু এন আৰ চিৰ বিৰোধিতা হৈ পৰিল৷ 

অসমৰ সকলো মানুহে নিজৰ ইচ্ছাত এন আৰ চিখনৰ বাবে নিজৰ নথি-পত্ৰ দাখিল কৰিছিল৷ আনকি পূৰ্ববংগীয়মূলৰ মুছলমানসকলেও আগবাঢ়ি আহি নিজৰ নথি-পত্ৰ দাখিল কৰিছিল৷ অসমৰ মানুহৰ সহযোগত এন আৰ চিখন প্ৰস্তুত হৈছিল৷ সমগ্ৰ দেশজুৰি হোৱা এন আৰ চি বিৰোধিতাৰ অসম অংশীদাৰ নাছিল৷ একেদৰে ‘কা’ বিৰোধিতাৰ সময়তো দেখা গৈছিল যে ‘কা’খনে যদি আন সকলোৰে লগতে মুছলমানকো ২০১৪ চনলৈ নাগৰিকত্ব দিলেহেঁতেন, তেনেহ’লে বহুতৰে আপত্তি নাথাকিলহেঁতেন৷ অসমত কিন্তু কথাটো সুকীয়া আছিল৷ অসম চুক্তি অনুসৰি ১৯৭১ৰ পাছত অহা বিদেশীক বহিষ্কৰণ বিচাৰিছিল৷ ‘কা’ বিৰোধিতাৰ ক্ষেত্ৰতো অসম আৰু দেশৰ অৱস্থান সুকীয়া আছিল৷

কেন্দ্ৰৰ বিজেপি চৰকাৰে এতিয়া দেশজুৰি এন আৰ চি নকৰে৷ ‘কা’ আইনখনো যিহেতু মূলতঃ পশ্চিমবংগৰ নিৰ্বাচনলৈ চকু ৰাখিহে প্ৰণয়ন কৰা হৈছিল, গতিকে পশ্চিমবংগৰ নিৰ্বাচনত মুখথেকেচা খোৱাৰ পাছত ‘কা’ বলৱৎ কৰাৰ বাবে অধিনিয়ম প্ৰস্তুত কৰাৰ বাবে বিজেপি বিশেষ আগ্ৰহী হোৱাৰ কোনো কাৰণ নাই৷ 

এনে পৰিস্থিতিত অসমৰ নতুন বিজেপি চৰকাৰখনে অসমত ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱা এন আৰ চিখনৰ বাকী থকা কামখিনি সম্পূৰ্ণ কৰিব পাৰে৷ এন আৰ চিয়ে চিনাক্ত কৰা ১৯ লাখ মানুহৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটো আৰম্ভ কৰি তাক এক গ্ৰহণযোগ্য পৰিসমাপ্তিলৈ নিয়াৰ কামটো চৰকাৰখনে কৰিব পাৰে৷ লগতে ‘কা’খন বেতনিত ঔ পৰিল বসুদেৱায় নমঃ বুলি সামৰি থ’ব লাগে বুলিও কেন্দ্ৰক নতুন চৰকাৰখনে বুজাব পাৰে৷

এন আৰ চিখনে আমাক ১৯৭১ চনলৈ অসমত থকা মানুহখিনিৰ এখন তালিকা দিব৷ পাছত অহা মানুহখিনিক চিনাক্ত কৰাৰ বাবে এটা ভিত্তি তৈয়াৰ কৰিব৷

বিদেশী থাকিব, কাৰণ চৰকাৰে বিদেশী বহিষ্কাৰ কৰিব নোৱাৰে৷ এতিয়াৰ বিজেপি চৰকাৰখনে কৈছে যে হিন্দু বিদেশীখিনি আমাৰ নিজৰ মানুহ৷ গতিকে বাকী থাকিল মুছলমান বিদেশীখিনি৷ বিজেপিৰ মতে মুছলমানৰ দেশী-বিদেশী নাই, সকলোৱেই আমাৰ সভ্যতাৰ প্ৰতি ভাবুকি৷ গতিকে আমি মাৰবান্ধি আমাৰ সভ্যতা ৰক্ষা কৰিব লাগে৷ অসমৰ মানুহে আকৌ এবাৰ বিজেপিক সভ্যতা ৰক্ষাৰ দায়িত্ব দিছে৷

যিখিনি মানুহ অসমত থাকিব তেওঁলোকৰ সৈতে আমি অনন্তকাললৈ সভ্যতা ৰক্ষাৰ যুঁজ-বাগৰ কৰি থাকিম নে তেওঁলোকক লগত লৈ আগবাঢ়িম, সেই সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব অসমৰ শাসন ক্ষমতা কাৰ হাতলৈ যাব৷